BSF raid in Tripura: ২০২১ চনত ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় ৩৬ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী

author img

By

Published : Jan 25, 2022, 8:55 PM IST

BSF raid in Tripura

ত্ৰিপুৰাৰ সীমান্তত ড্ৰাগছ, নিচাজাতীয় দ্ৰব্য, চোৰাং গৰু সৰবৰাহকাৰী আদিৰ বিৰুদ্ধে বিএছএফৰ অভিযান অব্যাহত আছে (BSF forces raid in Tripura border)। ২০২১ চনত বিএছএফয়ে ত্ৰিপুৰা সীমান্তত প্ৰায় ৩৫.৬৪ কোটি টকাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰু অনুপ্ৰৱেশৰ চেষ্টা চলোৱা ২২১ গৰাকী লোকক আটক কৰিছে বিএছএফয়ে ।

আগৰতলা,২৫ জানুৱাৰী : দেশৰ সীমান্তত প্ৰতিটো মুহূৰ্ততে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) সক্ৰিয় হৈ আছে । ফলস্বৰূপে সীমান্তত প্ৰতিদিনে নিষিদ্ধ সামগ্ৰী উদ্ধাৰ হৈ আছে (BSF forces raid in Tripura border)। ত্ৰিপুৰা সীমান্ততো সীমান্ত সুৰক্ষা বাহিনীয়ে বহু অভিযান চলাই ড্ৰাগছ, গাঞ্জা আদিকে ধৰি নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ২০২১ চনত বিএছএফয়ে ত্ৰিপুৰা সীমান্তত প্ৰায় ৩৫.৬৪ কোটি টকাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰু অনুপ্ৰৱেশৰ চেষ্টা চলোৱা ২২১ গৰাকী লোকক আটক কৰিছে বিএছএফয়ে ।

২০২১ চনত ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় ৩৬ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী

এক সংবাদ মেল সম্বোধন কৰি সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) মহাপৰিদৰ্শক সুশান্ত কুমাৰ নাথে কয় যে ২০২১ বৰ্ষত বিএছএফে ৩.৮১ কোটি টকাৰ ৮৮,৪১৭ টা নিচাযুক্ত টেবলেট, ৯.৩৪ কোটি টকাৰ ১৩,২০৯.৯৯ কিলোগ্ৰাম শুকান গাঞ্জা, ৭৮.৩২ লাখ টকাৰ ফেঞ্চিডাইল আৰু ৪৮,২০০ কফ চিৰাপৰ বটল, ১৫.৯৩ লাখ টকাৰ ৮,৯৩৯ টা সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰিও ২.৫২ কোটি টকাৰ ২,৪২২ টা চোৰাং গৰু আৰু বৃহৎ সংখ্যক অন্যান্য সামগ্ৰী যেনে ৪১.৮৪ লাখ টকাৰ ঔষধ, ৭৫.৪৫ লাখ টকাৰ ১৬,১৬৫ পোছাক আৰু ১৭.৭৮ কোটি টকাৰ বিভিন্ন নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে ।

তেওঁ লগতে কয় যে সীমান্ত সুৰক্ষা বাহিনীয়ে অবৈধভাৱে সীমান্ত অতিক্ৰম কৰাৰ চেষ্টা কৰাৰ সময়ত ৯৭ জন বাংলাদেশী নাগৰিক আৰু ১১৮ জন ভাৰতীয় নাগৰিক আৰু আন ৬ জন বিদেশী নাগৰিককে ধৰি মুঠ ২২১ জন লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ২০২০ চনৰ তুলনাত এই সংখ্যা অধিক । অৱশ্যে ২০১৯ চনত আটক হোৱা অনুপ্ৰৱেশকাৰীৰ সংখ্যা যোৱা বছৰ প্ৰায় সমান ।

বিষয়াগৰাকীৰ মতে ক'ভিড মহামাৰীৰ বাবে ২০২০ চনত অনুপ্ৰৱেশৰ কাৰ্যকলাপ কিছু কম আছিল । আনহাতে বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধেও বিএছএফয়ে অভিযান অব্যাহত ৰাখিছে । ইফালে এনএফএলটি (বিএম) সংগঠনৰ ৬ জনকৈ সক্ৰিয় বিদ্ৰোহীয়ে ২০২১ চনত বিএছএফৰ ওচৰত আত্মসমৰ্পণ কৰিছে । ইয়াৰ লগে লগে বিএছএফৰ ওচৰত আত্মসমৰ্পণ কৰা মুঠ বিদ্ৰোহীৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি পাইছে ।

বিএছএফৰ শীৰ্ষ বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে সীমান্তত আইবিবি ফেঞ্চিঙৰ কামো প্ৰায় সম্পূৰ্ণ কৰাৰ লগতে বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰিছে । একেদৰে, এছ.আৰ.এফ.ৰ কাম দ্ৰুতগতিত চলি আছে । সীমান্ত অঞ্চলত চোৰাং ব্যৱসায় আৰু অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে স্মাৰ্ট চাৰ্ভিলেঞ্চ চিষ্টেম স্থাপনৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে ।

মহাপৰিদৰ্শকগৰাকীৰ মতে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা সীমান্ত সুৰক্ষা বাহিনীয়ে ক'ভিড মহামাৰীৰ প্ৰতিৰোধৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । সীমান্তৱৰ্তী গাঁওসমূহৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লগতে চেনিটাইজেশ্যন আৰু অন্যান্য সামগ্ৰী বিতৰণ কৰিছে বিএছএফ বাহিনীয়ে ।

লগতে পঢ়ক :Tripura police destroy cannabis plants: ত্ৰিপুৰাত কেইবালাখ টকাৰ গাঞ্জা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.