ETV Bharat / bharat

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস: ভাৰতীয় বিজ্ঞানীক সন্মান প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Feb 28, 2020, 8:21 PM IST

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে দেশৰ বিজ্ঞানী সকলৰ প্ৰতিভাক উচ্চ প্ৰশংসা কৰে ৷ 1928 চনৰ আজিৰ দিনটোতে ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমনৰ ৰমন পৰিঘটনাৰ হৈছিল ৷

M hails talent of Indian scientists on National Science Day
M hails talent of Indian scientists on National Science Day

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে দেশৰ বিজ্ঞানী সকলৰ প্ৰতিভাক উচ্চ প্ৰশংসা কৰে ৷

  • National Science Day is an occasion to salute the talent and tenacity of our scientists. Their innovative zeal and pioneering research has helped India and the world. May Indian science continue to thrive and may our young minds develop even greater curiosity towards science.

    — Narendra Modi (@narendramodi) February 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

"তেওঁলোকৰ উদ্ভাৱন আৰু অগ্ৰণী গৱেষণাই ভাৰতৰ লগতে সমগ্ৰ বিশ্বকে সহায়ৰ হাত আগবঢ়াইছে" বুলি এক টুইটাৰযোগে মোডীয়ে প্ৰকাশ কৰে ৷ ইয়াৰোপৰি তেওঁ কয় যে, ভাৰতীয় বিজ্ঞান ক্ৰমৱৰ্ধমানভাৱে আগবাঢ়িব পাৰে আৰু ই আমাৰ নৱ প্ৰজন্মক বিজ্ঞানৰ প্ৰতি আৰু অধিক উৎসাহিত কৰিব পাৰে ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে,ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হৈছে আমাৰ বিজ্ঞানীসকলৰ প্ৰতিভা আৰু কষ্টক সন্মান প্ৰদান কৰাৰ এক অন্যতম সুযোগ ৷ উল্লেখ্য যে, 1928 চনৰ আজিৰ দিনটোতে ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমনৰ 'ৰমন পৰিঘটনা'ৰ আৱিষ্কাৰ হৈছিল ৷ সেই দিনটোক সুঁৱৰি ভাৰতত 28 ফেব্ৰুৱাৰীৰ দিনটোক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

লগতে পঢ়কঃ যুৱতী-মহিলাক নিৰ্যাতনৰ পৰা ৰক্ষা কৰিব এযোৰ কাণফুলিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.