ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ সৌৰ বিস্ফোৰক সামগ্ৰী নিৰ্মাণকাৰী প্ৰকল্পত বিস্ফোৰণত 9 জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 2:14 PM IST

মহাৰাষ্ট্ৰৰ নাগপুৰ(Nagpur) জিলাৰ বজাৰগাঁও গাঁওস্থিত সৌৰ বিস্ফোৰক সামগ্ৰী নিৰ্মাণকাৰী কোম্পানীত বিস্ফোৰণৰ ঘটনা (Blast at solar explosives manufacturing company)৷ সৌৰ বিস্ফোৰক কোম্পানীৰ কাষ্ট বুষ্টাৰ প্ৰকল্পত পেকিং কৰাৰ সময়ত হয় এই বিস্ফোৰণ ৷ এই ঘটনাত 9 জন লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷

Blast at solar explosives manufacturing company in Nagpur
নাগপুৰৰ বজাৰগাঁৱত সৌৰ বিস্ফোৰক সামগ্ৰী নিৰ্মাণকাৰী প্ৰকল্পত বিস্ফোৰণ

নিউজ ডেস্ক, 17 ডিচেম্বৰ : দেওবাৰে মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ বজাৰগাঁও গাঁওস্থিত সৌৰ বিস্ফোৰক সামগ্ৰী নিৰ্মাণকাৰী কোম্পানীৰ প্ৰকল্পত বিস্ফোৰণৰ ঘটনা ৷ সৌৰ বিস্ফোৰক কোম্পানীৰ কাষ্ট বুষ্টাৰ প্ৰকল্পত পেকিং কৰাৰ সময়ত এই বিস্ফোৰণটো সংঘটিত হৈছে । এই ঘটনাত 9 জন লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷ ইফালে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, পুৱা ৯ বজাত বজাৰগাঁও অঞ্চলৰ সৌৰ উদ্যোগৰ এটা কাষ্ট বুষ্টাৰ গোটত এই বিস্ফোৰণ সংঘটিত হয় ।

এই বিস্ফোৰণত নিহতসকল হৈছে ক্ৰমে যুৱৰাজ কিষাণজী ঘাৰোডে, ওমেশ্বৰ কিষাণলাল মাচ্চিৰ্কে, মিতা প্ৰমোদ উইকে, আৰতি নীলাকান্ত চাহৰে, শ্বেতালী দামোদৰ মাৰ্বাটে, পুষ্পা শ্ৰীৰামজী মন্পুৰে, ভাগ্যশ্ৰী সুধাকৰ লোটানে, ৰুমিতা বিলাস, উইকে আৰু মচম ৰাজকুমাৰ পাটলে। মৃতসকলৰ ভিতৰত ২ জন ৱাৰ্ধাৰ, এজন চন্দ্ৰপুৰৰ, এজন অমৰাৱতীৰ আৰু পাঁচজন লোক নাগপুৰৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে ৷

সৌৰ কোম্পানীৰ জেনেৰেল মেনেজাৰ আশীষ শ্ৰীবাস্তৱে কয়, ‘‘কয়লা খনিৰ বাবে ব্যৱহাৰ কৰা বিস্ফোৰক সামগ্ৰীৰ মজুত ৰখা প্ৰকল্পত বিস্ফোৰণ হৈছিল । 9 জন লোকৰ মৃত্যু হৈছে ৷’’ আনহাতে ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালক 5 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷ বিস্ফোৰণৰ সময়ত কিমান জন শ্ৰমিকে প্ৰকল্পত কাম কৰি আছিল সেই বিষয়ে বৰ্তমানেও কোম্পানীটোৱে তথ্য প্ৰকাশ কৰা নাই ৷

ৰাজ্যৰ গৃহ মন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ X কয়, ‘‘নাগপুৰৰ সৌৰ উদ্যোগত হোৱা বিস্ফোৰণত 6 গৰাকী মহিলাসহ 9 জন লোকৰ মৃত্যু হৈছে যিটো অতি দুৰ্ভাগ্যজনক।’’ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈছে ৷

লগতে পঢ়ক : অপৰাধ ৰোধ সন্দৰ্ভত ৰাজস্থানত সক্ৰিয় বিজেপি চৰকাৰ; SIT-এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চ গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.