ETV Bharat / bharat

ভাৰতৰ অন্যতম নাৰী শক্তি হকী খেলুৱৈ ৰাণী ৰামপাল

author img

By

Published : Mar 4, 2020, 4:11 PM IST

ৰাণী ৰামপাল
ৰাণী ৰামপাল

1994 চনৰ 4 ডিচেম্বৰত মাৰকণ্ডাত ৰাণী ৰামপালৰ জন্ম হয় ৷ যিয়ে হকী খেলেৰে ভাৰতৰ ত্ৰিৰংগাক এক উচ্চ শিখৰত উপৱিষ্ট কৰিবলৈ সক্ষম হৈছে ৷

নিউজ ডেস্ক, 4 মাৰ্চঃ এগৰকী গৌৰৱান্বিত পিতৃ, যিগৰাকী পিতৃৰ জীয়ৰী কেৱল পদ্মভূষণৰ বাবে নিৰ্বাচিত হোৱাই নহয়, ৱৰ্ল্ড গেমছ এথলীট অৱ দ্যা ইয়েৰ পুৰস্কাৰেৰেও পুৰস্কৃত ৷ হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ এখন সৰু ঠাই শ্বাহাবাদৰ নিবাসী ৰাণী ৰামপালে ভাৰতৰ ত্ৰিৰংগাক এক উচ্চ শিখৰত উপবিষ্ট কৰিবলৈ সক্ষম হৈছে ৷ চতুৰ্থ শ্ৰেণীত থাকোতেই হকী ষ্টিকত খামোছ মৰা এইগৰাকী খেলুৱৈক পদ্মশ্ৰীৰ বাবে নিৰ্বাচন কৰা হৈছে ৷ তেওঁৰ মাতৃ-পিতৃৰ চকুত এই গৌৰৱ উজ্বলতাৰে জিলিকি থাকে ৷

হকী খেলুৱৈ ৰাণী ৰামপাল
হকী খেলুৱৈ ৰাণী ৰামপাল

1994 চনৰ 4 ডিচেম্বৰত মাৰকণ্ডাত ৰামপাল আৰু ৰামমূৰ্তিৰ ঘৰত জন্ম গ্ৰহণ কৰা ছোৱালীজনীৰ নাম ৰখা হয় ৰাণী ৷ ৰামপালে ঘোঁৰা গাড়ী চলাই নিজ পৰিয়ালটোৰ ভৰন-পোষণ কৰে ৷ যেতিয়া ৰাণী চতুৰ্থ শ্ৰেণীত পঢ়িছিল, তেতিয়া খেলপথাৰত ছোৱালীবোৰে খেলি থকা দেখি তেওঁৰো মনত হকী খেলাৰ ইচ্ছা জাগ্ৰত হয় ৷ তেওঁ মাত্ৰ 13 বছৰ বয়সতে ভাৰতীয় মহিলা হকী দলত অন্তৰ্ভুক্ত হৈছিল ৷

লাহে লাহে ৰাণীয়ে হকীত যথেষ্ট দক্ষতা দেখুৱায় আৰু ভাৰতীয় হকী দলৰ অধিনায়ক হয় ৷ হকীৰ ক্ষেত্ৰখনত যিমানেই তেওঁ আগবাঢ়ে সিমানেই তেওঁৰ পৰিয়ালৰ পৰিস্থিতিতো শুধৰণি আহে ৷ ৰাণীয়ে আন্তঃৰাষ্ট্ৰীয় স্তৰত নিজৰ ঠাইখনৰ লগতে ভাৰতৰো নাম উজ্বলায় ৷ ৰাণী ঘৰখনৰ আটাইতকৈ সৰু ৷ তেওঁৰ এগৰাকী ককায়েক ৰে'লৱেত কৰ্মৰত আৰু আনগৰাকী কোনো মতে কাম কৰি নিজৰ ঘৰখন চলাই আছে ৷

নাৰী শক্তিৰ নিদৰ্শন

ৰাণীৰ পিতৃয়ে কয় যে, ৰাণীয়ে পদ্মশ্ৰী বঁটা পোৱাত তেওঁ বহুত আনন্দিত আৰু বহু কষ্টৰ মাজেৰে তেওঁ নিজ জীয়ৰীক এই পৰ্যায়ত আনিবলৈ সক্ষম হয় ৷ ঘোঁৰা গাড়ী চলাই তেওঁ নিজ জীয়ৰীৰ প্ৰতিটো আশা পুৰণ কৰিছে ৷

ৰাণী ৰামপালৰ কেৰিয়াৰত দৃষ্টি নিক্ষেপ কৰিলে বহুতো কৃত্বিত্ব দেখিবলৈ পোৱা যায় ৷

  • 2013 চনৰ জুনিয়ৰ হকী বিশ্বকাপত তেওঁ প্লেয়াৰ অৱ দ্যা টুৰ্ণামেন্ট সন্মান লাভ কৰে
  • ৰাণী আছিল 2010 চনৰ হকী বিশ্বকাপত অংশগ্ৰহণ কৰা আটাইতকৈ কণিষ্ঠ খেলুৱৈ
  • তেওঁ 14 বছৰ বয়সতে নিজৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলে
  • তেওঁ 2009 চনত এছিয়া কাপত ভাৰতক ৰূপৰ পদক অৰ্জন কৰাত মুখ্য ভুমিকা গ্ৰহণ কৰে
  • 2010 চনৰ ৰাষ্ট্ৰীয় খেল আৰু এছিয়া খেলত তেওঁ ভাৰত দলত থাকে
  • 2013 চনত জুনিয়ৰ মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰে, যিটো বিশ্বকাপ হকী প্ৰতিযোগিতাত 38 বছৰ পিচত ভাৰতে লাভ কৰে ৷

ৰাণীয়ে যাতে এনেদৰেই হকীৰ ৰাণী হৈ জয়যাত্ৰ অব্যাহত ৰাখিছে ৷ তেওঁৰ মুখত সফলতাৰ হাঁহি যাতে সদায় বিৰিঙি থাকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.