ETV Bharat / bharat

BJP’s big reshuffle: 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে 4 ৰাজ্যৰ সভাপতি সলনি কৰিলে গেৰুৱা দলে

author img

By

Published : Jul 4, 2023, 10:57 PM IST

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী, সুনীল জাখৰ, বাবুলাল মাৰাণ্ডী আৰু ডি পুৰন্দেশ্বৰীক ক্ৰমে তেলেংগানা, পঞ্জাৱ, ঝাৰখণ্ড আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক সভাপতি পদত নিযুক্ত ৷

BJP's big reshuffle of party chiefs in many states ahead of 2024 elections
4 ৰাজ্যৰ সভাপতি সলনি কৰিলে গেৰুৱা দলে

নেশ্যনেল ডেস্ক, 4 জুলাই : সমাগত বিধানসভা নিৰ্বাচন 2024 ৷ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত বৃহৎ সাল সলনি হোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু তাৰ পূৰ্বে মঙলবাৰে এক বৃহৎ পদক্ষেপ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী, সুনীল জাখৰ, বাবুলাল মাৰাণ্ডী আৰু ডি পুৰন্দেশ্বৰীক ক্ৰমে তেলেংগানা, পঞ্জাৱ, ঝাৰখণ্ড আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক সভাপতি পদত নিযুক্ত কৰে গেৰুৱা দলটোৱে ৷

কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এতিয়া নিৰ্বাচনমুখী তেলেংগানাত বিজেপি দলৰ নেতৃত্ব দিব ৷ বান্দি সঞ্জয় কুমাৰৰ স্থানত ৰেড্ডীক নিযুক্ত কৰা হয় ৷ এক বিবৃতিত দলটোৱে জনোৱা অনুসৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ডি পুৰন্দেশ্বৰীক অন্ধ্ৰ প্ৰদেশৰ নতুন ৰাজ্যিক সভাপতি হিচাপে ঘোষণা কৰাৰ লগতে তেলেংগানাত অ'বিচি নেতা ইতেলা ৰাজেন্দ্ৰক ইয়াৰ নিৰ্বাচন ব্যৱস্থাপনা সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে ৷ বিশেষ সূত্ৰই জনোৱা অনুসৰি অনাগত দিনত সম্ভাব্য ৰদ বদলত সঞ্জয় কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী হিচাপে অন্তৰ্ভূক্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

ইফালে সুনীল জাখৰে আহৱানী শৰ্মাৰ স্থান লয় আৰু বাবুলাল মাৰাণ্ডীয়ে দীপক প্ৰকাশৰ স্থানত নিযুক্তি লাভ কৰে ৷ বিগত বৰ্ষৰ মে’ মাহত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছিল প্ৰাক্তন সাংসদ জাখৰে ৷ জাখৰে কয় যে, " তেওঁ পঞ্জাৱৰ জাতীয়তাবাদ, একতা আৰু ভাতৃত্ববোধক সমৰ্থন কৰিবলৈ বিচাৰে, তেওঁ পঞ্জাৱত বিজেপি দলক নেতৃত্ব দিব ৷ জাখৰ আৰু ৰাজেন্দ্ৰই ক্ৰমে কংগ্ৰেছ আৰু বিআৰএছ এৰি বিজেপিত যোগদান কৰিছিল ৷ ডি পুৰন্দেশ্বৰী পূৰ্বতে ইউপিএ চৰকাৰৰ এগৰাকী মন্ত্ৰী আছিল ৷ এই সাল সলনিয়ে বিজেপি দলক শক্তিশালী কৰাৰ লগতে নিৰ্বাচনৰ বাবে ফলপ্ৰসু হ’ব বুলি আশা প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, তেলেংগানা, পঞ্জাৱ আৰু অন্ধ্ৰ প্ৰদেশত বিজেপি পৰম্পৰাগতভাৱে শক্তিশালী নোহোৱাৰ বাবে, বহিঃৰাজ্যৰ লোকক এই দায়িত্ব প্ৰদানতকৈ নিজ ৰাজ্যৰ পৰা ৰাজনৈতিক ব্যক্তিক নিযুক্তি দিলে বিৰোধ কৰাৰ সম্ভাৱনা নাথাকে লগতে প্ৰচৰা চলোৱাত সহায়ক হয় ৷ এই সাল সলনিয়ে কেবিনেটৰ সম্ভাব্য পুনৰ গঠনৰ বিষয়ে লোৱা পৰিকল্পনাসমূহত সহায় কৰিব ৷ লগতে তেলেংগানা, ছত্তীশগড়, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্যসমূহত আগন্তুক বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ দলসমূহক অধিক প্ৰতিনিধিত্ব দিয়াৰ এক কাৰকো হিচাপেও কাম কৰিব পাৰে বুলি চৰ্চা হৈছে ৷

  • भाजपा राष्ट्रीय अध्यक्ष श्री @JPNadda ने श्री @yourBabulal विधायक एवं पूर्व मुख्यमंत्री को @BJP4Jharkhand का अध्यक्ष नियुक्त किया। pic.twitter.com/GjSbpnO8L1

    — BJP (@BJP4India) July 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: Uniform Civil Code : অভিন্ন দেৱানী বিধিয়ে দেশক বান্ধি ৰাখিব; উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.