ETV Bharat / bharat

শ্ৰীনগৰৰ ঐতিহাসিক ৰঘুনাথ মন্দিৰ পুনৰ নিৰ্মাণ

author img

By

Published : Oct 20, 2020, 11:36 AM IST

নব্বৈৰ দশকৰ পূৰ্বে এক ঘটনাত ঐতিহাসিক ৰঘূনাথ মন্দিৰৰ ক্ষতিগ্ৰস্ত হৈছিল ৷ এই ঐতিহাসিক মন্দিৰটো বিগত তিনিটা দশক ধৰি জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছিল ৷ আনুমানিক 54 লাখ টকা ব্যয়েৰে মন্দিৰটো পুনৰ নিৰ্মাণ তথা সংস্কাৰৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে ৷

শ্ৰীনগৰৰ ঐতিহাসিক ৰঘুনাথ মন্দিৰ পুনৰ নিৰ্মাণ
শ্ৰীনগৰৰ ঐতিহাসিক ৰঘুনাথ মন্দিৰ পুনৰ নিৰ্মাণ

শ্ৰীনগৰ(জম্মু আৰু কাশ্মীৰ) 20 অক্টোবৰঃ শ্ৰীনগৰৰ পুৰণি ধৰ্মীয় স্থান সমূহৰ ঐতিহ্য সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে চৰকাৰে নগৰখনত কেবাটাও উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰিছে৷

শ্ৰীনগৰ চহৰৰ ফতেহ কদল অঞ্চলত ঝিলাম নৈৰ তীৰত অৱস্থিত শতিকা প্ৰাচীন ৰঘূনাথ মন্দিৰটোক আগৰ দৰে সজাই তোলাৰ বাবে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ ভগৱান ৰামৰ উদ্দেশ্যে উৎসৰ্গিত মন্দিৰটো কাশ্মীৰ উপত্যকাৰ ভিতৰত অন্যতম উপাসনাস্থলী হিচাপে পৰিচিত হৈ আহিছে ৷ মন্দিৰটো পুনৰুদ্ধাৰৰ বাবে যি আচনি গ্ৰহণ কৰা হৈছে সেয়া স্মাৰ্ট চিটিৰ অধিনত গ্ৰহণ কৰা হৈছে ৷ ৰাজ্যখনৰ পৰ্যটন বিভাগৰ তত্বাৱধানত পুনৰ নিৰ্মাণৰ কাম চলি আছে মন্দিৰটোৰ ৷

নব্বৈৰ দশকৰ পূৰ্বে এক ঘটনাত ঐতিহাসিক ৰঘূনাথ মন্দিৰৰ ক্ষতিগ্ৰস্ত হৈছিল ৷ এই ঐতিহাসিক মন্দিৰটো বিগত তিনিটা দশক ধৰি জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছিল ৷ আনুমানিক 54 লাখ টকা ব্যয়েৰে মন্দিৰটো পুনৰ নিৰ্মাণ তথা সংস্কাৰৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে আৰু এই কাম এই বছৰৰ শেষৰ ফালে অৰ্থাৎ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে ৷ সংস্কাৰৰ পিচতেই ঐতিহাসিক মন্দিৰটো ভক্তসকলৰ বাবে মুকলি কৰি দিয়া হ'ব ৷

1935 চনত ৰঘূনাথ মন্দিৰটো মহাৰাজা গুলব সিংহই নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল আৰু তেখেতৰ পুত্ৰ তথা উত্তৰসূৰী মহাৰাজা ৰণবীৰ সিংহই 1860 চনত এই মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ কাম সম্পূৰ্ণ কৰিছিল ৷ মন্দিৰৰ বাহিৰেও স্মাৰ্ট চিটি প্ৰকল্পৰ অধিনত এটা গীৰ্জা, এই এম টিত এটা গুৰুদ্বাৰা আৰু শ্ৰীনগৰৰ হাছানবাদত এটা ইমামবাদা পুনৰ নিৰ্মাণৰ কাম হাতত লৈছে ৷

লগতে চাওকঃ তেলেংগানা-অন্ধ্ৰ প্ৰদেশত প্ৰবল বৃষ্টিপাত হোৱাৰ অনুমান বতৰ বিজ্ঞান কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.