ETV Bharat / bharat

উত্তৰ প্ৰদেশত সংঘটিত বিগত 9 বছৰৰ অপৰাধমূলক ঘটনাৰ তুলনাত্মক পৰ্যালোচনা

author img

By

Published : Aug 21, 2020, 9:58 AM IST

বিগত 9 বছৰত উত্তৰ প্ৰদেশত হ্ৰাস পাইছে অপৰাধজনিত ঘটনা ৷ গৃহ বিভাগৰ তথ্যত প্ৰকাশ পাইছে এই তথ্য় ৷ ধৰ্ষণৰ সংখ্যাও হ্ৰাস পাইছে ৰাজ্যখনত ৷

UP govt comes up with comparative data of crime in state in 9 years
উত্তৰ প্ৰদেশত সংঘটিত বিগত 9 বছৰৰ অপৰাধমূলক ঘটনাৰ তুলনাত্মক পৰ্যালোচনা

নিউজ ডেস্ক, 21 আগষ্ট : বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে বিগত 9 বছৰত সংঘটিত হোৱা অপৰাধজনিত ঘটনাৰ এক তুলনাত্মক পৰ্যালোচনা কৰে ৷ উক্ত পৰ্যালোচনাৰ অন্তত যোগী আদিত্যনাথৰ চৰকাৰে দাবী কৰে যে, বিগত বছৰৰ তুলনাত যোগী আদিত্যনাথৰ চৰকাৰ শাসনলৈ অহাৰ সময়ত উত্তৰ প্ৰদেশত অপৰাধজনিত ঘটনা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে ৷

উত্তৰ প্ৰদেশৰ গৃহ বিভাগে দাবী কৰা অনুসৰি, বিগত 9 বছৰৰ তুলনাত উত্তৰ প্ৰদেশত অপৰাধজনিত ঘটনা অভাৱনীয় হাৰত হ্ৰাস পাইছে ৷ তেওঁ লগতে কয় যে, 2016 চনৰ তুলনাত 2020 চনত ৰাজ্যখনত ডকাইতিৰ ঘটনা 74.50 শতাংশ হ্ৰাস পাইছে ৷ একেদৰে ৰাজ্যখনত ধৰ্ষণৰ ঘটনা 2013 চনৰ তুলনাত 25.94 শতাংশ হ্ৰাস পাইছে ৷ 2016 চনত 38.74 শতাংশ আৰু 2019 চনত ধৰ্ষণৰ ঘটনা 28.13 শতাংশ হ্ৰাস পোৱা বুলি গৃহ বিভাগে তথ্য সদৰি কৰিছে ৷

আনহাতে, 2019 চনৰ জানুৱাৰীৰ পৰা 2020 চনৰ জুনলৈ Protection of Children from Sexual Offences চমুকৈ POCSO ৰ তথ্য অনুসৰি, উক্ত সময়সীমাৰ ভিতৰত 922 টা গোচৰ পঞ্জীভূত হৈছিল ৷ ইয়াৰ ভিতৰত 5 গৰাকী অপৰাধীক মৃত্যুদণ্ড দিয়াৰ বিপৰীতে 193 গৰাকীক কাৰাদণ্ড দিবলৈ সক্ষম হৈছে ৷ ইফালে, গৃহ বিভাগৰ তথ্যত হত্যা, চুৰি, ডকাইতি ঘটনাও হ্ৰাস পোৱা বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক : ভয়ানক ৰূপত চাইবাৰ অপৰাধীৰ দলে জাল পাতিছে মধ্য অসমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.