ETV Bharat / bharat

নেহেৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মোডীৰ

author img

By

Published : Nov 14, 2019, 1:18 PM IST

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নেহৰুৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন মোডীৰ

ভাৰতবৰ্ষত নেহেৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় ৷ শিশুসকলৰ মাজত অতিকৈ জনপ্ৰিয় নেহেৰু, ‘নেহেৰু খুড়া’ হিচাপেহে পৰিচিত আছিল ৷

নতুন দিল্লী, 14 নৱেম্বৰ: 14 নৱেম্বৰৰ দিনটো সকলোৰে বাবে পৰিচিত ৷ এই দিনটোত জন্মগ্ৰহণ কৰিছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে ৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ বৃহস্পতিবাৰে টুইটাৰৰ জৰিয়তে মোডীয়ে স্মৰণ কৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ৷ জৱাহৰলাল নেহেৰুৱে 1889 চনৰ 14 নৱেম্বৰত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত জন্মগ্ৰহণ কৰিছিল ৷ 1947 চনৰ 15 আগষ্টত দেশ স্বাধীন হোৱাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল নেহেৰু ৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামতো তেখেতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷


ভাৰতবৰ্ষত নেহেৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় ৷ শিশুসকলৰ মাজত অতিকৈ জনপ্ৰিয় নেহেৰু, ‘নেহেৰু খুড়া’ হিচাপেহে পৰিচিত আছিল ৷
জৱাহৰলাল নেহেৰুৱে 1964 চনৰ 27 মে’ ত মৃত্যুবৰণ কৰে ৷ তেতিয়াৰ পৰা তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.