ETV Bharat / bharat

প্ৰতিষেধক প্ৰদানত অনিয়ম: পশ্চিমবংগ বিজেপিৰ তিনিদিনীয়া বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Jul 10, 2021, 12:57 PM IST

শেহতীয়াকৈ পশ্চিমবংগত পোহৰলৈ অহা ভুৱা ক’ভিড প্ৰতিষেধক শিবিৰ আৰু প্ৰতিষেধক প্ৰদানত অনিয়মৰ বিৰুদ্ধে তিনিদিনীয়া বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব পশ্চিমবংগ বিজেপিয়ে (WB BJP) ৷ এই বিক্ষোভ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে দলটোৰ মহিলা নেতৃসকলৰ উপৰিও ইউথ উইঙ (Youth Wing)ৰ সদস্যসকলক বিশেষ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

as-ntl-bjp-to-stage-statewide-protest-against-vaccination-irregularities-in-bengal-img
প্ৰতিষেধক প্ৰদানত অনিয়ম: পশ্চিমবংগ বিজেপিৰ তিনিদিনীয়া বিক্ষোভ কাৰ্যসূচী

নেশ্যনেল ডেস্ক, 10 জুলাই : কাসবা প্ৰতিষেধক শিবিৰ (Kasba Vaccination camp) সন্দৰ্ভত উত্থাপিত অভিযোগক পূৰ্ণৰূপত উপস্থাপনৰ বাবে কলিকতা বিজেপিয়ে তিনিদিনীয়া বিক্ষোভ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 5 জুলাইত গ্ৰহণ কৰা বিক্ষোভ কাৰ্যসূচীসমূহ বিফল হোৱাৰ পিছত দলটোৱে এইবেলি সম্পূৰ্ণ সাৱধানতা অৱলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কলকাতাস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷

বিজেপিৰ পশ্চিমবংগৰ ৰাজ্যিক সম্পাদক সায়ন্তন বসুৱে (Sayantan Basu) কয় যে, এই বিক্ষোভ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে দলটোৰ মহিলা নেতৃসকলৰ উপৰিও ইউথ উইঙ (Youth Wing)ৰ সদস্যসকলক বিশেষ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ ইয়াৰ উপৰিও সম্পূৰ্ণ ক’ভিড প্ৰট’কল (covid protocol) মানি এই বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে জিলা দণ্ডাধীশৰ অনুমতি গ্ৰহণ কৰা হ’ব বুলিও জনায় সায়ন্তন বসুৱে (Sayantan Basu) ৷ গেৰুৱা দলটোৱে জিলা দণ্ডাধীশৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷

এই বিক্ষোভ কাৰ্যসূচীত দলটোৰ জ্যেষ্ঠ নেতাসকলো উপস্থিত থাকিব ৷

"ভুৱা প্ৰতিষেধক শিবিৰৰ উপৰিও, পশ্চিমবংগত প্ৰতিষেধৰ প্ৰদানত অনিয়মো সংঘটিত হৈ আহিছে ৷ প্ৰায় সৰহ সংখ্যক জিলা আৰু খণ্ড চিকিৎসালয়ত ভেকচিনৰ বাবে দিঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ উপৰিও এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত মধ্যব্যক্তিৰ উপস্থিতিৰো অভিযোগ উত্থাপিত হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত ইয়াকে লৈ অসন্তোষৰ সৃষ্টি হৈছে ৷ গতিকে আমি এই বিষয়টো শান্ত হৈ যোৱাটো নিবিচাৰে ৷"- এগৰাকী জ্যেষ্ঠ বিজেপি নেতাই এনেদৰে কয় ৷

উল্লেখ্য যে, পশ্চিমবংগত প্ৰতাৰক দেবাঞ্জন দেৱৰ (Debanjan Deb) গ্ৰেপ্তাৰৰ পিছতেই পোৰহলৈ অহিছে ৰাজ্যখনত চলি থকা ভুৱা ক’ভিড-19 প্ৰতিষেধক শিবিৰৰ (Fake vaccination camp) কথা ৷ দেবাঞ্জন দেৱৰ দ্বাৰা অনুষ্ঠিত বিভিন্ন ভুৱা শিবিৰত শ শ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছিল ৷ কিন্তু দেৱৰ কাসবা কাৰ্যালয়ৰ পৰা উদ্ধাৰ কৰা ভেকচিনৰ ভাইলসমূহ ‘ক’ভিশ্বীল্ড’ (Covisheild) ৰ নহয় ৷ ইয়াৰ বিপৰীতে এই ভাইলসমূহ আমিকাচীন চেলফেট (Amikcin Sulphet) নামৰ এক এন্টিবায়’টিকৰ বুলি পোহৰলৈ আহিছে ৷

এই ভাইলসমূহত ভুৱা ক’ভিশ্বীল্ডৰ লেবেল লগোৱাৰ উপৰিও প্ৰয়োজনীয় বেটচ নম্বৰ আৰু প্ৰস্তুত কৰা আৰু ম্যাদ উকলা তাৰিখ দিয়া আছিল ৷ এই ভাইলসমূহ আকাৰত সৰু আৰু ইয়াত কেৱল চাৰিটা পালি থাকে ৷ ইয়াৰ বিপৰীতে ক’ভিডশ্বীল্ডত 10টা পালি থাকে ৷

এই সমগ্ৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়লৈ (Central health Ministry) পত্ৰ প্ৰেৰণ কৰিছে বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে (Suvendu adhikari) ৷ তেওঁ এই ক্ষেত্ৰত কেন্দ্ৰীয় অনুসন্ধানত শাখাসমূহক তদন্তৰ দায়িত্ব প্ৰদানৰ বাবে অনুৰোধ জনায় ৷

লগতে পঢ়ক- ৰথযাত্ৰা 2021: এইবেলিও ভক্তৰ উপস্থিতিত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.