ETV Bharat / bharat

Saharanpur Tractor Trolley Accident : চাহাৰনপুৰত ভয়ংকৰ দুৰ্ঘটনা; নদীত ট্ৰেক্টৰ বাগৰি ৯ ভক্তৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 2:48 PM IST

উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত ভক্তৰে ভৰ্তি এখন ট্ৰেক্টৰ-ট্ৰলী ধামোলা নদীত পৰি যায় । এই দুৰ্ঘটনাত 9 জন ভক্তৰ মৃত্যু হয় । এজন সন্ধানহীন বুলি জানিব পৰা গৈছে । উপায়ুক্ত আৰু এছএছপিৰ উপস্থিতিত উদ্ধাৰকাৰ্য চলোৱা হয় ।

Saharanpur Tractor Trolley Accident
Saharanpur Tractor Trolley Accident

নিউজ ডেস্ক, ২৪ আগষ্ট : বুধবাৰে উত্তৰ প্ৰদেশৰ চাহাৰনপুৰ জিলাৰ কোটৱালী দেহাট অঞ্চলত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । বুন্দকি গাঁৱৰ ওচৰৰ ধামোলা নদীত এখন ট্ৰেক্টৰ-ট্ৰলী বাগৰি পৰে । ট্ৰলীখনত ৫০ জনতকৈও অধিক ভক্ত আছিল । বৃহস্পতিবাৰে লাভ কৰা তথ্য অনুসৰি, এতিয়ালৈকে দুৰ্ঘটনাটোত ৯ জন লোকৰ মৃত্যু হৈছে । তেওঁলোকৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰা হৈছে ।

আনহাতে, আন প্ৰায় ১২ জন লোক গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে ডুবাৰুসকলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় । দুৰ্ঘটনাটোত এতিয়াও এজন ভক্ত সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে । সন্ধানহীনসকলক উপায়ুক্ত আৰু এছএছপিৰ উপস্থিতিত উদ্ধাৰ কৰা হৈছে । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃতকৰ পৰিয়ালক ৪ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ।

জানিব পৰা মতে, বৰ্তমান চাহাৰনপুৰত জাহৰবীৰ গোগাজীৰ উপাসনা চলি আছে । তাৰ বাবে ভক্তসকলে জাহাৰবীৰ গোগাজীক তেওঁলোকৰ ঘৰত ভাণ্ডাৰা (কান্দুৰী) কৰাই আছে । ৰাইজে প্ৰসাদ সংগ্ৰহ কৰিবলৈ গাড়ীৰে আত্মীয়ৰ ঘৰবোৰত উপস্থিত হৈছে । এই প্ৰসংগতে বুধবাৰে গাগেলহেৰী থানাৰ অধীনৰ বালেলী গাঁৱৰ ৫০ জনতকৈও অধিক ভক্ত ট্ৰেক্টৰত উঠি বেহাটৰ ৰাণ্ডোল গাঁৱৰ কান্দুৰীত প্ৰসাদ আগবঢ়াবলৈ গৈ আছিল । কিন্তু ভক্তৰে ভৰ্তি ট্ৰেক্টৰ-ট্ৰলীখন নদীৰ মাজেৰে পাৰ হৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে । ট্ৰেক্টৰ-ট্ৰলীখন নদীত বাগৰি পৰাৰ লগে লগে হুৱাদুৱা লাগি পৰে ।

স্থানীয় ৰাইজৰ মতে, দুৰ্ঘটনাটোত সকলো ভক্তয়ে ট্ৰেক্টৰ-ট্ৰলীখনৰ তলত সোমাই পৰে । আনহাতে, ভক্তসকলৰ চিঞৰ-বাখৰ শুনি স্থানীয় গাঁওবাসী ঘটনাস্থলীত উপস্থিত হয় । তাৰে কিছু ভক্তক গাঁওবাসীয়ে নদীৰ পৰা উদ্ধাৰ কৰে । আনহাতে, এটা শিশু আৰু এগৰাকী মহিলাসহ চাৰিজন ভক্তৰ মৃত্যু হয় । আঘাতপ্ৰাপ্ত ভক্তসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইফালে গাঁওবাসীৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে ডুবাৰুসকলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে বিষয়টো জিলাখনৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰায় । দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে উপায়ুক্ত ডঃ দীনেশ চন্দ্ৰ আৰু এছএছপি ডঃ বিপিন টাডাও উদ্ধাৰকাৰী দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় ।

আৰক্ষী অধীক্ষক দেহাত সাগৰ জৈনে জনোৱা মতে, বুধবাৰে পুৱাৰে পৰা হোৱা বৰষুণৰ বাবে ধামোলাত পানীৰ সোঁত তীব্ৰ আছিল । ট্ৰেক্টৰ-ট্ৰলীখন নদীৰ মাজভাগ পোৱাৰ পিছতে ট্ৰেক্টৰ চালকজনে তীব্ৰ সোঁতৰ বাবে নিয়ন্ত্ৰণ হেৰুৱায় । যাৰ বাবে ট্ৰলীখন নদীত পিছলি পৰি ওলোটা হৈ যায় । দুৰ্ঘটনাটোৰ পিছতে ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰি চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হয় । আনহাতে, বৃহস্পতিবাৰে আৰু পাঁচটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত মৃত্যকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পায় । দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকল বিলাল খেদি গাঁৱৰ বাসিন্দা আছিল ।

লগতে পঢ়ক :landslide in Himachals Kullu : ভয়াৱহ ভূমিস্খলনত হিমাচলৰ কুল্লুত খহি পৰিল অট্টালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.