ETV Bharat / bharat

Bypoll Results in 6 states : আজি ঘোষণা হ'ব দেশৰ ৬ খন ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 12:39 PM IST

উত্তৰাখণ্ডৰ বাগেশ্বৰ, উত্তৰ প্ৰদেশৰ ঘোচি, কেৰালাৰ পুথুপল্লী, পশ্চিমবংগৰ ধুপগুৰি, ঝাৰখণ্ডৰ ডুমৰী, ত্ৰিপুৰাৰ বাক্সানগৰ আৰু ধনপুৰ সমষ্টিৰ উপ নিৰ্বাচনৰ আজি ফলাফল ঘোষণা কৰা হ'ব । পুৱা ৮ বজাৰ পৰাই ভোটগণনা আৰম্ভ হৈছে ।

Bypoll Results in 6 states
আজি ঘোষণা হ'ব দেশৰ ৬ খন ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল

নেশ্যনেল ডেস্ক,৮ ছেপ্টেম্বৰ : যোৱা ৫ ছেপ্টেম্বৰত দেশৰ ৬ খন ৰাজ্যৰ ৭ টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল । উক্ত ৭ টা সমষ্টি হৈছে ক্ৰমে উত্তৰাখণ্ডৰ বাগেশ্বৰ, উত্তৰ প্ৰদেশৰ ঘোচি, কেৰালাৰ পুথুপল্লী, পশ্চিমবংগৰ ধুপগুৰি, ঝাৰখণ্ডৰ ডুমৰী, ত্ৰিপুৰাৰ বাক্সানগৰ আৰু ধনপুৰ । ৬ খন ৰাজ্যৰ এই সমষ্টিকেইটাৰ উপ নিৰ্বাচনৰ ফলাফল শুকুৰবাৰে অৰ্থাৎ আজি ঘোষণা কৰা হ'ব ।

সংশ্লিষ্ট ৰাজ্যসমূহত স্থাপন কৰা কেন্দ্ৰসমূহত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে । এই উপ নিৰ্বাচনৰ ফলাফল শাসক বিৰোধীৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এন ডি এৰ বিৰুদ্ধে বিৰোধী মিত্ৰজোঁটৰ অগ্নিপৰীক্ষা হিচাপে দেখা গৈছে এই নিৰ্বাচনৰ ফলাফল । যাৰ প্ৰভাৱ আগন্তুক ৰাজ্যিক নিৰ্বাচন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পৰিব বুলিও আশা কৰা হৈছে ।

কিছুমান সমষ্টিত, বিশেষকৈ উত্তৰ প্ৰদেশৰ ঘোচি আৰু ঝাৰখণ্ডৰ ডুমৰীত বিৰোধী মিত্ৰজোঁটৰ এক ঐক্যবদ্ধ মৰ্চা দেখা গৈছে । এই ৭ টা সমষ্টিৰ ভিতৰত ৩ টা পূৰ্বে বিজেপিৰ দখলত আছিল আৰু সমাজবাদী পাৰ্টি, চিপিআই(এম), জেএমএম আৰু কংগ্ৰেছৰ হাতত এটাকৈ সমষ্টি আছিল । সমাজবাদী পাৰ্টিৰ বিধায়ক দাৰা সিং চৌহানৰ পদত্যাগৰ পাছত উত্তৰ প্ৰদেশৰ ঘোচি আসনখন খালী হৈ পৰে ।

২.৯৮ লাখ ভোটাৰৰ প্ৰায় ৬৪.৮৪ শতাংশই মঙলবাৰে ঝাৰখণ্ডৰ ডুমৰী বিধানসভাৰ উপ-নিৰ্বাচনত ভোটদান কৰে । নিৰ্বাচন আয়োগৰ এগৰাকী বিষয়াৰ মতে ভোটদানৰ হাৰ ২০১৯ চনতকৈ কিছু কম আছিল । সমষ্টিটোৰ পৰা ৩ গৰাকী নিৰ্দলীয়সহ ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।

  • #WATCH | Jalpaiguri, West Bengal: Security tightened as the counting for the Dhupguri Assembly by-polls to begin shortly.

    (Visuals from Netaji Subhas Open University) pic.twitter.com/g9GPdtxPOK

    — ANI (@ANI) September 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ ধুপগুৰি বিধানসভাৰ উপ-নিৰ্বাচনত সন্ধিয়া ৭ বজালৈকে প্ৰায় ৮০ শতাংশ ভোটদান সম্পন্ন হৈছিল । নিৰ্বাচনী বিষয়াৰ মতে বিধানসভা সমষ্টিটোত ২.৬ লাখ ভোটাৰ আছে । অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ধূপগুৰি বিধানসভা সমষ্টিত প্ৰায় ৫০ শতাংশ ৰাজবংশী আৰু ১৫ শতাংশ সংখ্যালঘু লোক আছে । বিজেপিয়ে ২০২১ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত তৃণমূলৰ হাতৰ পৰা এই আসনখন কাঢ়ি লৈছিল ।

উত্তৰাখণ্ডৰ বাগেশ্বৰ বিধানসভা আসনৰ উপ-নিৰ্বাচনত প্ৰায় ৫৫.৪৪ শতাংশ ভোটদান হৈছিল । চলিত বৰ্ষৰ এপ্ৰিল মাহত অসুস্থতাৰ বাবে পুষ্কৰ সিং ধামী মন্ত্ৰীসভাৰ অন্যতম সদস্য তথা বিজেপি বিধায়ক চন্দন ৰাম দাসৰ মৃত্যু হৈছিল । যাৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হয় । উপ-নিৰ্বাচনত মুঠ ৫ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায় । ৰাম দাসে ২০০৭ চনত এই আসনখনত প্ৰথমবাৰৰ বাবে জয়ী হয় আৰু তেতিয়াৰ পৰা তেওঁ একেৰাহে ৪ টা নিৰ্বাচনত জয়ী হৈ আহিছিল ।

উত্তৰ প্ৰদেশৰ ঘোচি বিধানসভাৰ উপ-নিৰ্বাচনত ৫০.৩০ শতাংশতকৈও অধিক ভোটদান হৈছিল । ঘোচি উপ-নিৰ্বাচনত মুঠ ১০ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । ত্ৰিপুৰাৰ চিপাহিজালা জিলাৰ ধনপুৰ আৰু বাক্সানগৰ বিধানসভা আসনৰ উপ নিৰ্বাচনত গড় ভোটদান ৭৬ শতাংশ আছিল । ধনপুৰ বিধানসভা সমষ্টিৰ ৫৯ টা আৰু বাক্সানগৰৰ ৫১ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ।

৭ মাহ পূৰ্বে অনুষ্ঠিত বিধানসভা নিৰ্বাচনত বিজেপিয়ে প্ৰথমবাৰৰ বাবে এই আসনখনত জয়ী হৈছিল । কংগ্ৰেছ আৰু টিপ্ৰা মোথাই এই দুখন আসনৰ উপ নিৰ্বাচনৰ বাবে তেওঁলোকৰ প্ৰাৰ্থী প্ৰদান কৰা নাই । চিপিআই(এম)ৰ বিধায়ক সমছুল হকৰ মৃত্যুৰ বাবে বাক্সানগৰ সমষ্টিত উপ-নিৰ্বাচন হয় । কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে ধনপুৰৰ পৰা বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পাছত উপ-নিৰ্বাচন অনুষ্ঠিত হয় ।

আনহাতে কেৰালাৰ কোট্টায়াম জিলাৰ পুথুপল্লী বিধানসভা আসনৰ উপ-নিৰ্বাচনত মুঠ ১.৭৬ লাখতকৈও অধিক ভোটাৰে ভোটদান কৰে । কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমেন চাণ্ডিৰ মৃত্যুৰ পাছত এই আসনখন খালী হয় । উপ-নিৰ্বাচনত ক্ষমতাত থকা কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া-মাৰ্ক্সবাদী (চিপিআই-এম) আৰু বিৰোধী কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱা দেখা গৈছে ।

লগতে পঢ়ক :Dahi Handi festival: পৰম্পৰাগত দধি-হাণ্ডি কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুম্বাইত 77 গৰাকী আহত, থানেত আহত 11 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.