ETV Bharat / bharat

ভাৰত বন্ধ প্ৰযোজ্য কৰাৰ অভিযোগত নিলম্বিত আৰক্ষীৰ উপ পৰিদৰ্শক

author img

By

Published : Dec 9, 2020, 7:41 AM IST

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এগৰাকী আৰক্ষীৰ উপ পৰিদৰ্শকে দোকান বন্ধ কৰিবলৈ বাধ্য কৰোৱাৰ পাচতে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হয় ৷ নিলম্বিত হোৱা উপ পৰিদৰ্শক ৰাম সুধাৰ যাদৱ সৰোজিনী নগৰৰ আৰক্ষী চাউনীত কৰ্মৰত অৱস্থাত আছিল ৷

SI suspended in lucknow
লক্ষ্ণৌত নিলম্বিত আৰক্ষীৰ উপ পৰিদৰ্শক

নিউজ ডেস্ক,9 ডিচেম্বৰ : মঙলবাৰে সমগ্ৰ দেশতে ভাৰত বন্ধ পালন কৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এগৰাকী আৰক্ষীৰ উপ পৰিদৰ্শকে দোকান বন্ধ কৰিবলৈ বাধ্য কৰোৱাৰ পাচতে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হয় ৷ সমগ্ৰ দৃশ্য এক ভিডিঅ’যোগে ভাইৰেল হৈছে ৷

লক্ষ্ণৌৰ আৰক্ষী আয়ুক্ত ডিকে ঠাকুৰে জনোৱা মতে, উপ পৰিদৰ্শক ৰাম সুধাৰ যাদৱ সৰোজিনী নগৰৰ আৰক্ষী চাউনীত কৰ্মৰত অৱস্থাত আছিল ৷ এলেকাটোৰ দোকানসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাচতে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হয় ৷

বিভাগে এক ভিডিঅ’ৰ সহায় লৈ উপ পৰিদৰ্শক গৰাকীক নিলম্বন কৰে ৷ ভিডিঅ’টিত তেওঁক ভাৰত বন্ধৰ সুযোগ লৈ চনু গুপ্তা আৰু শুভম গুপ্তা নামৰ দোকানী দুজনক দোকান বন্ধ কৰিবলৈ বাধ্য কৰোৱা দেখা গৈছে ৷

ইয়াৰ পাচতে উপ পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে প্ৰাথমিক তদন্ত কৰি কেন্দ্ৰীয় ডিচিপিৰ দ্বাৰা তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হয় ৷

লগতে পঢ়ক : এল.এ.ডি.চি. নিৰ্বাচনঃ 20খন আসন লাভ মিজো নেচনেল ফ্ৰণ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.