ETV Bharat / bharat

যৌতুকৰ ধন দিবলৈ ভগ্নীৰ প্ৰেমিকক অপহৰণ

author img

By

Published : Jul 14, 2021, 1:58 PM IST

যৌতুকৰ বিৰুদ্ধে এখন সংগ্ৰাম ৷ বিয়াৰ পূৰ্বে যৌতুকৰ ধন দিবলৈ স্বয়ং ভগ্নীৰ প্ৰেমিকক কৰিলে অপহৰণ ৷ এই অপহৰণ কাণ্ডই এতিয়া আমোদ দিছে সকলোকে ৷ ভগ্নীৰ প্ৰেমিকৰ মুক্তিপণ দাবী কৰি পোৱা ধনেৰে দিব যৌতুক ৷ এই পৰিকল্পনা আছিল প্ৰেমিকাৰ ভাতৃৰ ৷ পিছে মুক্তিপণৰ ধন আনিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’বলগীয়া হয় ভাতৃ ৷

ভগ্নীৰ যৌতুকৰ বাবে প্ৰেমিককে অপহৰণ কৰিলে ভাতৃয়ে
ভগ্নীৰ যৌতুকৰ বাবে প্ৰেমিককে অপহৰণ কৰিলে ভাতৃয়ে

নেশ্যনেল ডেস্ক, 14 জুলাই : উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছে এক ৰোমাঞ্চকৰ অপহৰণৰ ঘটনা ৷ এজন ভাতৃয়ে ভগ্নীৰ প্ৰেমিকক অপহৰণ কৰি দাবী কৰিছিল মুক্তিপণৰ । উদ্দেশ্য আছিল মুক্তিপণৰ ধন লাভ কৰিব আৰু সেই ধনেৰে ভগ্নীৰ বিয়াৰ যৌতুক দিব । কিন্তু মুক্তিপণৰ ধন আনিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’বলগীয়া হয় ভাতৃ ৷

এই অপহৰণৰ ঘটনাটো সংঘটিত হৈছিল গাজিয়াবাদৰ খোদা অঞ্চলত ৷ 12 জুলাইত কেতন নামৰ যুৱকজনৰ সন্দেহজনক অৱস্থাত নিৰুদ্দেশ হৈছিল । কেতনৰ পৰিয়ালে মুক্তিপণৰ বাবে ফোন লাভ কৰাৰ পাছতেই আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ।

ভগ্নীৰ যৌতুকৰ বাবে প্ৰেমিককে অপহৰণ কৰিলে ভাতৃয়ে
ভগ্নীৰ যৌতুকৰ বাবে প্ৰেমিককে অপহৰণ কৰিলে ভাতৃয়ে

ইফালে পৰিয়ালৰ সদস্যসকলে 13 জুলাইৰ সন্ধিয়া মুক্তিপণৰ ধন লৈ নয়ডাৰ সমীপৱৰ্তী উক্ত স্থানত উপস্থিত হয় । ঘটনাস্থলীত পূৰ্বৰে পৰা চোপ লৈ আছিল আৰক্ষী ৷ মুক্তিপণ লোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে অপহৰণকাৰীক ।

আৰক্ষীয়ে অভিযুক্তজনক জিম্মাত লৈ সোধা-পোছা কৰা সময়ত পোহৰলৈ আহে প্ৰকৃত ঘটনা ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা তিনিজন অভিযুক্তক আটক কৰিছিল যিয়ে জেৰাৰ পিছত আৰক্ষীৰ আগত গজেন্দ্ৰ পৰিকল্পনাটোৰ মূল অভিযুক্ত আছিল বুলি স্বীকাৰ কৰে । অপহৃত কেতন নামৰ যুৱকজনে গজেন্দ্ৰৰ ভনীয়েকক ভাল পায় । দুয়ো বিবাহপাশতো আৱদ্ধ হ’ব বিচাৰে ।

কিন্তু গজেন্দ্ৰই এই বিষয়ে সকলো জনাৰ পাছত ভগ্নীৰ সৈতে হোৱা কথোপকথনত কেতনৰ বিষয়ে বহুত তথ্য লাভ কৰে ৷ ইয়াৰে সুযোগ লৈ দুদিন আগতে গজেন্দ্ৰই কেতনক অপহৰণ কৰে । আনহাতে জানিব পৰা অনুসৰি গজেন্দ্ৰই তেওঁৰ ভনীয়েকক কেতনৰ সৈতে বিয়া দিয়াত ইচ্ছা কৰা নাছিল । তেওঁ মুক্তিপণৰ ধনেৰে ভনীয়েকৰ আন ঠাইত বিয়া কৰাবলৈ পৰিকল্পনা কৰিছিল ।

লগতে পঢ়ক : পুলৱামাত এনকাউণ্টাৰ: এলইটিৰ কামাণ্ডাৰসহ তিনি উগ্ৰপন্থী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.