ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ "মন কি বাত"ত অযোধ্যা প্ৰসংগ

author img

By

Published : Oct 27, 2019, 7:39 PM IST

দেশৰ ঐক্য আৰু সংহতিৰ কথা ক'বলৈ গৈ অযোধ্যা প্ৰসংগ উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ দেওবাৰে "মন কি বাত" অনুষ্ঠান সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে অযোধ্যা প্ৰসংগ উল্লেখ কৰে ৷

প্ৰধানমন্ত্ৰীৰ "মন কি বাত"ত অযোধ্যা প্ৰসংগ

নিউজ ডেস্ক, 27 অক্টোবৰঃ দেশবাসীৰ সৈতে মনৰ কথা আলোচনা কৰিবলৈয়ে প্ৰধানমন্ত্ৰী মোডীয়ে আৰম্ভ কৰিছিল "মন কি বাত" অনুষ্ঠান ৷ বিমুদ্ৰাকৰণকে ধৰি দেশৰ সামগ্ৰিক ৰাজনৈতিকত-অৰ্থনৈতিক পৰিস্থিতি সাধাৰণ জনতাৰ সন্মুখত তুলি ধৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছিল এই অনুষ্ঠান ৷ এনে অৱস্থাত দেশৰ প্ৰতিগৰাকী জনতাৰ চৰ্চাৰ বিষয়ত থকা অযোধ্যাক লৈ মুখ খুলিছে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ দেওবাৰে "মন কি বাত" অনুষ্ঠানত অযোধ্যা প্ৰসংগ লৈ সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী মোডী ৷

  • I can’t ever forget the day the Allahabad High Court delivered the Shri Ram Janmabhoomi verdict in 2010.

    The way every Indian accepted it manifests the inherent spirit of brotherhood in our country. #MannKiBaat pic.twitter.com/qedKPWMG8Y

    — Narendra Modi (@narendramodi) October 27, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

বহু চৰ্চিত অযোধ্যা ভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ে শুনানি সম্পূৰ্ণ কৰিছে ৷ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰৰ পূৰ্বেই এই গোচৰৰ ৰায় ঘোষণা কৰা সম্ভাৱনা আছে ৷ এই বিষয়টোক লৈ উত্তৰ-প্ৰদেশ, দিল্লীকে ধৰি সমগ্ৰ দেশই শীৰ্ষ আদালতৰ ওপৰত নজৰ ৰাখিছে ৷ ৰায়দানৰ পিচতে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবেই আজিৰ "মন কি বাত" অনুষ্ঠানত বাৰ্তা ৰাখে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ শান্তভাৱে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ দেশবাসীক দীপাৱলীৰ শুভেচ্ছা ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰীৰ

আজিৰ "মন কি বাত" অনুষ্ঠানত মহাত্মা গান্ধীৰ প্ৰতিও শ্ৰদ্ধা অৰ্পন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ 58সংখ্যক "মন কি বাত" অনুষ্ঠানত দীপাৱলীক লৈয়ো মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ দীপাৱলী কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰে পৰ্যটকসকলৰ বাবে এক উৎসৱ হিচাপে পালন কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

Intro:Body:

প্ৰধানমন্ত্ৰীৰ "মন কি বাত"ত অযোধ্যা প্ৰসংগ 



দেশৰ ঐক্য আৰু সংহতিৰ কথা ক'বলৈ গৈ অযোধ্যা প্ৰসংগ উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ দেওবাৰে "মন কি বাত" অনুষ্ঠান সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে অযোধ্যা প্ৰসংগ উল্লেখ কৰে ৷ 



নিউজ ডেস্ক, 27 অক্টোবৰঃ দেশবাসীৰ সৈতে মনৰ কথা আলোচনা কৰিবলৈয়ে প্ৰধানমন্ত্ৰী মোডীয়ে আৰম্ভ কৰিছিল "মন কি বাত" অনুষ্ঠান ৷ বিমুদ্ৰাকৰণকে ধৰি দেশৰ সামগ্ৰিক ৰাজনৈতিকত-অৰ্থনৈতিক পৰিস্থিতি সাধাৰণ জনতাৰ সন্মুখত তুলি ধৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছিল এই অনুষ্ঠান ৷ এনে অৱস্থাত দেশৰ প্ৰতিগৰাকী জনতাৰ চৰ্চাৰ বিষয়ত থকা অযোধ্যাক লৈ মুখ খুলিছে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ দেওবাৰে "মন কি বাত" অনুষ্ঠানত অযোধ্যা প্ৰসংগ লৈ সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী মোডী ৷ 



বহু চৰ্চিত অযোধ্যা ভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ে শুনানি সম্পূৰ্ণ কৰিছে ৷ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰৰ পূৰ্বেই এই গোচৰৰ ৰায় ঘোষণা কৰা সম্ভাৱনা আছে ৷ এই বিষয়টোক লৈ উত্তৰ-প্ৰদেশ, দিল্লীকে ধৰি সমগ্ৰ দেশই শীৰ্ষ আদালতৰ ওপৰত নজৰ ৰাখিছে ৷ ৰায়দানৰ পিচতে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবেই আজিৰ "মন কি বাত" অনুষ্ঠানত বাৰ্তা ৰাখে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ শান্তভাৱে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ 



আজিৰ "মন কি বাত" অনুষ্ঠানত মহাত্মা গান্ধীৰ প্ৰতিও শ্ৰদ্ধা অৰ্পন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ 58সংখ্যক "মন কি বাত" অনুষ্ঠানত দীপাৱলীক লৈয়ো মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ দীপাৱলী কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰে পৰ্যটকসকলৰ বাবে এক উৎসৱ হিচাপে পালন কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.