ETV Bharat / bharat

অসম তৈল খাদ অগ্নিকাণ্ড : গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

author img

By

Published : Jun 11, 2020, 8:47 AM IST

অসম তৈল খাদ অগ্নিকাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ৷ OIL India, কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই আবেদন ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন
অসম তৈল খাদ অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, 11 জুন : অসম তৈল খাদ অগ্নিকাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ৷ OIL India, কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই আবেদন ৷ উল্লেখ্য যে, 27 মে'ৰ পৰা গেছ নিৰ্গমন হৈ থকা এই তৈল খাদটোত মঙলবাৰৰ দিনা অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত দুজনকৈ OIL ৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে বাঘজান অঞ্চলৰ শতাধিক লোকৰ বাসগৃহ জুইত জাহ গৈছে ৷ ইয়াৰোপৰি, মৃত্যু হৈছে বহু জীৱ-জন্তুৰ ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন
অসম তৈল খাদ অগ্নিকাণ্ড

এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছে পৰিবেশবিদ তথা উদ্যোগী নিৰন্ত গোঁহাইয়ে ৷ আবেদনকাৰীৰ অধিবক্তা শান্তনু বৰঠাকুৰে কয় যে, আবেদনৰ জৰিয়তে এই ঘটনাৰ ফলত প্ৰভাৱাম্বিত হোৱা প্ৰতিটো পক্ষৰ বাবে ক্ষতিপূৰণ দাবী কৰাৰ লগতে ঘটনা সম্পৰ্কত সঠিক তদন্ত আৰু অঞ্চলটোৰ জৈৱবৈচিত্ৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰা হৈছে ৷

আবেদনখনত জনোৱা হৈছে যে, বাঘজানৰ 5 নং খাদটো ডিব্ৰু-ছৈখোৱা সংৰক্ষিত বনাঞ্চলত অৱস্থিত ৷ লগতে কোৱা হৈছে যে, এই অগ্নিকাণ্ডৰ ফলত হাজাৰোধিক লোকে অঞ্চলটোৰ পৰা পলায়ন কৰিব লগা হৈছে আৰু গৃহহীন হৈ পৰিছে ৷ আনহাতে, পৰিৱেশতো বিৰূপ প্ৰভাৱ পৰাৰ লগতে মৃত্যু হৈছে ডলফিন, মাছ আৰু অন্য জীৱ-জন্তুৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.