ETV Bharat / bharat

এতিয়াৰে পৰা দিল্লী-হাৱৰা ৰেলপথেৰে প্ৰতিঘণ্টাত ১৬০ কিঃমিঃ বেগেৰে চলিব ৰেল

author img

By

Published : Jul 2, 2020, 3:04 PM IST

ৰেলৰ গতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে ভাৰতীয় ৰেল বিভাগে । ইতিমধ্যে ইয়াৰ বাবে যাবতীয় কাম-কাজ আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। ৰেলসমূহৰ গতি বৃদ্ধি হ'লে যাত্ৰীসকলে পূৰ্বৰ তুলনাত সোনকালে গন্তব্য স্থানত উপস্থিত হ'ব পাৰিব।

Railway
Railways to speed up trains upto 160 kmph on Delhi-Howrah, Delhi-Mumbai routes

নিউজ ডেস্ক, ২ জুলাইঃ দেশৰ ভিতৰত দিল্লী-মুম্বাই আৰু দিল্লী-হাৱৰা ৰেলপথেৰে অধিক সংখ্যৰ ৰেল চলাচল কৰে। সেয়েহে এই দুয়োটা ৰেলপথতে ৰেলসমূহৰ চলাচল সময়তকৈ পলমকৈ হোৱা দেখা যায় আৰু ইয়াৰ ফল ভূগিবলগীয়া হয় যাত্ৰীসকলে। কিন্তু শীঘ্ৰে এই দুই পথেৰে চলাচল কৰা ৰেলৰ গতি বৃদ্ধি পাব।

২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত দিল্লী-মুম্বাই আৰু দিল্লী-হাৱৰা ৰেলপথেৰে প্ৰতিঘণ্টাত প্ৰায় ১৬০ কিলোমিটাৰ বেগেৰে ৰেলসমূহ চলাচল কৰিব। ৰেলসমূহৰ গতি বৃদ্ধি হ'লে যাত্ৰীসকলে পূৰ্বৰ তুলনাত সোনকালে নিজৰ গন্তব্য স্থানত উপস্থিত হ'ব পাৰিব।

এই দুই ৰেলপথেৰে প্ৰতিঘণ্টাত ১৬০ কিলোমিটাৰ বেগেৰে ৰেলসমূহৰ চলাচলৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে বুলি প্ৰদীপ কুমাৰ নামৰ ৰেলৱে বৰ্ডৰ এগৰাকী সদস্যই উল্লেখ কৰে । দিল্লী-মুম্বাই ৰেলপথেৰে ১৬০ কিলোমিটাৰ বেগত ৰেলসমূহ চলাচল কৰিলে পূৰ্বৰ তুলনাত প্ৰায় ৩ ঘণ্টা ৩০ মিনিট সময় কম লাগিব। একেদৰে, দিল্লী-হাৱৰা ৰেলপথতো প্ৰায় ৫ ঘণ্টা সময় কম লাগিব। ৰেলৱে বোৰ্ডৰ সদস্যগৰাকীয়ে উল্লেখ কৰা অনুসৰি এই পথসমূহত ১৬০ কিলোমিটাৰ বেগেৰে ৰেল চলাচল কৰিব পৰাকৈ প্ৰায় সাজু হৈ উঠিছে।

ইয়াৰ উপৰি দিল্লী-চেন্নাই, দিল্লী-মুম্বাই আৰু দিল্লী-হাৱৰা "Golden Quadrilateral" ৰেলপথেৰে প্ৰতিঘণ্টাত প্ৰায় ১৩০ কিলোমিটাৰ বেগত ৰেল চলাচল কৰিব পৰাকৈ ৰেলপথ উন্নীত কৰি থকা হৈছে বুলিও প্ৰদীপ কুমাৰে জানিবলৈ দিয়ে । উল্লেখ্য যে, উক্ত ৰেলপথসমূহেৰে প্ৰতিঘণ্টাত প্ৰায় ১৩০ কিলোমিটাৰ গতিবেগেৰে বন্দে ভাৰত নামে এখন মধ্যমীয়া-দ্ৰুত গতি (semi-high speed)ৰ ৰেল চলাচল কৰিব। তদুপৰি ৰেল বিভাগে ৰাজধানী এক্সপ্ৰেছ আৰু শতাব্দী এক্সপ্ৰেচৰ গতিও বৃদ্ধি কৰিছে ।

বিগত কেইবাবছৰ ধৰি উন্নত প্ৰযুক্তিৰে ডবা, সংকেট আদি সকলো সুবিধা উন্নীতকৰণ কৰাৰ বাবে ৰেল বিভাগে চেষ্টা অব্যাহত ৰাখিছে । কোভিড-১৯ সংকটৰ বাবে সকলো যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ হৈ থকাৰ সময়তে ৰেল বিভাগে সকলো সুবিধা উন্নীতকৰণ, মেৰামতি আদিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.