ETV Bharat / bharat

সোমবাৰে দেশৰ প্ৰথমখন চালকবিহীন ৰে‘ল সেৱা মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

author img

By

Published : Dec 27, 2020, 6:56 PM IST

Updated : Dec 27, 2020, 10:35 PM IST

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে দেশৰ প্ৰথমখন চালকবিহীন ৰে‘ল সেৱা মুকলি কৰিব ৷ দিল্লী মেট্ৰৰ "মেজেন্টা লাইন"ত 28 ডিচেম্বৰৰ দিনৰ 11 বজাত ভিডিঅ‘ কনফাৰেঞ্চ যোগে এই সেৱাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

PM Modi to inaugurate India's first-ever driverless train operations tomorrow
কাইলৈ দেশৰ প্ৰথমটো চালকবিহীন ৰে‘ল সেৱা মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

নিউজ ডেস্ক, 27 ডিচেম্বৰ : সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমখন চালকবিহীন ৰে‘ল সেৱা মুকলি কৰিব ৷ দিল্লী মেট্ৰৰ "মেজেন্টা লাইন"ত 28 ডিচেম্বৰৰ দিনৰ 11 বজাত ভিডিঅ‘ কনফাৰেঞ্চ যোগে এই সেৱাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ লগতে তেখেতে "এয়াৰপৰ্ট একস্প্ৰেছ লাইন " ত এন.চি.এম.চি. সেৱাৰো শুভাৰম্ভ কৰিব ৷

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা কোৱা হৈছে যে, এই উন্নত ব্যৱস্থাৰ জৰিয়তে সৰ্বসাধাৰণৰ যাত্ৰাপথক সুগম বনোৱাৰ ক্ষেত্ৰত নতুন যুগৰ সুচনা কৰিব ৷ তদুপৰি সোমবাৰে উদ্বোধন হ‘বলগীয়া উক্ত চালকবিহীন ৰে‘লখন সম্পূৰ্ণৰূপে স্ব-চালিত হ‘ব, যিয়ে সকলো ধৰণৰ মানৱীয় ক্ৰুটিৰ সম্ভাৱনাক সমাপ্ত কৰিব ৷

দিল্লী মেট্ৰৰ মেজেন্টা লাইন ( জনকপুৰী পশ্চিম-বাটনিকল গাৰ্ডেন) ত চালকবিহীন ট্ৰেইন সেৱা আৰম্ভ হোৱাৰ পাছতে 2021 ৰ মধ্যভাগত পিংক লাইন (মজলিশ্ব পাৰ্ক-শিৱ বিহাৰ)ত চালকবিহীন ৰে‘ল সেৱা আৰম্ভ হোৱাৰ আশা ব্যক্ত কৰা হৈছে ৷

লগতে পঢ়ক: গণতন্ত্ৰ দিৱসৰ বাবে সাজু হোৱা 150 সেনা জোৱানৰ দেহত কোভিড

Last Updated : Dec 27, 2020, 10:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.