ETV Bharat / bharat

নিউ গ্ল'ৱেল কমিটমেন্টঃ প্লাষ্টিক ৰোধৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ অগ্ৰগতি

author img

By

Published : Oct 28, 2019, 6:03 PM IST

নিউ প্লাষ্টিক গ্ল'বেল কমিটমেন্টত স্বাক্ষৰিত চৰকাৰী আৰু বেচৰকাৰী সংস্থা সমূহে গড়ে 55 শতাংশ পেকেজিং পুনৰ ব্যৱহাৰিত আৰু পুনৰ নৱীকৰণযোগ্য কৰি তুলিছে ৷ এনেদৰে স্বাক্ষৰকাৰী সকলে আগবাঢ়িলে বিশ্বত আগন্তুক 2025 চনৰ ভিতৰত এয়া 100 শতাংশ হ'বগৈ ৷ অবশ্যে এই লক্ষ্য অতিক্ৰম কৰিবলৈ আৰু বহু পদক্ষেপৰ প্ৰয়োজন হ'ব ৷ ইয়াৰে লগতে বিশ্বৰ বহু স্বাক্ষৰকাৰী সংস্থাই গ্ল'বেল কমিটমেন্টৰ সৈতে জড়িত হ'ব লাগিব ৷  প্লাষ্টিকৰ প্ৰদূষণৰ সৈতে মোকাবিলা কৰা মানেই হ'ল ভৱিষ্যতে প্লাষ্টিকৰ পুনঃনৱীকৰণ আৰু বিষাক্ত প্লাষ্টিকৰ পেকেজিং বন্ধ কৰাৰ দিশত আগবাঢ়ি যোৱা ৷

নিউ গ্ল'ৱেল কমিটমেন্ট প্ৰতিবেদন

নিউজ ডেস্ক, 28 অক্টোবৰঃ প্লাষ্টিকৰ ব্যৱহাৰ ৰোধৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বজুৰি এক আলোড়নৰ সৃষ্টি হৈছে ৷ শেহতীয়াকৈ এলেন মেক আৰ্থাৰে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ সহযোগত প্লাষ্টিক প্ৰদূষণৰ এক প্ৰতিবেদন দাঙি ধৰিছে ৷ প্লাষ্টিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত "নিউ প্লাষ্টিক গ্ল'বেল কমিটমেন্ট " নীতি সমগ্ৰ বিশ্বজুৰি প্ৰৱৰ্তন কৰাৰ 12 মাহৰ অন্তত এলেন মেক আৰ্থাৰে নিজৰ প্ৰতিবেদন প্ৰকাশ কৰিছে ৷

বিগত বছৰৰ অক্টোবৰ মাহত প্ৰকাশ পোৱা "নিউ প্লাষ্টিক গ্ল'বেল কমিটমেন্ট " নীতিৰ জৰিয়তে সমগ্ৰ বিশ্বত বৰ্তমান 400 টা সংস্থাই কাম কৰি আছে ৷ উক্ত সংস্থা সমূহে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত কাম কৰি আছে ৷ এওঁলোকৰ মূল উদ্দেশ্যে হ'ল, অ-প্ৰয়োজনীয় প্লাষ্টিক পেকিং সমূহক বৰ্জন কৰা, ব্যৱহৃত প্লাষ্টিকৰ পুনৰ ব্যৱহাৰৰ যোগ্য কৰি তোলা, পৰিৱেশ প্ৰদূষণ নোহোৱাকৈ সেইবোৰক ব্যৱহাৰ কৰা ৷

প্ৰতিবেদনখনৰ জৰিয়তে দেখুৱাবলৈ বিচৰা হৈছে যে, সমগ্ৰ বিশ্বত প্ৰায় 200 টা চৰকাৰী আৰু বেচৰকাৰী সংস্থাই প্লাষ্টিকৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰাথমিক কাম-কাজ আৰম্ভ কৰিছ ৷ সমগ্ৰ বিশ্বজুৰি জনসাধাৰণে প্লাষ্টিকৰ ব্যৱহাৰ ৰোধৰ ক্ষেত্ৰত চৰকাৰী আৰু বেচৰকাৰী সংস্থা সমূহক হেচাঁ প্ৰয়োগ কৰা দেখা গৈছে ৷ বিভিন্ন সংস্থা সমূহেও এই সন্দৰ্ভত "নিউ প্লাষ্টিক গ্ল'বেল কমিটমেন্টৰ " সৈতে চুক্তি স্বাক্ষৰ কৰিছে ৷ প্ৰতিবেদনখনে প্লাষ্টিক ৰোধৰ ক্ষেত্ৰত এয়া এক প্ৰাৰম্ভিক পদক্ষেপ বুলিও অভিহিত কৰিছে ৷ চন্দাৰ ডেফৰুইটৰ মতে, ইয়াৰ জৰিয়তে অব্যৱহৃত প্লাষ্টিকৰ উৎপাদন কম কৰা, অব্যৱহৃত প্লাষ্টিকৰ পাইলট প্ৰজেক্টৰ জৰিয়তে পুনঃনৱীকৰণ, আৰু ব্যৱহৃত প্লাষ্টিকৰ পুনৰ কাৰ্যক্ষম কৰি তোলা যাব ৷ কিন্তু প্লাষ্টিকৰ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও চৰকাৰী আৰু বণিক গোষ্ঠীয়ে পদক্ষেপ গ্ৰহণ কৰিব লাগিব ৷

উদাহৰণস্বৰূপে, ইউনিলিভাৰ নামৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানে প্লাষ্টিকৰ ৰোধৰ ক্ষেত্ৰত অব্যৱহৃত প্লাষ্টিকৰ উৎপাদন 50 শতাংশ লৈকে হ্ৰাস কৰিব ৷ পেপচিয়ে' 2025 চনলৈ 20 শতাংশ হ্ৰাস কৰিব অব্যৱহৃত প্লাষ্টিকৰ উৎপাদন ৷

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, এইপৰ্যন্ত কেইবাপ্ৰকাৰৰ প্লাষ্টিকক বিষাক্ত বুলি চিহ্নিত কৰা হৈছে ৷ উদাহৰণস্বৰূপে, এই অভিযানত স্বাক্ষৰকাৰী 70 শতাংশই এবাৰ ব্যৱহৃত প্লাষ্টিক যেনে ষ্ট্ৰ' , কলা পলিথিন , কেৰিয়াৰ বেগ, আদি সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ ব্যৱস্থা হাতত লৈছে আৰু 80 শতাংশপি ভি চিৰ দৰে সামগ্ৰী পেকেজিঙৰ পৰা বৰ্জিত কৰাৰ ব্যৱস্থা হাতত লৈছে ৷

স্বাক্ষৰকাৰী বহুকেইখনে দেশে এতিয়া নিজ নিজ ধৰণে এবাৰ ব্যৱহাৰিত প্লাষ্টিকৰ ৰোধৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে ৷ গ্ৰেট ব্ৰিটেইন, চিলি, .চাউথ পলো, অষ্টিন আদি দেশসমূহে ৰাইজৰ মাজত প্লাষ্টিককলৈ সজাগতা বৃদ্ধি কৰাৰ বাবে গৱেষণা, প্ৰচাৰ আদি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷

প্ৰতিবেদনখন বিশ্লেষণ কৰিলে দেখা যায়, নিউ প্লাষ্টিক গ্ল'বেল কমিটমেন্টত স্বাক্ষৰিত চৰকাৰী আৰু বেচৰকাৰী সংস্থা সমূহে গড়ে 55 শতাংশ পেকেজিং পুনৰ ব্যৱহাৰিত আৰু পুনৰ নৱীকৰণযোগ্য কৰি তুলিছে ৷ এনেদৰে স্বাক্ষৰকাৰী সকলে আগবাঢ়িলে বিশ্বত আগন্তুক 2025 চনৰ ভিতৰত এয়া 100 শতাংশ হ'বগৈ ৷ অবশ্যে এই লক্ষ্য অতিক্ৰম কৰিবলৈ আৰু বহু পদক্ষেপৰ প্ৰয়োজন হ'ব ৷ ইয়াৰে লগতে বিশ্বৰ বহু স্বাক্ষৰকাৰী সংস্থাই গ্ল'বেল কমিটমেন্টৰ সৈতে জড়িত হ'ব লাগিব ৷

প্লাষ্টিকৰ প্ৰদূষণৰ সৈতে মোকাবিলা কৰা মানেই হ'ল ভৱিষ্যতে প্লাষ্টিকৰ পুনঃনৱীকৰণ আৰু বিষাক্ত প্লাষ্টিকৰ পেকেজিং বন্ধ কৰাৰ দিশত আগবাঢ়ি যোৱা ৷

Intro:Body:

SPECIAL ARTICLE FROM RKC


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.