ETV Bharat / bharat

ট্ৰাম্পৰ তিনিঘন্টীয়া গুজৰাট ভ্ৰমণত ব্যয় হ’ব 85 কোটি টকা

author img

By

Published : Feb 22, 2020, 11:06 AM IST

Updated : Feb 22, 2020, 11:52 AM IST

Trump's three hour stay in Ahmedabad to cost Gujarat govt Rs 85 crore
ট্ৰাম্পৰ তিনিঘন্টীয়া গুজৰাট ভ্ৰমণত ব্যয় হ’ব 85 কোটি টকা

মাত্ৰ তিনি ঘন্টাৰ বাবে আহমেদাবাদত উপস্থিত হ’বলগীয়া ট্ৰাম্পৰ ভ্ৰমণৰ সময়চোৱাত গুজৰাট চৰকাৰৰ ব্যয় হ’ব প্ৰায় 85 কোটি টকা ৷ ৰয়টাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ট্ৰাম্পৰ সুৰক্ষাৰ ক্ষেত্ৰত 12,000 আৰক্ষী গুজৰাট প্ৰশাসনে নিজস্বভাৱে বিশেষভাৱে গঠিত কৰিছে ৷ আনহাতে আহমেদাবাদ চহৰখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে 6 কোটি টকা ব্যয় হৈছে ৷

নেশ্যনেল ডেস্ক, 22 ফেব্ৰুৱাৰীঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অহা 24 আৰু 25 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব ৷ ইতিমধ্যেই ট্ৰাম্পৰ ভ্ৰমণৰ বাবে সাজু সকলো প্ৰস্তুতি ৷ 24 ফেব্ৰুৱাৰীত মাত্ৰ তিনি ঘন্টাৰ বাবে আহমেদাবাদত উপস্থিত হ’বলগীয়া ট্ৰাম্পৰ ভ্ৰমণৰ সময়চোৱাত গুজৰাট চৰকাৰৰ ব্যয় হ’ব প্ৰায় 85 কোটি টকা ৷ আহমেদাবাদ কৰ্তৃপক্ষই তিনি ঘন্টীয়া ট্ৰাম্প ভ্ৰমণৰ বাবে যাৱতীয় সকলো প্ৰস্তুতিৰ বাবে 80ৰ পৰা 85 কোটি টকা (11-12 মিলিয়ন ডলাৰ) ব্যয় হ’ব বুলি ধাৰণা কৰিছে ৷ আনহাতে এই ব্যয় গুজৰাটৰ বাৰ্ষিক বাজেটৰ গৃহ বিভাগৰ 1.5% ৰ সমতুল্য বুলি উল্লেখ কৰে ৷

ৰয়টাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ট্ৰাম্পৰ সুৰক্ষাৰ ক্ষেত্ৰত 12,000 আৰক্ষী গুজৰাট প্ৰশাসনে নিজস্বভাৱে বিশেষভাৱে গঠন কৰিছে ৷

বিজয় নেহৰাই উল্লেখ কৰে যে বৰ্তমানলৈ আন্তঃগাঁথনি তথা মোটেৰা ক্ৰিকেট ষ্টেডিয়ামৰ চৌপাশ উন্নত কৰাৰ ক্ষেত্ৰত সৰ্বমুঠ ব্যয় হৈছে 30 কোটি টকা ৷

আহমেদাবাদ বিমানবন্দৰৰ পৰা মোটেৰা ষ্টেডিয়ামলৈ যোৱা 20 কিঃমি পথত নতুনকৈ 18 টা পথ নিৰ্মাণ কৰা হৈছে ৷ নেহৰাই উল্লেখ কৰে যে গুজৰাট ক্ৰিকেট সংস্থাৰ সম্পাদক অশোক ব্ৰমভাট্টে জনোৱা অনুসৰি মুকলিৰ বাবে সম্পূৰ্ণ সাজু ষ্টেডিয়ামখন ৷ ট্ৰাম্পে উদ্বোধনী কৰিবলগীয়া ষ্টেডিয়ামখনত প্ৰায় 1 লাখ মানুহ উপস্থিত থাকিব বুলি ধাৰণা কৰা হৈছে ৷

আনহাতে আহমেদাবাদ চহৰখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে 6 কোটি টকা ব্যয় হৈছে ৷ আনহাতে ট্ৰাম্পে কৰিবলগীয়া ৰোড শ্ব’ৰ বাবে 2000তকৈ অধিক দুখীয়া শ্ৰেণীৰ লোকে বসবাস কৰা বস্তি অঞ্চলসমূহ ঢাকি দিয়াৰ বাবে আধা কিঃমি দৈৰ্ঘৰ এখন দেৱাল নিৰ্মাণ কৰা হৈছে ৷

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিবলগীয়া মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে 24 ফেব্ৰুৱাৰী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে নৱনিৰ্মিত বিশ্বৰ সৰ্ববৃবৎ ক্ৰিকেট ষ্টেডিয়াম মোটেৰাত ‘নমস্তে ট্ৰাম্প’ শীৰ্ষক এক বিশাল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ আনহাতে এই অনুষ্ঠানৰ পিচত সন্ধিয়া ট্ৰাম্পে আমেৰিকাৰ ফাৰ্ষ্ট লেডী তথা নিজৰ পত্নীৰ সৈতে তাজমহল দৰ্শনৰ বাবে আগ্ৰালৈ ৰাওনা হ’ব ৷ ইয়াৰ পিচত 25 ফেব্ৰুৱাৰীৰ পুৱা মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এক মুকলি সংবাদমেলত অংশগ্ৰহণ কৰিব ৷ সংবাদমেলৰ পিচত তেওঁ ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ দৰ্শন কৰিব ৷ তাৰ পিচত তেওঁ দিল্লীস্থিত হায়দৰাবাদ হাউচত এক দ্বি-পাক্ষিক বৈঠকৰ পিচত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি পুৱা 10 বজাত ৱাশ্বিংটনলৈ উৰা মাৰিব ৷

আৰু পঢ়কঃভাৰত ভ্ৰমণত ট্ৰাম্পৰ সৈতে উপস্থিত থাকিব জীয়ৰী ইবাংকা আৰু জোৱাই জেৰেড কোচনেৰ

Last Updated :Feb 22, 2020, 11:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.