ETV Bharat / bharat

পাকিস্তানত শেহতীয়া ‘স্বাধীনতা সংগ্ৰাম’-এক বিশ্লেষণ

author img

By

Published : Nov 11, 2019, 6:29 PM IST

ইমৰাণ খান আৰু মৌলানা ফজলুৰ ৰেহমান

ইমৰাণ খানৰ গ্ৰন্থৰ পৰা জানিব পাৰি যে, 2016ত তৎকালীন প্ৰধানমন্ত্ৰী শ্বৰীফৰ বিৰুদ্ধে প্ৰায় একে বিক্ষোভ প্ৰদৰ্শন কৰা হৈছিল ৷ সেই বিক্ষোভৰ মূলতে আছিল ৰেহমান ৷ তেওঁ জে ইউ আই আৰু মাদ্ৰাছাৰ ছাত্ৰসকলক চৰকাৰৰ বিৰুদ্ধে একত্ৰিত কৰিছিল যদিও প্ৰধানমন্ত্ৰী হ’বলৈ সেয়া পৰ্যাপ্ত নাছিল ৷

পাকিস্তানী ধৰ্মীয় সংগঠন জমিয়ত উলেমা-ই-ইচলামৰ নেতা মৌলানা ফজলুৰ ৰেহমান সম্প্ৰতি চৰ্চাত ৷ তেওঁ এজন বাস্তৱবাদী আৰু নমনীয় নেতা হিচাপে পৰিচিত ৷ দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে চলা এক ‘স্বাধীনতা সংগ্ৰাম’ত তেওঁ অংশ লৈছিল ৷ বিগত 27 অক্টোবৰত ইচলামাবাদত প্ৰায় 2 লাখ সমৰ্থকৰে সৈতে ধৰ্মীয় নেতাগৰাকীয়ে এই কাৰ্যসূচীত অংশ লয় ৷ প্ৰধানমন্ত্ৰী খানে পূৰ্বতেই পদত্যাগ কৰিব লাগিছিল বুলি ধৰ্মীয় নেতা ৰেহমানে দাবী উত্থাপন কৰে ৷

শনিবাৰে এই বিক্ষোভৰ ইতিমধ্যে দুই সপ্তাহ উকলি যায় যদিও এতিয়াও অব্যাহত আছে বিক্ষোভ ৷ ইমৰাণ খান চৰকাৰে অনিশ্চয়তাৰ মাজেৰে বিৰোধী পক্ষৰ বাৰ্তাকাৰীসকলৰ বাবে ৰেহবাৰ সমিতি গঠন কৰি দিছে ৷ প্ৰতিকুল বতৰৰ বাবে বহুসংখ্যক অংশগ্ৰহণকাৰী বিক্ষোভৰ পৰা উভটি অহাও পৰিলক্ষিত হয় ৷ স্থানীয় সমালোচকসকলে এই বিষয়ে কয় যে, শিখা নুমোৱাৰ লগে লগে ফজলুৰ ৰেহমানে আৰম্ভ কৰা এই বিক্ষোভৰ সামৰণি পৰে ৷ তদুপৰি এই বিষয়ত অন্যান্য পৰামৰ্শ আগবঢ়োৱাৰ কথাও উল্লেখ কৰে সমালোচকসকলে ৷

স্মৰ্তব্য যে, দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আৰু ৰাষ্ট্ৰপতি আচিফ জৰ্দাৰী দুৰ্নীতিৰ অভিযোগত অভিযুক্ত ৷ সেয়ে পাকিস্তানৰ মুখ্য ৰাজনৈতিক দল-পাকিস্তান মুছলিম লীগ আৰু পাকিস্তান পিপ’লছ পাৰ্টিয়ে এই প্ৰসংগত ভিন ভিন স্থিতি গ্ৰহণ কৰিছে ৷ পৰৱৰ্তী সময়ত শ্বৰীফ শাৰিৰীকভাৱে অসুস্থ হোৱাৰ ফলত জেলৰ পৰা মুক্তি লাভ কৰে ৷ লগতে চিকিৎসাৰ বাবদ বিদেশলৈ যাবলগীয়া হ’ব পাৰে বুলি এক ৰিপ’ৰ্ট তৈয়াৰ কৰে ৷ এইটোও প্ৰমাণ হয় যে, নেতৃত্বৰ বাবেই শ্বৰীফৰ ভাতৃ-জীয়ৰীৰ মাজত পি এম এল-এন ক লৈ এক সংঘাতৰ সৃষ্টি হৈছিল ৷ কিন্তু সঠিক সময়ত শ্বৰীফৰ জীয়ৰী মৰিয়মে পিএমএল-এনৰ নেতৃত্ব বহন কৰিব বুলি সমালোচকসকলে মূল্যাংকন কৰিছে ৷

ইফালে পাকিস্তান পিপ’লছ পাৰ্টিয়েও সন্তোষজনক স্থিতিত উপনীত হ’ব পৰা নাই ৷ উচ্চ পদত উপৱিষ্ট হৈ থকাৰ পিছতো জৰ্দাৰীয়ে বিত্তীয় কেলেংকাৰীৰ অভিযোগত সাঙোৰ খাই আছে ৷ তাৰোপৰি বৰ্তমান স্বাস্থ্যজনিত সমস্যাত ভুগি আছে জৰ্দাৰী ৷ তেওঁৰ পুত্ৰ বিলাৱল ভুট্টোৰ ওপৰত মাতৃ বেনজিৰ আৰু ককাক জুলফিকাৰ আলী ভুট্টোৰ ৰাজনৈতিক প্ৰভাৱ পৰিছে ৷ ইপিনে পাকিস্তানৰ অশান্ত ৰাজনৈতিক সীমাবদ্ধতাৰ মাজতে পিপিপিৰ প্ৰতি বিশ্বাস বাঢ়িব ধৰিছে ৷ তদুপৰি ৰাৱলপিণ্ডিত সেনাবাহিনীৰ দ্বাৰা শান্তি অটুট ৰখাৰ চেষ্টা কৰা হৈছে ৷

ইয়াৰ দ্বাৰাই ফজলুৰ ৰেহমানে আঞ্চলিক ক্ষেত্ৰত ৰাজনৈতিক প্ৰাসংগিকতা প্ৰতিষ্ঠা কৰাৰ সুযোগ লাভ কৰাৰ লগতে প্ৰতিদ্বন্দীৰ সৈতেও বিভিন্ন বিষয় নিষ্পত্তিৰ সুযোগ লাভ কৰিছে বুলি ইমৰাণ খানে মত প্ৰকাশ কৰে ৷ স্মৰ্তব্য যে, ৰেহমানক 1980 চনত পিতৃৰ মৃত্যুৰ পিছতে মাত্ৰ 27 বছৰতে জে ইউ আই-ৰ নেতা ৰূপে নিযুক্তি দিয়া হয় ৷ খবৰ অনুসৰি, পংখুনখ্ৱাৰ পূব প্ৰান্তত তেওঁৰ ঘৰ আছিল, যিটো তেওঁৰ পিতৃয়ে প্ৰদান কৰিছিল ৷

ইয়াৰ পিছত ইমৰাণ খান 1996 চনত সক্ৰিয় ৰাজনীতিত জড়িত হৈ নিজাববীয়াকৈ পিটিআই পাৰ্টিৰ জন্ম দিয়ে আৰু কম সময়তে উন্নতি লাভ কৰে ৷ সেয়ে 2018 চনৰ জাতীয় নিৰ্বাচনত ৰেহমান আৰু তেওঁৰ দলে নিৰ্বাচনত পৰাজয় বৰণ কৰিবলগীয়া হয় ৷

2018ৰ জুলাইলৈকে খানে জাতীয় নিৰ্বাচনত জয় লাভ কৰে আৰু ৰাৱলপিণ্ডিত ৰাইজৰ সমৰ্থনত চৰকাৰ গঠন কৰে ৷ পিছত ৰেহমানে ইচলামাবাদত চৰকাৰৰ ওপৰত আক্ৰমণ কৰে ৷ ইয়াৰ বাবেই ৰেহমানক বিভিন্ন অভিযোগত অভিযুক্ত কৰা হয় ৷

ইমৰাণ খানৰ গ্ৰন্থৰ পৰা জানিব পাৰি যে, 2016ত তৎকালীন প্ৰধানমন্ত্ৰী শ্বৰীফৰ বিৰুদ্ধে প্ৰায় একে বিক্ষোভ প্ৰদৰ্শন কৰা হৈছিল ৷ সেই বিক্ষোভৰ মূলতে আছিল ৰেহমান ৷ তেওঁ জে ইউ আই আৰু মাদ্ৰাছাৰ ছাত্ৰসকলক চৰকাৰৰ বিৰুদ্ধে একত্ৰিত কৰিছিল যদিও প্ৰধানমন্ত্ৰী হ’বলৈ সেয়া পৰ্যাপ্ত নাছিল ৷

পাকিস্তান সন্ত্ৰাসবাদীপুষ্ট দেশ বুলি বিশ্বই জানে ৷ সেয়ে পাকিস্তানৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় দৃষ্টি নিবদ্ধ হৈ আছে, সেয়া পাকিস্তানী সৈন্যই অস্বীকাৰ কৰিব নোৱাৰে ৷ এইদৰে পাকিস্তানৰ পৰিৱেশ সুস্থ ৰাখিবলৈ ৰেহমানক গৃহবন্দী কৰাই শ্ৰেয় বুলি কোৱা হৈছে ৷

পাকিস্তানৰ অন্তৰ্ভাগত এনেধৰণৰ উৰাবাতৰিও প্ৰচাৰ হৈছে যে, জেষ্ঠ্য নেতাৰ মতানৈক্যৰ বাবে চৰকাৰৰ উন্নতি হোৱা নাই ৷ সেয়ে একাংশই ৰেহমানক বিক্ষোভ প্ৰদৰ্শনত সমৰ্থন কৰিছে ৷
যদিহে বাস্তৱিকতে আগন্তুক কিছুদিনৰ বাবে জে ইউ আই নেতৃত্বাধীন বিক্ষোভ বন্ধ কৰি দিয়ে, তেন্তে ৰেহমানৰ উদ্দেশ্য সিদ্ধি হ’ব ৷ যি পাকিস্তানৰ ৰাজনৈতিক প্ৰেক্ষাপট আৰু অস্তিত্বত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব ৷

স্থানীয় এক যোঁজনামতে পাকিস্তানত জয়ী হোৱা পাৰ্টিটোক কোৱা হয়, জে জে ইউ এন অৰ্থাৎ ‘যি জিকে আমি লগত আছোঁ-বৰষুণে হওঁক বা আন কিবা’-কিন্তু ফজলুৰ ৰেহমানে ইয়াক অস্বীকাৰ কৰে ৷

Intro:Body:

special


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.