ETV Bharat / bharat

দেশত COVID-19 পৰীক্ষণে অতিক্ৰম কৰিলে 40 লাখৰ ঘৰ

author img

By

Published : Jun 4, 2020, 8:10 AM IST

দেশত COVID-19 ত মৃত্যু হোৱা লোকৰ সংখ্যা 5,815 হোৱাৰ লগতে আক্ৰান্তৰ সংখ্যা 2,07,615 লৈ বৃদ্ধি পাইছে ৷ বুধবাৰে পুৱা 8 বজাত প্ৰদান কৰা তথ্য অনুসৰি, এটা দিনত দেশত সৰ্বাধিক 217 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে নতুনকৈ আক্ৰান্তৰ সংখ্যা 8,909 টা ৷ একেৰাহে চতুৰ্থ দিনৰ বাবে দেশত আক্ৰান্তৰ সংখ্যাই 8,000 ৰ ঘৰ অতিক্ৰম কৰিছে ৷

ভাৰতত নমুনা পৰীক্ষণ
দেশত COVID-19 পৰীক্ষণে অতিক্ৰম কৰিলে 40 লাখৰ ঘৰ

নেশ্যনেল ডেস্ক, 4 জুন : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে বুধবাৰে পুৱা জানিবলৈ দিয়া অনুসৰি, বৰ্তমানলৈকে দেশত COVID-19 ৰ পৰীক্ষণে 40 লাখৰ ঘৰ অতিক্ৰম কৰিছে ৷ 3 জুনৰ পুৱা 9 বজা পৰ্যন্ত সৰ্বমুঠ 41,03,233 টা নমুনা পৰীক্ষা কৰা হৈছে ৷ আনহাতে, মঙলবাৰৰ পুৱা 9 বজাৰ পৰা বুধবাৰৰ পুৱা 9 বজা পৰ্যন্ত 24 ঘন্টাত 1,37,158 টা নমুনা পৰীক্ষা কৰা হৈছে ৷ ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদৰ (ICMR) বিষয়ববীয়াই প্ৰদান কৰে এই তথ্য ৷

প্ৰতিদিনে ভাৰতত নমুনা পৰীক্ষণৰ সামৰ্থ হৈছে 1.4 লাখ ৷ দেশৰ 480 টা চৰকাৰী আৰু 208 টা ব্যক্তিগত লেবৰটৰীৰ জৰিয়তে এই পৰীক্ষণ সম্পন্ন কৰি থকা হৈছে ৷ তথ্য অনুসৰি, কিছুদিন পাচত দেশত COVID-19 পৰীক্ষণৰ সামৰ্থ 2 লাখলৈ বৃদ্ধি কৰা হ'ব ৷

উল্লেখ্য যে, দেশত COVID-19 ত মৃত্যু হোৱা লোকৰ সংখ্যা 5,815 হোৱাৰ লগতে আক্ৰান্তৰ সংখ্যা 2,07,615 লৈ বৃদ্ধি পাইছে ৷ বুধবাৰে পুৱা 8 বজাত প্ৰদান কৰা তথ্য অনুসৰি, এটা দিনত দেশত সৰ্বাধিক 217 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে নতুনকৈ আক্ৰান্তৰ সংখ্যা 8,909 টা ৷ একেৰাহে চতুৰ্থ দিনৰ বাবে দেশত আক্ৰান্তৰ সংখ্যাই 8,000 ৰ ঘৰ অতিক্ৰম কৰিছে ৷

স্বাস্থ্য মন্ত্ৰণালয়ে জানিবলৈ দিয়া অনুসৰি, বৰ্তমান দেশত সক্ৰিয় ঘটনা 1,01,497 টা আৰু আক্ৰান্ত সকল চিকিৎসকৰ তত্বাৱধানত আছে ৷

মন্ত্ৰণালয়ে কয়, "যোৱা 24 ঘন্টাত 4,776 জন লোক আৰোগ্য হৈ উঠিছে ৷ ইয়াৰ জৰিয়তে আৰোগ্যৰ সংখ্যা 1,00,303 হোৱাৰ লগতে আৰোগ্যৰ হাৰ 48.31 শতাংশ হৈছে ৷ আনহাতে, মৃত্যুৰ হাৰ 2.80 শতাংশ ৷"

ৰোগ নিৰ্মূলৰ বাবে দেশৰ স্বাস্থ্য আন্তঃগাঁথনি সম্পৰ্কত মন্ত্ৰণালয়ে কয় যে, 952 খন COVID হাস্পতালত 1,66,332 আইচ'লেছন বিচনা, 21,393 আইচিইউ বিচনা আৰু 72,762 অক্সিজেনযুক্ত বিচনা আছে ৷ ইয়াৰোপৰি, 2,391 টা COVID স্বাস্থ্য কেন্দ্ৰত 1,34,945 আইচ'লেছন বিচনা, 11,027 আইচিইউ বিচনা আৰু 46,875 অক্সিজেনযুক্ত বিচনা আছে ৷

ইয়াৰোপৰি, কেন্দ্ৰই ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সংস্থা সমূহলৈ 125.28 লাখ N95 মাস্ক আৰু 101.54 লাখ PPE কিট প্ৰদান কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.