ETV Bharat / bharat

কোন ৰাজ্যই অবৈধ অনুপ্ৰৱেশকাৰীক মাটি দিব ?

author img

By

Published : Nov 30, 2019, 3:15 PM IST

গৃহমন্ত্ৰী অমিত শ্বাহৰে মিলিত হোৱাৰ পূৰ্বে মন্তব্য আগবঢ়ালে অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নৱাম টুকীয়ে ৷ অবৈধ অনুপ্ৰৱেশকাৰীক কোন ৰাজ্যই মাটি প্ৰদান কৰিব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ৷

অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী
নৱাম টুকী

নেশ্বনেল ডেস্ক, 30 নৱেম্বৰ : কেব সম্পৰ্কত গৃহমন্ত্ৰী অমিত শ্বাহে আয়োজন কৰা এক বৈঠকত উপস্থিত থাকিব অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নৱাম টুকী ৷ কেবৰ জৰিয়তে ধৰ্মৰ ভিত্তিত অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰাৰ বিৰোধিতা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, ইয়াৰ ফলত ৰাজ্যকেইখনত অনুপ্ৰৱেশকাৰী বিয়পি পৰিব আৰু তেওঁলোকক বসতিস্থল প্ৰদান কৰাত জটিলতাৰ সন্মুখীন হ'ব ৷ কোনখন ৰাজ্যই তেওঁলোকক মাটি প্ৰদান কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়, নাগালেণ্ড, অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিৰ সৈতে দিল্লীৰ অসম ভৱনত এক বৈঠকত মিলিত হ'ব ৷ এই বৈঠকতে উত্তৰ-পূৰ্বাঞ্চলত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা কেবৰ সপক্ষে ৰাজ্যকেইখনৰ প্ৰতিনিধিসকলক সৈমান কৰোৱাৰ চেষ্টা কৰিব অমিত শ্বাহে ৷

আৰু পঢ়ক : টেষ্টত 73 বছৰীয়া অভিলেখ ভংগ ষ্টিভ স্মিথৰ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.