ETV Bharat / bharat

কৰ’ণাৰ ত্ৰাসৰ মাজতে জীৱন দায়িনী ঔষধৰ ক’লা ব্যৱসায়

author img

By

Published : May 6, 2021, 10:10 PM IST

Black marketing of life saving medicines in a hotel lodhi colony delhi
কৰ’ণাৰ ত্ৰাসৰ মাজতে গঢ় লৈ উঠিছে জীৱন দায়িনী ঔষধৰ ক’লা ব্যৱসায়

দেশজুৰি কৰ’ণাৰ সংহাৰ অব্যাহত থকাৰ সময়তে একাংশ স্বাৰ্থপৰ তথা মানৱতাহীন লোকে অক্সিজেন চিলিণ্ডাৰ আৰু জীৱন দায়িনী ঔষধৰ ক’লা ব্যৱসায় চলাই গৈছে ৷ দক্ষিণ দিল্লীৰ লুধি কলনি থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে তেনে ক’লা ব্যৱসায়ৰ লগত জড়িত 4 অভিযুক্তক আটক কৰিছে ৷ আৰক্ষীয়ে আটক কৰা লোক কেইজনৰ পৰা 32 টা অক্সিজেন কন্সেন্ট্ৰেটৰ বাকচ, থাৰ্মেল স্কেনাৰ বাকচ আৰু এন-95 মাস্কো জব্দ কৰিবলৈ সক্ষম হয় ৷

নেশ্যনেল ডেস্ক,6 মে’: কৰ’ণা মহামাৰীয়ে সৃষ্টি কৰা এই ভয়ংকৰ সংকটৰ সময়ত এফালে মানুহে অক্সিজেন আৰু প্ৰয়োজনীয় ঔষধৰ অভাৱত প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ আনফালে আকৌ একাংশ স্বাৰ্থপৰ তথা মানৱতাহীন লোকে অক্সিজেন চিলিণ্ডাৰ আৰু জীৱন ৰক্ষক ঔষধৰ ক’লা ব্যৱসায় চলাই গৈছে ৷ দক্ষিণ দিল্লীৰ লুধি কলনি থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে তেনে ক’লা ব্যৱসায়ৰ লগত জড়িত 4 অভিযুক্তক আটক কৰিছে ৷ আৰক্ষীয়ে আটক কৰা লোক কেইজনৰ পৰা 32 টা অক্সিজেন কন্সেন্ট্ৰেটৰ বাকচ, থাৰ্মেল স্কেনাৰ বাকচ আৰু এন-95 মাস্ক জব্দ কৰে ৷

Black marketing of life saving medicines in a hotel lodhi colony delhi
কৰ’ণাৰ ত্ৰাসৰ মাজতে গঢ় লৈ উঠিছে জীৱন দায়িনী ঔষধৰ ক’লা ব্যৱসায়

দক্ষিণ দিল্লীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অতুল কুমাৰ ঠাকুৰে কয় যে, লুধি কলনি থানাৰ আৰক্ষীৰ দলে অঞ্চলটোত ঘুৰি থকাৰ সময়তে আৰক্ষীয়ে খবৰ লাভ কৰে যে কেন্দ্ৰীয় বজাৰ লুধি কলনিত এখন ৰেস্তোৰা খোলা আছে আৰু তাত সন্দেহজন কাৰ্য চলি আছে ৷ খবৰ লাভ কৰিয়েই আৰক্ষীয়ে উক্ত স্থানত তালাচী চলায় ৷ আৰক্ষীয়ে ৰেস্তোৰাখনত চলোৱা তালাচীত 4জন লোকক গ্ৰেপ্তাৰ কৰে ৷

Black marketing of life saving medicines in a hotel lodhi colony delhi
কৰ’ণাৰ ত্ৰাসৰ মাজতে গঢ় লৈ উঠিছে জীৱন দায়িনী ঔষধৰ ক’লা ব্যৱসায়

আৰক্ষীয়ে আটক কৰা লোক কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁলোকৰ গুদামত অভিযান চলায় আৰু অক্সিজেন কন্সেন্ট্ৰেটৰ বাকচ, থাৰ্মেল স্কেনাৰ বাকচ আৰু এন-95 মাস্ক জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: কাছাৰত নিৰ্বাচনোত্তৰ হিংসা: আটক তিনি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.