ঘৰৰ মালিকৰ পত্নী-কন্যাক ধৰ্ষণ কৰাৰ লগতে দুবছৰ ধৰি ব্লেকমেইল

author img

By

Published : Sep 27, 2022, 7:14 AM IST

brothers-rape-and-blackmail-house-owners-wife-and-daughter-in-vadodara

বদোদৰাৰ আৰক্ষী অধীক্ষক এ ভি ৰাজগৰে এক সংবাদমেলত উল্লেখ কৰা অনুসৰি, ধৃত অভিযুক্ত দুটাই প্ৰায় দুবছৰ ধৰি এগৰাকী মহিলা আৰু তেওঁৰ নাবালিকা কন্যাক ধৰ্ষণ কৰি আহিছিল (Two arrested accused raped woman) ।

নেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ: গুজৰাটৰ বদোদৰা জিলাত সংঘটিত এক নাৰী নিৰ্যাতনজনিত ঘটনাই এতিয়া সকলোকে কৰি তুলিছে লজ্জানত (Violence against women) ৷ এই ঘৃণনীয় ঘটনাৰ লগত জড়িত দুটা অপৰাধীক ইতিমধ্যে বদোদৰা মহানগৰীৰ গোত্ৰী থানাৰ অন্তৰ্গত এটা অঞ্চলৰ পৰা আটক কৰিছে (Two arrested accused raped woman) ৷

অভিযোগ অনুসৰি ধৃত দুই অপৰাধীয়ে প্ৰায় দুবছৰ ধৰি ঘৰৰ মালিকৰ পত্নী আৰু তেওঁৰ নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ লগতে কৰি আহিছিল ব্লেকমেইল ৷ শনিবাৰে ঘৰৰ মালিকে এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে উল্লেখ কৰিলে, অভিযুক্ত দুজনে তেওঁৰ ঘৰত বিগত সময়চোৱাত ভুৱা নামেৰে বসবাস কৰি আহিছিল ।

বদোদৰাৰ আৰক্ষী অধীক্ষক এ ভি ৰাজগৰে এক সংবাদমেলত কয় যে, দুই অভিযুক্ত ইকবাল আনছাৰী আৰু মহোৰাম আনছাৰী সম্পৰ্কত ককাই ভাই ৷ ইয়াৰে ইকবাল নামৰ অপৰাধীটোৱে ২০২০ চনতে মালিকৰ ঘৰত মনে মনে প্ৰৱেশ কৰি ঘৰৰ মালিকনীয়ে গা ধুই থকাৰ ভিডিঅ’ কেমেৰাত বন্দী কৰিছিল (Accused captured video of women bathing) ।

ইয়াৰ পিছতে ইকবাল আৰু তাৰ ভাতৃ মহোৰামে ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকি প্ৰদানেৰে মহিলাগৰাকীক একেধাৰে ধৰ্ষণ কৰি আহিছিল । ২০২১ চনৰ অক্টোবৰ মাহত ঘৰত কোনো নথকাৰ সময়ত ইকবালে ভিডিঅ’টো ভুক্তভোগী মহিলাগৰাকীৰ ১৬ বছৰীয়া কন্যাক দেখুৱাই আৰু নাবালিকাগৰাকীক বিবাহ আৰু যৌন সম্পৰ্কৰ বাবে হেঁচা প্ৰয়োগ কৰে ।

আনহাতে ইকবালৰ ভাতৃ মহোৰামে এই বিষয়ে জানিব পাৰি ৰেকৰ্ডিং কৰা ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি সিও নাবালিকাগৰাকীক ধৰ্ষণ কৰিবলৈ আৰম্ভ কৰে । ধৃত দুই অভিযুক্তই এনেদৰেই প্ৰায় দুবছৰ ধৰি ভাবুকি প্ৰদানেৰে দুই ভুক্তভোগীক ধৰ্ষণ কৰি আহিছিল ।

ইয়াৰ মাজতে নাবালিকাগৰাকীয়ে গৰ্ভধাৰণ কৰাৰ কথা জানিব পাৰি দুমাহৰ পিছত গৰ্ভপাতৰ ঔষধ খুৱাই । ইকবালে আনি দিয়া গৰ্ভপাতৰ ঔষধ সেৱনৰ ফলত অসুস্থ হৈ পৰাত নাবালীকাগৰাকীক ততাতৈয়াকৈ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ নাবালীকাগৰাকী চিকিৎসাধীন হোৱাৰ পাছতহে ১৭ ছেপ্টেম্বৰত নাবালীকাৰ পিতৃয়ে এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হয় ।

ইতিমধ্যে আৰক্ষীয়ে POCSO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰাৰ লগতে চিকিৎসালয়ত দুই ভুক্তভোগীৰ পৰীক্ষাৰ সম্পন্ন কৰিছে ।

লগতে পঢ়ক: মুম্বাইলৈ কামৰ সন্ধানত যোৱা অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.