ETV Bharat / bharat

শিলাবৰ্ষণত গুৰুতৰভাৱে আহত মিৰাটৰ দণ্ডাধীশ : NSAৰ অধীনত ধৃত চাৰি

author img

By

Published : Apr 12, 2020, 1:30 PM IST

মিৰাট চহৰৰ জেইল কোঠী অঞ্চলত অসামৰিক, স্বাস্থ্য আৰু আৰক্ষীৰ দলৰ ওপৰত তবলিগি জামাতীৰ আক্ৰমণ ৷ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দণ্ডাধীশ সত্যেন্দ্ৰ কুমাৰ ৷ ঘটনা সন্দৰ্ভত আটক কৰা হৈছে চাৰিজনক ৷

তবলিগি জামাত
তবলিগি জামাত

নিউজ ডেস্ক, 12 এপ্ৰিলঃ উত্তৰ প্ৰদেশত তবলিগি জামাতত অংশগ্ৰহণকাৰী লোকক বিচাৰি যোৱা অৱস্থাত আক্ৰমণৰ সন্মুখীন হয় প্ৰশাসনৰ এটি দল ৷ দণ্ডাধীশ সত্য়েন্দ্ৰ কুমাৰৰ নেতৃত্বত যোৱা দলটোত আছিল আৰক্ষী, অসামৰিক আৰু স্বাস্থ্য বিভাগৰ লোক ৷ দলটোৱে উত্তৰ প্ৰদেশৰ মিৰাট চহৰৰ জেইল কোঠীত অভিযান চলাবলৈ গৈ এইদৰে আক্ৰমণৰ সন্মুখীন হয় ৷ তবলিগি জামাতীৰ ভয়ংকৰ শিলাবৰ্ষণৰ ফলত দণ্ডাধীশ সত্যেন্দ্ৰ কুমাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয় ৷

আনহাতে এই ঘটনাৰ পিচতেই ৰাষ্ট্ৰীয় সুৰক্ষা আইন (National Security Act)ৰ অধীনত উত্তৰ প্ৰদেশ আৰক্ষীয়ে চাৰিজন লোকক আটক কৰিছে ৷ দলটোত মিৰাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় কুমাৰ সাহনীও আছিল আৰু সমগ্ৰ ঘটনাটো তেওঁৰ সন্মুখতে সংঘটিত হয় ৷ এই ঘটনাৰ পিচতেই উত্তৰ প্ৰদেশ আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো সম্পূৰ্ণৰূপে ছীল কৰি দিয়াৰ লগতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.