ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইনক লৈ কেন্দ্ৰ চৰকাৰক উচ্চতম ন্যায়ালয়ৰ জাননী

author img

By

Published : Dec 18, 2019, 12:03 PM IST

অহা 22 জানুৱাৰীৰ আগত নাগৰিকত্ব সংশোধনী আইনক লৈ চৰকাৰে উচ্চতম ন্যায়ালয়ক দিব লাগিব উত্তৰ ৷ নাগৰিকত্ব সংশোধনী আইনৰ স্থগিতাদেশ ঘোষণা কৰিবলৈ অস্বীকাৰ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ ৷

নাগৰিকত্ব সংশোধনী আইনক লৈ কেন্দ্ৰ চৰকাৰক উচ্চতম ন্যায়ালয়ৰ জাননী
নাগৰিকত্ব সংশোধনী আইনক লৈ কেন্দ্ৰ চৰকাৰক উচ্চতম ন্যায়ালয়ৰ জাননী

নিউজ ডেস্ক, 18 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ পুনৰীক্ষণ আৱেদনক লৈ উচ্চতম ন্যায়ালয়ত প্ৰথমটো শুনানি সম্পন্ন ৷ "নাগৰিকত্ব সংশোধনী আইন"ক লৈ কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ ৷ অহা 22 জানুৱাৰীৰ আগত গোচৰৰ পৰৱৰ্তী শুনানিৰ আগেয়ে উচ্চতম ন্যায়ালয়ক উত্তৰ দিব লাগিব কেন্দ্ৰ চৰকাৰে ৷ বিলখন নাকচ কৰাৰ দাবীৰে দাখিল কৰা 59 খন পুনৰীক্ষণ আৱেদন পৰীক্ষা কৰি এই ৰায়দান উচ্চতম ন্যায়ালয়ৰ ৷ সৰলীকৃত ভাৱে চৰকাৰে ন্যায়ালয়ৰ আগত দাখিল কৰিব লাগিব নাগৰিকত্ব আইনৰ প্ৰকৃত উদ্দেশ্য ৷

ইফালে আইনখনৰ সন্দৰ্ভত অন্তৱৰ্তীকালীন স্থগিতাদেশ ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ ৷ মুখ্যন্যায়াধীশ এছ এ বোবডেৰ আদালতে প্ৰদান কৰিলে এই নিৰ্দেশ ৷ নাগৰিকত্ব সংশোধনী আইনৰ স্থগিতাদেশ প্ৰদান কৰাৰ দাবীৰে বৃহৎ সংখ্যক লোকে দাখিল কৰা সকলো পুনৰীক্ষণ আৱেদন সংলগ্ন কৰি এই ৰায়দান উচ্চতম ন্যায়ালয়ৰ ৷ ন্যায়ালয়ে ক'লে বৰ্তমানলৈকে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী নোহোৱা বাবে ইয়াত স্থগিতাদেশ জাৰী কৰিব পৰা নাযায় ৷

আৰু পঢ়ক: সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ডিব্ৰুগড় উপায়ুক্তৰ সংবাদমেল

Intro:Body:

SC NOTICE TO GOVT


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.