ETV Bharat / bharat

ইণ্ডিগোক 1.20 কোটি টকাৰ জৰিমনা বিমান পৰিবহন সুৰক্ষা ব্যুৰৰ

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 10:04 AM IST

Mumbai airport incident : ইণ্ডিগো আৰু মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডলৈ জাননী জাৰি অসামৰিক বিমান পৰিবহন সুৰক্ষা ব্যুৰ’ চমুকৈ বি চি এ এছৰ ৷ নিয়ম উলংঘাৰ বাবে ইণ্ডিগোক 1.20 কোটি আৰু মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেড অপাৰেটৰক 30 লাখ টকা জৰিমনা বি চি এ এছৰ ৷

bureau of civil aviation security fins rs 1.20 crore on indigo
ইণ্ডিগোক 1.20 কোটি টকাৰ জৰিমনা বিমান পৰিবহন সুৰক্ষা ব্যুৰৰ

নিউজ ডেস্ক, 18 জানুৱাৰী : সোমবাৰে মুম্বাই বিমানবন্দৰত এখন ৰখাই থোৱা বিমানৰ পৰা যাত্ৰীয়ে নামি গৈ বিমান পাৰ্কিং স্থানত খাদ্য গ্ৰহণ কৰা দৃশ্য ভাইৰেল হোৱাৰ পাচতে ইণ্ডিগো আৰু মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডলৈ জাননী জাৰি কৰিছে অসামৰিক বিমান পৰিবহন সুৰক্ষা ব্যুৰ’ চমুকৈ বি চি এ এছে ৷ লগতে নিয়ম উলংঘাৰ বাবে বি চি এ এছে ইণ্ডিগোক 1.20 কোটি টকা আৰু মুম্বাই বিমানবন্দৰ অপাৰেটৰ চমুকৈ এম আই এ এলক 60 লাখ টকাৰ জৰিমনা বিহিছে ৷

ইয়াৰ উপৰি বিমান সুৰক্ষা নিৰীক্ষণকাৰী সংস্থা অসামৰিক বিমান পৰিবহন সঞ্চালকালয় চমুকৈ ডি জি চি এ একেটা ঘটনাৰ বাবে বিমানবন্দৰ সুৰক্ষা সম্পৰ্কীয় নীতি উলংঘাৰ বাবে এম আই এ এলৰ ওপৰত 30 লাখ টকাৰ জৰিমনা আৰোপ কৰে ৷

ঘটনা অনুসৰি, দেওবাৰে 6 E 2195 নম্বৰৰ এখন ইণ্ডিগোৰ বিমান গোৱাৰ পৰা দিল্লীলৈ উৰা মাৰিছিল ৷ কিন্তু ঘন কুঁৱলী আৰু কম দৃশ্যমানতাৰ বাবে দিল্লীত অৱতৰণ নকৰি মুম্বাইৰ বিমানবন্দৰত অৱতৰণ কৰিছিল ইণ্ডিগোৰ বিমানখন ৷ তাৰ পাচতে ঘন্টাৰ পাচত ঘন্টা ধৰি বিমানখন মুম্বাই বিমানবন্দৰতে আৱদ্ধ হৈ আছিল ৷ সেয়ে অতিষ্ঠ যাত্ৰীসকলে বিমানখনৰ পৰা নামি বিমান পাৰ্কিং স্থানলৈ ওলাই আহে ৷ কিছু যাত্ৰীয়ে বিমানখনৰ কাষতে বহি আহাৰ গ্ৰহণ কৰিছিল আন কিছু যাত্ৰীয়ে কথা পতাত মগ্ন আছিল ৷ সেই দৃশ্যসমূহ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাচতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসামৰিক বিমান পৰিবহন সুৰক্ষা ব্যুৰ’ই ৷

ইফালে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে শীঘ্ৰে প্ৰতিবেদন দাখিল কৰিবলৈও তদন্তকাৰী বিষয়াক নিৰ্দেশ দিছে বিমান পৰিবহন সুৰক্ষা ব্যুৰ চমুকৈ বি চি এ এছে ৷

লগতে পঢ়ক : অযোধ্য়াত বোমা বিস্ফোৰণৰ ভাবুকি, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.