ETV Bharat / bharat

Bomb Defused in Siwan: গোৱালিয়ৰ এক্সপ্ৰেছত উদ্ধাৰ হোৱা বোমা নিষ্ক্ৰিয়

author img

By

Published : Mar 26, 2023, 9:57 PM IST

বিহাৰৰ ছিৱানত পাটনাৰ পৰা অহা এটা বিশেষ দলে এটা বোমা নিষ্ক্ৰিয় কৰে ৷ ২২ মাৰ্চত, জিআৰপিৰ দলে ১১১২৩ নম্বৰৰ গোৱালিয়ৰ-বাৰাউনি এক্সপ্ৰেছত উদ্ধাৰ কৰে বোমাটো ৷ বোমাটোত ২০ কিলোগ্ৰাম বিস্ফোৰক ব্যৱহাৰ কৰাৰ খবৰ পোৱা গৈছে (Bomb Defused in Siwan)৷

Bomb Defused in Siwan
ছিৱানত গোৱালিয়ৰ এক্সপ্ৰেছত উদ্ধাৰ হোৱা বোমা নিষ্ক্ৰিয়

নিউজ ডেস্ক, 26 মাৰ্চ: বিহাৰৰ ছিৱানত পাটনাৰ পৰা অহা এটা বিশেষ দলে এটা বোমা নিষ্ক্ৰিয় কৰে ৷ ২২ মাৰ্চত, জিআৰপিৰ দলে ১১১২৩ নম্বৰৰ গোৱালিয়ৰ-বাৰাউনি এক্সপ্ৰেছত সুৰাৰ বিৰুদ্ধে তালাচী চলোৱাৰ সময়ত বোমাটো উদ্ধাৰ কৰে ৷ বোমাটোত ২০ কিলোগ্ৰাম বিস্ফোৰক ব্যৱহাৰ কৰাৰ খবৰ পোৱা গৈছে (Explosives In Gwalior Express)৷

সূত্ৰ অনুসৰি, কোনো দুষ্কৃতিকাৰীয়ে ভয়ংকৰ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিবলৈ এই বিস্ফোৰক সমূহ আনিছিল ৷ এই তথ্য পোৱাৰ লগে লগে পাটনাৰ এটিএছৰ এটা দল শুকুৰবাৰে নিশা উপস্থিত হয় আৰু গোপনে অনুসন্ধান কৰি উভতি আহে ৷ ইয়াৰ পাছতে পাটনা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত জিআৰপি আৰু আৰপিএফে এটা বিশেষ দলৰ উপস্থিতিত বোমা তৈয়াৰ কৰা বিস্ফোৰক সমূহ সুৰক্ষিতভাৱে বিস্ফোৰিত কৰি নিস্ক্ৰিয় কৰে (Bomb Diffused In Siwan) ৷

যদি এই বিস্ফোৰণ ৰেলখনৰ ভিতৰত ঘটিলহেঁতেন, বহুলোকে প্ৰাণ হেৰুৱালেহেঁতেন ৷ ইয়াত ইমান বাৰুদ আছিল যে ৰেলখনকে ধৰি সমগ্ৰ ষ্টেচনটোও নিমিষতে ধ্বংস হোৱাৰ প্ৰৱল সম্ভাৱনা আছিল ৷ কিন্ত সুথৰ কথা যে, জি.আৰ.পি.-য়ে সময়মতে বিস্ফোৰকবোৰ চিনাক্ত কৰিছিল আৰু সুৰক্ষিত ভাৱে পদক্ষেপ লৈছিল আৰু ইয়াক জনসমাগমৰ পৰা আতঁৰলৈ লৈ যোৱা হৈছিল ৷ বিস্ফোৰক সমূহ ইমানেই শক্তিশালী আছিল যে, বোমা নিস্ক্ৰিয় কৰোঁতে হোৱা বিস্ফোৰণৰ শব্দ বহু দূৰলৈকে শুনা গৈছিল লগতে, বহু উচ্চতালৈ যোৱা জুই আৰু ধোঁৱাও দূৰৈৰ পৰাই দেখা পোৱা গৈছিল (Bihar Crime News) ৷

তথ্য লাভ কৰাৰ পিছত, বোমা নিষ্ক্ৰিয় কৰিবলৈ এটা বোমা নিষ্ক্ৰিয়কাৰী দল সন্ধিয়া চিৱানত উপস্থিত হয় ৷ কাৰ্যালয় দণ্ডাধীশ ৰবি কুমাৰ, আৰক্ষী বিষয়া সুধীৰ কুমাৰ সিং আৰু মুজাফৰপুৰৰ বোমা নিষ্ক্ৰিয়কাৰী দলে দণ্ডাধীশ হিচাপে বিস্ফোৰকবোৰ পৰিদৰ্শন কৰিছিল ৷ তাতেই তেওঁলোকে ইয়াক নিষ্ক্ৰিয় কৰাৰ পৰিকল্পনা কৰে ৷ তাৰ পাছত এই লোকসকলৰ তত্বাৱধানত, নিশা বোমাটো নিষ্ক্ৰিয় কৰা হয় (Bomb found from Gwalior Express)৷

২২ মাৰ্চত, চিৱানত বিৰুদ্ধে তালাচী চলোৱাৰ সময়ত, জিআৰপিৰ হাবিলদাৰে ৰেলখনৰ পৰা ২০ কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ কৰিছিল, লগে লগে আৰক্ষী বিভাগত হূলস্থুলৰ সৃষ্টি হৈছিল। তথ্য পোৱাৰ লগে লগে বোমা নিষ্ক্ৰিয়কাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু বোমাটো জব্দ কৰে ৷ শুক্ৰবাৰে সন্ধিয়া, এটিএছৰ দলে আৰম্ভ কৰিছিল অনুসন্ধান ৷ ইয়াৰ আঁৰত সন্ত্ৰাসবাদীৰ হাত থকাৰ আশংকা কৰা হৈছে ৷ একে সময়তে, চিৱানত এটা ডাঙৰ ঘটনা সংঘটিত কৰাৰ কোনো ষড়যন্ত্ৰ কৰা হৈছিল নেকি সেয়াও অনুসন্ধান কৰা হৈছে ৷ শনিবাৰে আদালতৰ নিৰ্দেশ পোৱাৰ পিছত, জিআৰপি ডিএছপিৰ সৈতে বোমা নিষ্ক্ৰিয়কাৰী দলে আবেলি বোমাটো নিষ্ক্ৰিয় কৰিবলৈ প্ৰেৰণ কৰে ৷

শনিবাৰে, পাটনা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত, বোমা নিষ্ক্ৰিয়কাৰী দলটোক পুনৰ চিৱানলৈ প্ৰেৰণ কৰা হয় আৰু বোমাটো নিষ্ক্ৰিয় কৰিবলৈ কোৱা হয় ৷ একে সময়তে, বিশেষ দলটোৰ সৈতে ছপ্ৰা চিৱান আৰু এটিএছ দলৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত আছিল ৷ নিশা সুৰক্ষিত অৱস্থাত পাকৱালিয়াৰ মাজেৰে যোৱা নদীৰ ওচৰত বোমাটো নিষ্ক্ৰিয় কৰা হয় ৷

লগতে পঢ়ক:Pro Khalistani Supporters Attack Journalist : ৱাশ্বিংটনত ভাৰতীয় সাংবাদিকক আক্ৰমণ খালিস্তানী সমৰ্থকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.