ETV Bharat / bharat

ঋষি কাপুৰৰ অন্তিম সৎকাৰত উপস্থিত থাকিব নোৱাৰা ৰিধিমাৰ গাড়ীৰে যাত্ৰা মুম্বাইলৈ

author img

By

Published : May 1, 2020, 11:12 PM IST

ৰিধিমা কাপুৰে চাহানী
Lock Down: ঋষি কাপুৰৰ অন্তিম সৎকাৰত উপস্থিত থাকিব নোৱাৰে কন্যা, দিল্লীৰ পৰা মুম্বাইলৈ গাড়ীৰে যাত্ৰা ৰিধিমাৰ

মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি চলা লক ডাউনৰ বাবেই পিতৃ তথা প্ৰয়াত বলীউদ অভিনেতা ঋষি কাপুৰৰ অন্তিম সৎকাৰত উপস্থিত থাকিব নোৱাৰিলে কন্যা ৰিধিমা কাপুৰে চাহানী । যাৰ বাবে বৃহস্পতিবাৰে পিতৃৰ মৃত্যুৰ পাচতে দিল্লীৰ পৰা মুম্বাইৰ মাতৃগৃহলৈ নিজৰ গাড়ীৰে যাত্ৰা কৰে ৰিধিমাই ।

নিউজ ডেস্ক, ১ মে': দেশজুৰি চলা লকডাউন বাবেই পিতৃ তথা প্ৰয়াত বলীউদ অভিনেতা ঋষি কাপুৰৰ অন্তিম সৎকাৰত উপস্থিত থাকিব নোৱাৰিলে কন্যা ৰিধিমা কাপুৰ চাহানী । সেয়েহে বৃহস্পতিবাৰে পিতৃৰ মৃত্যুৰ পাচতে দিল্লীৰ পৰা মুম্বাইৰ মাতৃগৃহলৈ নিজৰ গাড়ীৰে যাত্ৰা কৰে ৰিধিমাই । মুম্বাই প্ৰশাসনৰ পৰা গাড়ী চলোৱাৰ বাবে অনুমতি লাভ কৰাৰ পাচতে দিল্লীৰ পৰা মুম্বাইলৈ যাত্ৰা কৰে ৰিধিমা কাপুৰ চাহানীয়ে ।

ৰিধিমা কাপুৰে চাহানী
Lock Down: ঋষি কাপুৰৰ অন্তিম সৎকাৰত উপস্থিত থাকিব নোৱাৰে কন্যা, দিল্লীৰ পৰা মুম্বাইলৈ গাড়ীৰে যাত্ৰা ৰিধিমাৰ

যাত্ৰাকালত ৰিধিমা কাপুৰে চাহানীয়ে "Driving home ma... enroute Mumbai," লিখি যাত্ৰাকালৰ এটি সৰু ভিডিঅ' শ্বেয়াৰ কৰে ।

আনহাতে, ইয়াৰ পূৰ্বে ঋষি কাপুৰৰ কন্যা ৰিধিমাই ইনষ্টাগ্ৰামত পিতৃৰ মৃত্যুৰ পাচতে "I miss you so much already papa! Come back na..."বুলি শ্বেয়াৰ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.