ETV Bharat / bharat

ভাৰত অবিহনে RCEP দুৰ্বলঃ অষ্ট্ৰেলিয়ান আমোলা

author img

By

Published : Nov 13, 2019, 4:53 AM IST

ভাৰতে Regional Comprehensive Economic Partnershipৰ পৰা ওলাই অহা বিষয়ক লৈ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন আমোলা পিটাৰ ভাৰ্গিছ আৰু দেশৰ জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ মাজত হোৱা এক সাক্ষাৎকাৰৰ অসমীয়া সংস্কৰণ তলত দাঙি ধৰা হৈছে ৷

ভাৰত অবিহনে RCEP দুৰ্বলঃ অষ্ট্ৰেলিয়ান আমোলা

ব্যাপক আঞ্চলিক অৰ্থনৈতিক সহযোগিতা অৰ্থাৎ (Regional Comprehensive Economic Partnership) চমুকৈ RCEPত যোগদান কৰাটো ভাৰতৰ অৰ্থনৈতিক উন্নতি থকা দেশখনৰ হিতৰ বাবে গুৰুত্বপূৰ্ণ ৷ মঙলবাৰে এইদৰে মন্তব্য কৰে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন শীৰ্ষ আমোলা পিটাৰ ভাৰ্গিছে ৷ অষ্ট্ৰেলিয়াৰ বৈদেশিক পৰিক্ৰমা আৰু ব্যৱসায় বিভাগৰ প্ৰাক্তন সচিব তথা ভাৰতত কৰ্মৰত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উচ্চায়ুক্ত হৈছে পিটাৰ ভাৰ্গিছ ৷ অষ্ট্ৰেলিয়াৰ চৰকাৰৰ সহযোগত ভাৰ্গিছে যোৱাবছৰ প্ৰকাশ কৰিছিল India Economy Strategy Paper নামে গৱেষনা পত্ৰ ৷ শেহতীয়াকৈ CIIৰ দ্বাৰা আয়োজিত এখন চেমিনাৰত নিজৰ গৱেষনা পত্ৰখন সম্পৰ্কে মঙলবাৰে আলোচনাত মিলিত হয় ভাৰ্গিছ ৷ ভাৰ্গিছে আশা কৰে যে, ভৱিষ্যতে ভাৰতে RCEPত যোগদান কৰিব ৷ "যদিহে বৰ্তমান সময়ৰ বিশ্ব অৰ্থনীতিৰ দৃষ্টিকোণৰ পৰা লক্ষ্য কৰি ব্যৱসায় উদাৰীকৰণে সন্মুখীন হোৱা হেঁচাসমূহলৈ মন দিয়া হয়, তেতিয়া এটা চুক্তিত উপনীত হ'বৰ বাবে বিশ্ব জনমুৰি আয়ৰ তৃতীয়াংশ আৰু বিশ্বজনসংখ্যাৰ তৃতীয়াংশই একেটা সময়তে ব্যৱসায়ৰ উদাৰীকৰণৰ বাবে গম্ভীৰভাৱে পৰীক্ষণ কৰি আছে যিটো এক মহান কাম ৷ ভাৰতৰ নিজা অৰ্থনৈতিক ইচ্ছা আৰু আকাংক্ষাসমূহৰ বাবে মই ভাবো যে, যিকোনো সময়তে ইয়াৰ পৰা বাহিৰত ওলোৱাতকৈ অধিক সফল হ'ব ইয়াৰ সৈতে সংযুক্ত হোৱা ৷ সেইবাবেই আমি আশাবাদী যে, আহিবলগীয়া ভৱিষ্যতত ভাৰতক আমি RCEPৰ ভিতৰত দেখিম ৷" এইদৰে মতপ্ৰকাশ কৰে পিটাৰ ভাৰ্গিছে ৷

বিভিন্ন দেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক মুক্ত বাণিজ্য চুক্তিৰ ওপৰত চলি থকা বিচাৰধাৰা আৰু ইয়াৰ সমালোচনা সন্দৰ্ভত সোধাত ভাৰ্গিছে কয় যে, বাণিজ্যিক উদাৰীকৰণ সন্দৰ্ভত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দুয়োৰে বেলেগ বেলেগ নীতি-আকাংক্ষা আছে ৷ তেওঁ লগতে উল্লেখ কৰে যে,ভাৰতৰ মিশ্ৰিত অভিজ্ঞতা আৰু মুক্ত বাণিজ্য চুক্তিৰ ওপৰত থকা ইয়াৰ আকাংক্ষাৰ পৰিসীমা যথেষ্ট কম ৷ যাৰ তুলনাত মুক্ত বাণিজ্য চুক্তিৰ ওপৰত থকা অষ্ট্ৰেলিয়াৰ কেন্দ্ৰীকৃত ব্যৱস্থাই অৰ্থব্যৱস্থাৰ বাবে অধিক উপযোগী উপকৰণ ৷

দক্ষিণ-পূব এছিয়া ৰাষ্ট্ৰসমূহৰ সংস্থা চমুকৈ আছিয়ানৰ 10খনকৈ সদস্য ৰাষ্ট্ৰ আৰু ইয়াৰ সহযোগী চীন, জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ সৈতে দীৰ্ঘ আলোচনাৰ অন্তত বেংককত অনুষ্ঠিত হোৱা আছিয়ান সন্মিলনৰ সময়তে ভাৰতে RCEPৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছিল ৷ "আজি চাৰিওফালে লক্ষ্য কৰিলে আমি দেখা পাঁও, RECPৰ সাত বছৰীয়া পৰিক্ৰমাত বহুটো, বিশেষকৈ বিশ্ব অৰ্থনৈতিক আৰু বাণিজ্যিক ছবিখনত বহুটো পৰিৱৰ্তন দেখিবলৈ পাঁও ৷ আমি তাক আওকান কৰিব নোৱাৰো ৷ বৰ্তমান সময়ৰ RCEP চুক্তিয়ে RECPৰ নীতিসন্মত পৰিচালনা আৰু ইয়াৰ উদ্দেশ্যক সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰিব নোৱাৰে ৷ ই সন্তোষজনকভাৱে ভাৰতৰ মুল সমস্যাসমূহকো সম্বোধিত কৰিব নোৱাৰে ৷ এনেকুৱা পৰিস্থিতিত ভাৰতৰ বাবে RECP ত যোগদান কৰাটো সম্ভৱপৰ নহয় ৷" RECPৰ পৰা ওলাই অহাৰ সিদ্ধান্তৰ বিষয়ে থাইলেণ্ডত এইদৰে মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে ৷

RECP ত্যাগ কৰিলে মুক্ত বাণিজ্য চুক্তিৰ ওপৰত আমেৰিকা আৰু ইউৰোপিয়ান ইউনিয়নৰ সৈতে চলি থকা সিদ্ধান্তসমূহত ভাৰতৰ কি প্ৰতিক্ৰিয়া হ'ব সেইসম্পৰ্কে সোধা হৈছিল ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগ (অৰ্থনীতি শাখা আৰু ৰাজ্যসমূহ)ৰ অতিৰিক্ত সচিব পি হৰিষক ৷ তেওঁ কয় যে, RECPৰ 15 সদস্যৰ পক্ষে ভাৰতৰ ব্যৱসায়িক ঘাটি এক প্ৰত্যাহ্বান ৷ যাৰ তুলনাত আমেৰিকা আৰু ইউৰোপিয়ান ইউনিয়নৰ সৈতে ভাৰতৰ ব্যৱসায়িক লাভ অধিক ৷

পিটাৰ ভাৰ্গিছৰ দ্বাৰা প্ৰকাশিত India Economy Strategy Paper হৈছে 2035 চনৰ ভিতৰত ব্যৱসায়, বাণিজ্য আৰু বিনিয়োগ অংশীদাৰিত্বৰ ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বাবে এক শক্তিশালী ব্লুপ্ৰিন্ট ৷ ভাৰতীয় জনগাঁথনিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বজাৰত অষ্ট্ৰেলিয়াৰ বাবে অধিক পৰিমানে সামগ্ৰী ৰপ্তানি কৰিবলৈ ভাৰ্গিছে প্ৰয়াস কৰিছে ৷ ভাৰতৰ অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি, ভাৰত চৰকাৰে অটোমবাইলছৰ পৰা ৰিয়েল ইষ্টেটৰ দৰে খণ্ডসমূহক অধিক গুৰুত্ব প্ৰদান কৰি অৰ্থনৈতিক সুস্থিৰতা লাভৰ কথা উল্লেখ কৰে অতিৰিক্ত সচিব পি হৰিষে ৷ ছেমিনাৰত অংশগ্ৰহণকাৰীসকলে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত পৰ্যটন আৰু ব্যৱসায় বৃদ্ধি কৰিবলৈ প্ৰত্যক্ষ বায়ু যোগাযোগ ব্যৱস্থাৰ ওপৰত আলোকপাত কৰে ৷ দুয়োখন দেশৰ মাজৰ ব্যৱসায়িক সম্পৰ্ক উন্নত কৰিবলৈ শক্তি, নৱীকৰণযোগ্য শক্তি, ফিনটেক, এনিমেশ্বন গেমিং, বেংকি, মেডিকেল টেকন'লজি, জেমচ আৰু জুৱেলাৰীৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে ৷

ছেমিনাৰৰ সমাপ্তিৰ পিচতে দেশৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাই পিটাৰ ভাৰ্গিছৰ সৈতে ভাৰতে RECPৰ পৰা ওলাই অহাৰ সন্দৰ্ভত এক সাক্ষাৎকাৰ সম্পন্ন কৰে ৷ তলত সাক্ষাৎকাৰৰ হুবহু প্ৰতিলিপি দাঙি ধৰা হৈছে ৷

প্ৰশ্নঃ India Economy Strategy Paperৰ প্ৰতিবেদনখনৰ উল্লেখনীয় অগ্ৰগতি কি?

উত্তৰঃ অগ্ৰগতি হোৱা ক্ষেত্ৰটো হ'ল চৰকাৰে এইক্ষেত্ৰত পদ্ধতিগত দৃষ্টিকোণৰ পৰা ইয়াক গ্ৰহণ কৰিছে ৷ আমি গ্ৰহণ কৰা কাৰ্যব্যৱস্থা ৰূপায়িত কৰিবলৈ আমাৰ ওচৰত এটা নিৰ্দিষ্ট ব্যৱস্থা ইয়াত উল্লেখ আছে ৷

প্ৰশ্নঃ ভাৰতে RECPৰ পৰা ওলাই আহি বিশ্বক কি বাৰ্তা প্ৰদান কৰিব বিচাৰিছে?

উত্তৰঃ RECP ভাৰতৰ বাবে এক শক্তিশালী চুক্তি হ'লহেতেন ৷ মই আমাক যোগদান নকৰাৰ পক্ষত ভাৰতৰ স্থিতি ভালদৰে পঢ়ি চোৱা নাই ৷ আমি আমাৰ দুৱাৰখন সকলোৰে বাবে বহলভাৱে খুলি ৰাখিছো আৰু আশা কৰিছো ভাৰতে সেই দুৱাৰেদি এদিন প্ৰৱেশ কৰিব ৷ মই ভাৱো যে, সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ বাবে গ্ৰহণ কৰা বাণিজ্যিক উদাৰীকৰণৰ নীতিত ভাৰতক সামৰি লোৱাৰ লগতে ভাৰতৰ দীৰ্ঘদিনীয়া বাণিজ্য উদাৰীকৰণ এজেণ্ডাৰ সৈতে এক বৃহৎ বিশ্ব অৰ্থনৈতিক উদাৰীকৰণৰ বাবে ভাৰতে আগবাঢ়ি আহিব বিছাৰে ৷

প্ৰশ্নঃ ভাৰতীয় উদ্যোগে যুক্তি দিছে যে, কম মুল্যৰ চীনা সামগ্ৰীৰে ইয়াৰ বজাৰ উভৈনদী হৈ পৰিব, চৰকাৰে যুক্তি দিছে যে, আছিয়ানৰ সৈতে মুক্ত বাণিজ্যিক উদাৰীকৰণে ইয়াৰ বাণিজ্যিক ঘাটি এক প্ৰতিবন্ধকতা হিচাপে দেখা দিব ৷ আপোনাৰ মতামত?

উত্তৰঃ আচলতে এয়া ভাৰতৰ সিদ্ধান্ত ৷ আমি সকলোৱে মুক্ত বাণিজ্যিক উদাৰীকৰণত ঘৰুৱাভাৱে পিচপৰি আছো ৷ আমি সকলোৱে লাভৰ স্থিৰতাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব ৷ মই এইটোৱে ক'ব বিচাৰো যে, মুক্ত বাণিজ্যিক উদাৰীকৰণত অষ্ট্ৰেলিয়াৰ অভিজ্ঞতাই ফলাফল আনিব ৷ যদিহে লক্ষ্য কৰা যায়, চীন, জাপান আৰু অন্যান্য দেশসমূহৰ সৈতে আমি কৰা চুক্তিসমূহ যিসমূহ আৱদ্ধ হৈ ৰৈছে, সকলো বাণিজ্যিক আৰ্হিয়ে উন্নতি কৰাৰ লগতে দুয়োপক্ষই লাভাম্বিত হৈছে ৷ মই ভাৱো যে, ইয়াত দুয়োপক্ষৰে লাভ হোৱাকৈ ইয়াক আমি গঢ়ি তুলিব পাৰো আৰু ইয়াৰ কোনো হৰা-জিকাৰ কথা আহি নপৰে ৷

প্ৰশ্নঃ আপুনি ভাৱে নেকি যে, চীনৰ বাবে ভাৰত ডাম্পিং গ্ৰাউণ্ডত পৰিণত হ'ব?

উত্তৰঃ মই ভাৰতৰ চিন্তাৰ বিষয়টো বুজি পাঁও ৷ কিন্তু শেষত ভাৰতে ইয়াৰ আগ্ৰহত এক স্থিৰতা ৰাখিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব ৷ কোনো দেশৰে প্ৰতিটো খণ্ডই উন্নত স্তৰত নাই ৷ এয়া একমাত্ৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ যিটো চৰকাৰে গ্ৰহণ কৰে ৷

প্ৰশ্নঃ আপুনি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ Comprehensive Economic Cooperation Agreementক লৈ আশাবাদী নে?

উত্তৰঃ RECPৰ প্ৰতি লক্ষ্য ৰাখি CECAক শেহতীয়াকৈ বন্ধ কৰি ৰখা হৈছে ৷ এতিয়া RECPক লৈ আমাৰ এক স্পষ্ট ধাৰণা আছে, চৰকাৰে সেই অনুসৰিয়ে আগবাঢ়িব লাগিব ৷ এই অৰ্থনৈতিক সম্পৰ্কৰ লগতে বাণিজ্য আৰু বিনিয়োগ শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে বহুটো কৰিবলগীয়া আছে ৷ যিটো CECAৰ ওপৰত নিৰ্ভৰশীল নহয় ৷ আমি কেতিয়াও ভাবিব নোৱাৰো যে, দুয়োখন দেশৰে সম্পৰ্ক RECP আৰু CECAৰ ওপৰতে বৰ্তি থাকিব ৷

প্ৰশ্নঃ ভাৰতে RECPত যোগদান নকৰিলে ই লোকচানৰ সন্মুখীন হ'বনেকি?

উত্তৰঃ ভাৰতৰ অংশগ্ৰহণ অবিহনে RECP দুৰ্বল ৷ মই ভাৱো, RECPত ভাৰতে যোগদান কৰাটো ইয়াত যোগদান নকৰাতকৈ অধিক শক্তিশালী ৷ অষ্ট্ৰেলিয়াৰ দৰে দেশৰ বাবে ভাৰতে RECPত যোগদান কৰাক লৈ দুৱাৰ খোলা আছে, মোৰ বিশ্বাস এই দুৱাৰেদি ভাৰতে সোমাই আহিব ৷ যদিহে আপুনি সেইসময়ত সমসাময়িক বিশ্ব অৰ্থনীতিলৈ লক্ষ্য কৰে আৰু বাণিজ্যিক উদাৰীকৰণে সন্মুখীন হোৱা চাপলৈ লক্ষ্য কৰে, এখন চুক্তি যিয়ে বিশ্ব জনমুৰি আয়ৰ এক তৃতীয়াংশৰ লগতে বিশ্ব জনসংখ্যাৰ এক তৃতীয়াংশ সামৰি লয়, বাণিজ্যিক উদাৰীকৰণক এখোজ আগলৈ নিয়াৰ বাবে যথেষ্টখিনি সংশোধন কৰা হৈছে ৷ ভাৰতৰ নিজৰ অৰ্থনৈতিক চিন্তাধাৰা আৰু আকাংক্ষাৰ ক্ষেত্ৰত, মই আশা কৰো RECPৰ পৰা বাহিৰ হোৱাতকৈ ইয়াত সংযুক্ত হোৱাটো অধিক বিচাৰ্য্য বিষয় ৷ সেয়ে আমি আশাবাদী যে, যথেষ্ট কমসময়ৰ ভিতৰতে ভাৰতে নিজকে RECPৰ সৈতে সংযুক্ত কৰি ল'ব ৷

Intro:Body:

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.