ETV Bharat / bharat

BJP leader died in lathi charge : বিহাৰত আৰক্ষীৰ লাঠিচালনাত বিজেপি নেতাৰ মৃত্যু

author img

By

Published : Jul 13, 2023, 8:17 PM IST

বিহাৰত বিধানসভা পদযাত্ৰাৰ সময়ত আৰক্ষীৰ লাঠিচালনাত এজন বিজেপি কৰ্মী নিহত হয় । বিজেপি নেতাসকলৰ মতে, আৰক্ষীয়ে ডাকবাংলো চাৰিআলিত বল প্ৰয়োগ কৰাৰ ফলত বিজেপি কৰ্মীজনে প্ৰাণ হেৰুৱায় ।

BJP leader died in lathi charge
BJP leader died in lathi charge

নিউজ ডেস্ক, ১৩ জুলাই : কৰ্মসংস্থাপন আৰু শিক্ষক নিযুক্তিৰ বিষয়ক লৈ বৃহস্পতিবাৰে পাটনাত বিজেপিয়ে বিধানসভালৈ এক পদযাত্ৰা অনুষ্ঠিত কৰে । বিজেপিয়ে গান্ধী ময়দানৰ পৰা বিধানসভালৈ পদযাত্ৰা আৰম্ভ কৰাৰ লগে লগে আৰক্ষীয়ে ডাকবাংলো চাৰিআলিত লাঠিচালনা কৰে । যাৰ ফলত সাংসদ জনাৰ্দন সিং চিগ্ৰীৱালকে ধৰি বহুতো নেতা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আনহাতে, এই ঘটনাত এজন বিজেপি কৰ্মীৰ মৃত্যু হয় ।

জানিব পৰা মতে, নিহত বিজেপি নেতাজনৰ নাম হৈছে বিজয় কুমাৰ সিং । তেওঁ জেহানাবাদৰ মহানগৰ বিজেপিৰ সাধাৰণ সম্পাদক আছিল । ইফালে বিজেপি কৰ্মীজনৰ মৃত্যুৰ পিছতে ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয় । এই ঘটনাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু সুশীল মোদীকে ধৰি সকলো নেতাই টুইট কৰি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে ।

উল্লেখ্য যে বিজেপিৰ সমদলটো গান্ধী ময়দানৰ পৰা বিধানসভা মাৰ্গৰ ফালে গৈ আছিল । কিন্তু আৰক্ষীয়ে ডাকবাংলো চাৰিআলিত বিজেপি কৰ্মীসকলৰ এই সমদলটোক বাধা প্ৰদান কৰে । ৰাজ্যখনত সংঘটিত দুৰ্নীতি আৰু শিক্ষকৰ সমস্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিজেপিয়ে এই বিধানসভা সমদলৰ আয়োজন কৰিছিল । তাৰ বাবে গান্ধী ময়দানৰ পৰা হাজাৰ হাজাৰ বিজেপি সদস্য ওলাই আহিছিল ।

উক্ত সমদলত সাংসদ, বিধায়ক আৰু বিধান পৰিষদৰ পাৰিষদসকলেও অংশগ্ৰহণ কৰিছিল । কিন্তু ডাকবাংলো চাৰিআলিত বিজেপিৰ এই সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰে । কিন্তু প্ৰতিবাদকাৰীসকলে বলপূৰ্বক আগবাঢ়িবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰিবলৈ বল প্ৰয়োগ কৰিবলগা হয় । তাৰ পিছত প্ৰথমতে লাঠিচালনা কৰিও প্ৰতিবাদকাৰীসকলক প্ৰতিহত কৰিব নোৱাৰাত আৰক্ষীয়ে পানীহিলৈ নিক্ষেপ কৰে । কিন্তু ইয়াতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব নোৱাৰাত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগা হয় ।

এই ঘটনাত বিজয় সিনহা, জনাৰ্দন সিং চিগ্ৰীৱালকে ধৰি কেইবাজনো বিজেপি নেতা আৰু কৰ্মী আহত হয় ৷ জনাৰ্দন সিং চিগ্ৰীৱালক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ বিহাৰ বিধায়িনী দলৰ নেতা বিজয় সিনহাও পানীহিলৈৰ দ্বাৰা সামান্য আঘাতপ্ৰাপ্ত হয় । ইয়াৰ পিছত বিজয় সিনহাই ডাকবাংলো চাৰিআলিত ধৰ্ণাত বহে । তেওঁ কয়, এইখন হৈছে লাঠি-গুলীৰ চৰকাৰ । এই চৰকাৰক উৎখাত কৰিব লাগিব ।

লগতে পঢ়ক :Flood in Delhi : বিপদসীমাৰ ওপৰেৰে বৈছে যমুনা, শংকিত দিল্লীবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.