ETV Bharat / bharat

ধৰ্ষণৰ পাচত নাবালিকাক হত্য়া কৰি উলিয়াই পেলালে দুটি চকু

author img

By

Published : Aug 6, 2021, 9:08 PM IST

এটা লোমহৰ্ষক ঘটনা ৷ ধৰ্ষণ আৰু হত্যাৰ বলি হৈছে এগৰাকী নাবালিকা ৷ কেৱল ধৰ্ষণ নহয়, হত্যা কৰি নাবালিকাৰ চকু উলিয়াই পেলালে কোনো ঘাতকে ৷ এই পৈশাচিক কাণ্ড সংঘটিত হৈছে বিহাৰত ৷

girl raped and murdered
নাবালকক ধৰ্ষণ কৰি হত্যা

নেশ্যনেল ডেস্ক,৬ আগষ্ট : বিহাৰত এক পৈশাচিক ঘটনা সংঘটিত হৈছে । ৰাজ্যখনৰ মুংগেৰ জিলাত এগৰাকী ৮ বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ । ঘটনাৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যখনতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

আৰক্ষীয়ে জনোৱা মতে কিশোৰীগৰাকীক লোমহৰ্ষকভাৱে হত্যা কৰা হৈছে । হত্যাকাৰীয়ে কিশোৰীগৰাকীৰ চকু দুটা উলিয়াই দিছে আৰু তাইৰ নখবোৰো উভালি পেলাইছে । এই লোমহৰ্ষক কাণ্ডৰ বাবে এতিয়া উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে ।

জানিব পৰা মতে কিশোৰীগৰাকীয়ে বুধবাৰে পিতৃৰ সৈতে মাছ ধৰিবলৈ গংগা নদীৰ পাৰলৈ গৈছিল । পিতৃৰ পৰা কিশোৰীগৰাকীয়ে ৫ টকা বিচাৰিছিল কিন্তু পিতৃয়ে দিবলৈ অমান্তি হৈছিল । পিতৃয়ে পইচা নিদিয়া কাৰণে কিশোৰীগৰাকী নাওখনৰ পৰা নামি গৈছিল । পিছত পিতৃ ঘৰলৈ উভতি আহিছিল কিন্তু কিশোৰী গৰাকী অহা নাছিল ।

বহু সময়লৈ কিশোৰীগৰাকী ঘৰলৈ উভতি নহাৰ বাবে চিন্তিত হৈছিল পৰিয়ালৰ লোকসকল । লগে লগে বিচাৰ খোচাৰ আৰম্ভ কৰিলে পৰিয়ালৰ সদস্যসকলে আৰু আৰক্ষীকো বিষয়টো অৱগত কৰা হ'ল । গোটেই নিশা তালাচী চলোৱাৰ পাছত অৱেশষত বৃহস্পতিবাৰে পুৱা চাফিয়াবাদ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱৰ এটা ইটাভাটাৰ ওচৰত উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ ।

কিছুমান শিশুৱে খেলি থকা সময়ত কিশোৰীৰগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে আৰক্ষীক খবৰ দিয়ে । লগে লগে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে সন্দেহ কৰা মতে কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে । মৃত কিশোৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:ৰেকিবুদ্দিনৰ লাভ জেহাদ ! যুৱতীৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.