ETV Bharat / bharat

ৰাষ্ট্ৰসংঘ আৰু কাশ্মীৰ সমস্যা: ইতিহাসৰ কিছু নজনা কথা!

author img

By

Published : Aug 17, 2019, 2:39 PM IST

Updated : Aug 17, 2019, 3:25 PM IST

কাশ্মীৰ সমস্যাৰ সৈতে ৰাষ্ট্ৰসংঘৰ 17 বছৰৰ স্থায়ী সম্পৰ্ক আছিল৷ 1965 চনৰ ইণ্ডো-পাক্ যুদ্ধৰ পৰা 1971 চনৰ ভাৰত-পাক্ যুদ্ধৰ সামৰণি পৰ্যন্ত কাশ্মীৰৰ সৈতে ৰাষ্ট্ৰসংঘৰ সম্পৰ্ক নামমাত্ৰহে বৰ্তী আছিল যি 1972 চনৰ চিমলা চুক্তি স্বাক্ষৰৰ ৰ লগে লগে সম্পূৰ্ণৰূপে শেষ হয়৷ চীনৰ "ভাৰত-পাকিস্তানৰ প্ৰসংগ"ত বৰ্তমানৰ পত্ৰ যিখন 1971 চনত কাশ্মীৰৰ ওপৰত চৰ্চাৰ বাবে ব্যৱহাৰ কৰা হৈছিল সেইখন বৰ্তমান সময়ত প্ৰাসংগিক হয় নে নহয় সেইয়া বৰ্তমান বিচাৰ্যৰ বিষয় ৷

ৰাষ্ট্ৰসংঘ আৰু কাশ্মীৰ সমস্যা

  • কাশ্মীৰ সমস্যাৰ সৈতে ৰাষ্ট্ৰসংঘৰ 17 বছৰৰ স্থায়ী সম্পৰ্ক (1948-65) আছিল৷ 1965 চনৰ ইণ্ডো-পাক্ যুদ্ধৰ পৰা 1971 চনত 3য় বাৰৰ বাবে সংঘটিত হোৱা ভাৰত-পাক্ যুদ্ধৰ সামৰণি পৰ্যন্ত কাশ্মীৰৰ সৈতে ৰাষ্ট্ৰসংঘৰ সম্পৰ্ক নামমাত্ৰহে বৰ্তী আছিল যি পৰৱৰ্তী সময়ত 1972 চনৰ চিমলা চুক্তি স্বাক্ষৰৰ ৰ লগে লগে সম্পূৰ্ণৰূপে শেষ হয়৷ 1948 চনৰ পৰা 1971 চনলৈ, ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদে মধ্যস্থতা আৰু সমাধানৰ উদ্দেশ্যে কাশ্মীৰ সমস্যাৰ ওপৰত 23 টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰে৷
  • 1948 চনৰ 1 জানুৱাৰীত ভাৰতে ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদত ইউ এন সদনৰ 35 নং অনুচ্ছেদ(6ষ্ঠ অধ্যায়) ৰ অধীনত, পাকিস্তানে জম্মু-কাশ্মীৰ উপত্যকাত পাকিস্তানী জনজাতীয় আক্ৰমণত ‘সহায় তথা অৱদান’ আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছিল৷ ৰাষ্ট্ৰসংঘত ভাৰতে দাবী কৰিছিল যে কাশ্মীৰ উপত্যকাৰ সকলো শাসিত অঞ্চল আইনগতভাৱে ভাৰতৰ অন্তৰ্গত যি ভাৰতৰ লগত হোৱা হিন্দু ৰজাসকলৰ স্বাক্ষৰিত চুক্তিৰ ফল৷
  • ইয়াৰ দুই সপ্তাহৰ পিছতে পাকিস্তানে, ওলোটাই ভাৰতে পাকিস্তানক ইয়াৰ শৈশৱতে হত্যা কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে পাকিস্তানে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া বুলি কৰা ভাৰতৰ অভিযোগকো নাকচ কৰে৷ ভাৰত আৰু পাকিস্তানৰ প্ৰতিনিধিসকলৰ কথা শুনাৰ শেষত নিৰাপত্তা পৰিষদে 1948 চনৰ 17 জানুৱাৰীত দুয়োখন দেশকে সংযম আৰু উত্তেজনা স্বচ্ছন্দিত কৰাৰ আহ্বান জনাই প্ৰথম প্ৰস্তাৱটো অনুমোদন জনায়৷ ইয়াৰ তিনিদিন পিছতে 20 জানুৱাৰীত আন এক প্ৰস্তাৱ গ্ৰহণ কৰি উভয় দেশৰ মাজত মধ্যস্থতা স্থাপনৰ বাবে ৰাষ্ট্ৰসংঘত ভাৰত আৰু পাকিস্তান কমিচন তৈয়াৰ কৰে৷
  • বৃটেইন তথা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বত, নিৰাপত্তা পৰিষদে 1948 চনৰ 21 এপ্ৰিলত আন এক প্ৰস্তাৱনাৰ জৰিয়তে ইউ এন চি আই পিৰ সদস্যপদ 3ৰ পৰা 5 লৈ বৃদ্ধি কৰি ভাৰত আৰু পকিস্তানৰ মাজৰ বৈৰী ভাৱ দূৰ কৰাৰ বাবেও আহ্বান জনায়৷ 1949 চনত ইউ এন এচ চিৰ ৰাষ্ট্ৰপতি জেনেৰেল এ জি মেকন’টনে ভাৰত তথা পাকিস্তানৰ মাজত মধ্যস্থতাৰ চেষ্টা কৰে যদিও উভয় পক্ষৰ মাজত এক চুক্তি পৰিচালনাত ব্যৰ্থ হয়৷
  • মেকন’টনৰ প্ৰস্তাৱসমূহ ব্যৰ্থ হোৱাৰ পিছত 1950 চনত ৰাষ্ট্ৰসংঘৰ একক প্ৰতিনিধি ওভেন ডিকেচনৰ দ্বাৰা ইউ এন চি আই পি প্ৰতিস্থাপন কৰে৷ ডিকেচনে এটি প্ৰস্তাৱ লৈ আহে যিয়ে জম্মু-কাশ্মীৰক ‘আঞ্চলিক মনস্তাত্বিক’ কৰি ৰখাৰ কল্পনা কৰিছিল উক্ত প্ৰস্তাৱত সন্দেহজনক অঞ্চল হিচাপে কাশ্মীৰ উপত্যকাক বুজোৱা হৈছিল৷ এই ক্ষেত্ৰত ডিকেনচৰো ব্যৰ্থতাৰ পিছত মাৰ্কিন যুক্তৰাষ্ট্ৰই উভয় দেশৰ মাজত মধ্যস্থতা স্থাপনৰ বাবে মাৰ্কিন প্ৰতিনিধি হিচাপে ফ্ৰেঙ্ক গ্ৰাহামক নিয়োগ কৰে৷ নিৰাপত্তা পৰিষদে 1981 চনৰ 30 মাৰ্চত ৰিজল্যুচন 91 পাচ কৰে যিয়ে যুদ্ধবিৰতি লাইন পৰ্যবেক্ষণৰ বাবে ভাৰত তথা পাকিস্তানত ৰাষ্ট্ৰসংঘ সামৰিক পৰ্যবেক্ষকৰ দল প্ৰতিষ্ঠা কৰে৷
  • পাকিস্তানে উক্ত বিষয়টো নিৰাপত্তা পৰিষদত উত্থাপন কৰাৰ এদিন পিছতেই পৰিষদে এটি প্ৰস্তাৱ অনুমোদন কৰে যিয়ে কাশ্মীৰৰ বিষয়ে পূৰ্বনিৰ্ধাৰিত প্ৰস্তাৱসমূহক পুনৰ্বিবেচনা কৰি এই বিৰোধৰ চূড়ান্ত মীমাংসা কৰাৰ আহ্বান জনাইছিল৷ ডিকেনচ পৰিকল্পনা কাশ্মীৰ সমস্যা সমাধানৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শেষ গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হিচাপে ধৰা হয় যদিও পাকিস্তানে 60ৰ দশকত কাশ্মীৰ সমস্যাটোক ৰাষ্ট্ৰসংঘত উত্থাপন কৰি আহিছিল৷ কিন্তু 1965 চনৰ ইণ্ডো-পাক্ যুদ্ধৰ অন্তত কাশ্মীৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অংশগ্ৰহণ যথেষ্ট হ্ৰাস পায়৷
  • 1965 চনৰ ভাৰত পাক্ যুদ্ধৰ সময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰই কঠোৰ শব্দৰে প্ৰস্তাৱ অনুমোদন কৰি ভাৰত তথা পাকিস্তানক যুদ্ধবিৰতিত সন্মতি জনোৱাৰ কথা কোৱাৰ লগতে মাৰ্কিন যুক্তৰাষ্ট্ৰ তথা ছোভিয়েট ইউনিয়নৰ তীব্ৰ চাপ প্ৰয়োগৰ ফলতেই দুয়ো দেশে 1965 চনৰ 29 চেপ্তেম্বৰত ইউ এন প্ৰযোজিত যুদ্ধবিৰতি পালন কৰাৰ বাবে মান্তি হয়৷
  • ইউ এন এচ চিৰ 307 সংকল্পই ভাৰত তথা পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ দাবী জনাই 1971 চনৰ যুদ্ধৰ পৃষ্ঠভূমিত কাশ্মীৰ সমস্যাৰ উত্থাপন কৰে৷ ৰাষ্ট্ৰসংঘত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন কূটনীতিকবিদ গৰাকীয়ে বন্ধৰ চৰ্চাক ইংগিত কৰি কয় যে চীনৰ "ভাৰত-পাকিস্তানৰ প্ৰসংগ"ত বৰ্তমানৰ পত্ৰ যি 1971 চনত কাশ্মীৰৰ ওপৰত চৰ্চাৰ বাবে ব্যৱহাৰ কৰা হৈছিল সেইখন বৰ্তমান সময়ত প্ৰাসংগিক হয় নে নহয় সেইটো বিচাৰৰ যোগ্য৷
  • এই ক্ষেত্ৰত চীনৰ ভূমিকাও মনকৰিবলগীয়া কাৰণ বেইজিঙৰ পৰা পত্ৰখন বৈদেশিক মন্ত্ৰী এচ জয়শংকৰৰ বেইজিঙৰ পৰা ওভতাৰ এদিন পিছতহে প্ৰেৰণ কৰা হৈছে৷ উক্ত ভ্ৰমণত বৈদেশিক মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিকক্ষ ৱাং য়ীৰ লগত লগত হোৱা সাক্ষাৎকাৰত কাশ্মীৰৰ ওপৰত ভাৰতৰ অধিকাৰিক দিশটোক বাখ্যা কৰিছিল৷ বয়োজেষ্ঠ ৰাজনীতিবিদ সকলে কৈছে যে নিৰাপত্তা পৰিষদত কাশ্মীৰ সমস্যাৰ উত্থাপন এক ইতিবাচক দিশ নহয়,কিয়নো ইয়ে দৰ্শাই যে চীনে পাকিস্তানৰ চিন্তা সমূহ শান্ত কৰাৰ বাবে ইচ্ছুক৷
Intro:Body:

UNO and Kashmir


Conclusion:
Last Updated : Aug 17, 2019, 3:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.