মালদ্বীপৰ পৰা উৰণ আৰম্ভ কৰা ছী-প্লেনৰ কোচিত অৱতৰণ

author img

By

Published : Oct 26, 2020, 1:01 PM IST

মালদ্বীপৰ পৰা উৰণ আৰম্ভ কৰা ছী-প্লেনৰ কোচিত অৱতৰণ
মালদ্বীপৰ পৰা উৰণ আৰম্ভ কৰা ছী-প্লেনৰ কোচিত অৱতৰণ ()

মালদ্বীপৰ পৰা কেৰালাৰ কোচি পালেহি স্পাইচজেটৰ টুইন অট্টাৰ ৩০০ ছী-প্লেন। কোচিৰ ভেণ্ডুৰুথী চেনেলত সফলতাৰে অৱতৰণ কৰিলে ছী-প্লেনখনে। মালদ্বীপৰ মালেৰ পৰা উৰণ আৰম্ভ কৰিছিল। এই ছী-প্লেনখনত এবাৰত ১২গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব।

নেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ: কেৰালাৰ কোচিৰ ভেণ্ডুৰুথী চেনেলত অৱতৰণ কৰিলে স্পাইচজেটৰ টুইন অট্টাৰ ৩০০ ছী-প্লেনে ।

মালদ্বীপৰ পৰা উৰণ আৰম্ভ কৰা ছী-প্লেনৰ কোচিত অৱতৰণ
স্পাইচজেটৰ টুইন অট্টাৰ ৩০০ ছী-প্লেনখন

মালদ্বীপৰ মালেৰ পৰা উৰণ আৰম্ভ কৰা ছী-প্লেনখনে দেওবাৰে সফলতাৰে কোচিৰ টেকনিকেল হল্টত অৱতৰণ কৰে । ১৯ খন আসনযুক্ত এই ছী-প্লেনখনত এবাৰত ১২গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব । সংবাদ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে নৌ-সেনাৰ ছাউথাৰ্ন নাভাল কামাণ্ডে ।

মালদ্বীপৰ পৰা উৰণ আৰম্ভ কৰা ছী-প্লেনৰ কোচিত অৱতৰণ

বিজ্ঞপ্তিটোত উল্লেখ কৰা মতে, ছী-প্লেনখনত বাৰ্থিং সুবিধা উপলব্ধ কৰোৱা হৈছিল । আহমেদাবাদৰ বাবে এই ছী-প্লেনৰ ব্যৱস্থা কৰা হৈছে । সবৰমতী নদীৰ তীৰৰ পৰা 'ষ্টেচ্যু অৱ ইউনিটী' স্থাপন কৰা স্থানলৈ পৰ্যটকক অনা-নিয়া কৰাৰ সুবিধাৰ বাবে এই ব্যৱস্থা কৰা হৈছে ।

মালদ্বীপৰ পৰা উৰণ আৰম্ভ কৰা ছী-প্লেনৰ কোচিত অৱতৰণ
স্পাইচজেটৰ টুইন অট্টাৰ ৩০০ ছী-প্লেন

উল্লেখ্য যে, এই একেইখিনি স্থানৰ পৰা নৌ-বিমান সেৱা 1953 চনৰ 4 ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল ৷

লগতে পঢ়ক:জম্মু-কাশ্মীৰ সমস্যাৰ বাবে দায়ী নেহৰু : জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.