ETV Bharat / bharat

অসামৰিক সেৱা দিৱসঃ আমোলাসকলক ধন্যবাদ জ্ঞাপন ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Apr 21, 2020, 5:17 PM IST

অসামৰিক সেৱা দিৱসত দেশৰ সকলো অসামৰিক সেৱাৰ বিষয়াসকলক তেওঁলোকৰ সেৱাৰ বাবে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে । ৰাজহুৱা জীৱনৰ উন্নতিৰ বাবে এইসকল বিষয়াই আগবঢ়োৱা সেৱাৰ ফলতেই দেশৰ উন্নয়ন সম্ভৱপৰ হৈছে বুলি কৃতজ্ঞতা জ্ঞাপন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

অসামৰিক সেৱা দিৱসঃ আমোলাসকলক ধন্যবাদ জ্ঞাপন
অসামৰিক সেৱা দিৱসঃ আমোলাসকলক ধন্যবাদ জ্ঞাপন

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে দেশৰ আমোলাসকলক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে । অসামৰিক সেৱা দিৱসৰ দিনটোত দেশৰ বিকাশ আৰু উন্নয়নত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইদৰে আমোলাসকলক তেওঁলোকৰ এই বিশেষ দিনটোত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে দেশৰ দুয়োগৰাকী সৰ্বোচ্চ কাৰ্যবাহী আৰু ন্যায়িক প্ৰধানে ।

  • On Civil Services Day, greetings to all civil servants, past and present, and their families. Our civil services have played a key role in implementing policies and programs for public welfare.

    — President of India (@rashtrapatibhvn) April 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইট কৰি, "আজিৰ অসামৰিক সেৱা দিৱসত সকলো অসামৰিক সেৱাৰ সৈতে জড়িত বিষয়াসকলৰ লগতে তেওঁলোকৰ পৰিয়ালক অভিবাদন । আমাৰ অসামৰিক সেৱাৰ বিষয়াসকলে দেশৰ নীতি আৰু আঁচনিসমূহ তৈয়াৰ কৰাৰ লগতে সেইসমূহ কাৰ্যকৰী কৰি ৰাজহুৱা উন্নয়নত বিশেষ ভূমিকা পালন কৰিছে ।" বুলি অভিবাদন জ্ঞাপন কৰে ।

আন এক টুইটৰ দ্বাৰা ৰাষ্ট্ৰপতিগৰাকীয়ে "আজিৰ এই বৰ্তমান সময়ত আমাৰ দেশৰ শক্তিশালী পৰিকাঠামত, অসামৰিক সেৱাৰ বিষয়াসকলে তেওঁলোকৰ সক্ষমতা প্ৰকাশ কৰি দায়িত্ববোধ আৰু কৰ্মনিষ্ঠাৰে কোভিড-১৯ৰ দৰে মহামাৰীৰ সৈতে যুঁজ দিবলৈ সক্ষম হৈছে । বিশ্বাসযোগ্য যে, আমাৰ অসামৰিক সেৱাধাৰীসকলে উপযুক্ত পৰম্পৰাৰে দেশৰ সেৱা আগবঢ়াই যাব ।" বুলি কয় ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কভিড-১৯ৰ বিৰুদ্ধে কৰা যুঁজখনত অসামৰিক সেৱাৰ বিষয়াসকলৰ শলাগ লয় । এক টুইটৰ দ্বাৰা "আজিৰ অসামৰিক সেৱাৰ দিনটোত মই সকলো অসামৰিক সেৱাৰ বিষয়া আৰু তেওঁলোকৰ পৰিয়ালক শুভেচ্ছা জনাইছো । মই এই চেগতে ভাৰতে কোভিড-১৯ক শক্তিশালীভাৱে পৰাজিত কৰিবলৈ তেওঁলোকৰ কৰ্মনিষ্ঠাৰ শলাগ লৈছো । প্ৰতিমূহুৰ্ততে তেওঁলোকে কামত ব্যস্ত হৈ যাতে সকলোৱে সুস্থ আৰু সুৰক্ষিত হৈ থাকিব পাৰে ।" বুলি শুভেচ্ছা বাৰ্তা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

  • On Civil Services Day, tributes to the great Sardar Patel, who envisioned our administrative framework and emphasised on building a system that is progress-oriented and compassionate.

    Sharing my speech from Civil Services Day in 2018. https://t.co/KANhpFsTkd

    — Narendra Modi (@narendramodi) April 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আন এক টুইটৰ দ্বাৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ এই অসামৰিক সেৱা দিৱসত চৰ্দাৰ বল্লভভাই পেটেলক স্মৰণ কৰে, যিয়ে দেশ পৰিচালনাৰ আমোলাতান্ত্ৰিক পৰিকাঠামটো সুদৃঢ়ভাৱে গঠন কৰি থৈ গৈছে । এই চেগতে প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনৰ অসামৰিক সেৱা দিৱসত প্ৰদান কৰা ভাষণৰ কিয়দাংশ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।

লগতে পঢ়কঃ ৰাজ্যলৈ এপ্ৰিল মাহৰ বাবে 46,038 কোটি টকা ঘোষণা বিত্ত মন্ত্ৰণালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.