ETV Bharat / bharat

বিশ্ব উচ্চ ৰক্তচাপ দিৱস, 2020 : ইতিহাস, মহত্ব, বিষয়বস্তু আৰু বহুতো

author img

By

Published : May 16, 2020, 7:38 PM IST

প্ৰতিবছৰে 17 মে'ৰ দিনটোত পালন কৰা হয় বিশ্ব উচ্চ ৰক্তচাপ দিৱস ৷ ইয়াৰ জৰিয়তে উচ্চ ৰক্তচাপ সম্পৰ্কত জনসাধাৰণক সজাগ কৰি তোলাৰ লগতে বিভিন্ন দেশৰ নাগৰিকক এই ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ উৎসাহিত কৰা হয় ৷

ইতিহাস, মহত্ব, বিষয়বস্তু আৰু বহুতো
বিশ্ব উচ্চ ৰক্তচাপ দিৱস, 2020

নিউজ ডেস্ক, 16 মে': প্ৰতিবছৰে 17 মে'ৰ দিনটোত পালন কৰা হয় বিশ্ব উচ্চ ৰক্তচাপ দিৱস ৷ ইয়াৰ জৰিয়তে উচ্চ ৰক্তচাপ সম্পৰ্কত জনসাধাৰণক সজাগ কৰি তোলাৰ লগতে বিভিন্ন দেশৰ নাগৰিকক এই ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ উৎসাহিত কৰা হয় ৷

2005 চনৰ মে' মাহত এই দিৱসৰ আনুষ্ঠানিক উদ্বোধন কৰা হৈছিল আৰু তেতিয়াৰ পৰা এই দিৱসটো প্ৰতি বছৰে উদযাপন কৰা হয় ৷ তেতিয়াৰ পৰা প্ৰতি বছৰে এই দিৱসৰ লগত সংগতি ৰাখি এটা বিষয়বস্তু প্ৰদান কৰা হয় ৷ এই বছৰৰ বিষয়বস্তু হৈছে “Know Your Numbers” ৷ ৰক্তচাপ জোখা আৰু সাধাৰণ অৱস্থা সম্পৰ্কত জনাটো অতিকৈ প্ৰয়োজনীয় বুলি সকলোকে সজাগ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে এই বিষয়বস্তুৰ জৰিয়তে ৷

উচ্চ ৰক্তচাপ কি ?

উচ্চ ৰক্তচাপ অথবা ৰক্ত চাপ বৃদ্ধি পোৱা হৈছে এক গুৰুতৰ স্বাস্থ্যজনিত সমস্যা ৷ বিশ্ব স্বাস্থ্য সংস্থাই জানিবলৈ দিয়া অনুসৰি, ইয়াৰ ফলত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হয়, ষ্ট্ৰক, কিডনী বিকল আৰু অন্ধ হৈ পৰা আদি বিভিন্ন ৰোগ হ'ব পাৰে৷ বিশ্বজুৰি উচ্চ ৰক্তচাপে অতি কম বয়সতে বহু লোকৰ প্ৰাণ কাঢ়ি নিছে ৷

উচ্চ ৰক্তচাপত ভোগা 1.13 বিলিয়ন লোকৰ প্ৰতি পাঁচজনৰ 1 জনৰহে এই ৰোগ নিয়ন্ত্ৰণ কৰাৰ সক্ষমতা আছে ৷ অস্বাস্থ্যকৰ ডায়েট, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আৰু মদ্যপান আৰু ধঁপাত সেৱনৰ ফলত বৃদ্ধি পাই এই ৰোগ ৷

2015 চন পৰ্যন্ত উচ্চ ৰক্তচাপ 25 শতাংশলৈ হ্ৰাস কৰিবৰ বাবে WHO আৰু আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ চেন্টাৰে 2016 চনত Global Hearts Initiative মুকলি কৰিছিল ৷

উচ্চ ৰক্তচাপৰ কাৰণ -

WHO ৰ এক অধ্যয়ন অনুসৰি, এই ৰোগৰ কাৰণ হৈছে অস্বাস্থ্যকৰ ডায়েট, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, মদ্যপান আৰু ধঁপাত সেৱন, অধিক নিমখ খোৱা, চৰ্বীযুক্ত খাদ্য গ্ৰহণ, ফল-মূল আৰু শাক-পাচলি কমকৈ গ্ৰহণ কৰা, অধিক ওজন অথবা ওজন কম আদি ৷ এই সমস্যাসমূহ কিন্তু পৰিবৰ্তন কৰি সুস্থ অৱস্থালৈ আহিব পৰা যায় ৷

আনহাতে, অপৰিবৰ্তনীয় কিছুমান সমস্যা যেনে, পৰিয়ালৰ উচ্চ ৰক্তচাপৰ ইতিহাস, 65 বছৰৰ উৰ্দ্ধৰ লোক আৰু ডায়েবেটিছ আৰু কিডনী ৰোগ থকা লোক ৷

লক্ষণ -

উচ্চ ৰক্তচাপক "silent killer" বুলিও জনা যায় ৷ উচ্চ ৰক্তচাপত ভোগা লোকসকল এই সম্পৰ্কত অজ্ঞাত হৈ থাকে ৷ কিয়নো এই ৰোগে কোনো সতৰ্কমূলক লক্ষণ অথবা সংকেত প্ৰদান নকৰে ৷ WHO য়ে জানিবলৈ দিয়া অনুসৰি, এনে কাৰণতে ৰক্তচাপ পৰীক্ষা কৰি থকাটো অতি প্ৰয়োজনীয় ৷

লক্ষণসমূহ এজন মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে পুৱাৰ ভাগত মূৰৰ কামোৰণি, নাকৰ পৰা তেজ ওলোৱা, অনিয়মিত হৃদয় চলাচল, দৃষ্টি শক্তি সলনি, কাণত সমস্যা আদিয়ে দেখা দিব পাৰে ৷ গুৰুতৰ উচ্চ ৰক্তচাপৰ ফলত অৱসাদ, নাড়ী পাক খোৱা, বমি, বিভ্ৰান্তি, চিন্তা, বুকু বিষ আৰু মাংসপেশী কঁপনি আদি বৃদ্ধি পায় ৷

উচ্চ ৰক্তচাপ সম্পৰ্কে পূৰ্বে জাননী লাভ কৰিবলৈ সময়ে সময়ে ৰক্তচাপ জুখি থকাটো অতি প্ৰয়োজনীয় ৷ এয়া এক সহজ প্ৰক্ৰিয়া ৷ Automated device ৰ জৰিয়তে কোনো লোকে নিজে ৰক্ত চাপ জুখিব পাৰে ৷ কিন্তু, এজন স্বাস্থ্য কৰ্মীৰ পৰ্যবেক্ষণ অতি প্ৰয়োজনীয় ৷

সাৱধানতামূলক ব্যৱস্থা -

প্ৰতিৰোধ :

*নিমখ খোৱা হ্ৰাস কৰা উচিত(প্ৰতি দিনে 5 গ্ৰামতকৈও কম)

*অধিক ফল-মূল আৰু শাক-পাচলি ভক্ষণ

*শাৰীৰিক ভাৱে সক্ৰিয় হৈ থকা

*ধঁপাতৰ ব্যৱহাৰ নাইকিয়া কৰা

*মদ্যপান সেৱন কম কৰা

*চৰ্বীযুক্ত খাদ্য কমকৈ গ্ৰহণ কৰা

মেনেজমেন্ট -

*মানসিক অশান্তি কম কৰাৰ লগতে ইয়াৰ ব্যৱস্থা কৰা

*প্ৰতিদিনে ৰক্ত চাপ পৰীক্ষা কৰি থকা

*উচ্চ ৰক্ত চাপৰ চিকিৎসা

*অন্যান্য স্বাস্থ্য সম্বন্ধীয় পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.