ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি দিল্লী আৰক্ষীৰ জালত পিন্টু সিং

author img

By

Published : Jan 3, 2021, 5:57 PM IST

দিল্লীত এজন সুৰামত্ত লোকে আৰক্ষীক ফোন কৰি প্ৰধানমন্ত্ৰী মোদীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে ৷ আৰক্ষীয়ে ভাবুকি লাভ কৰাৰ কিছু সময়ৰ ভিতৰতে লোকজনক ট্ৰেচ কৰি আটক কৰিবলৈ সক্ষম হয় ৷

Drunk man threatens to kill PM Modi, held
প্ৰধানমন্ত্ৰী মোদীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি দিল্লী আৰক্ষীৰ জালত পিন্টু সিং

নিউজ ডেস্ক, 3 ডিচেম্বৰ : কেন্দ্ৰীয় দিল্লীত এজন 35 বছৰীয়া লোকে সুৰামত্ত অৱস্থাত আৰক্ষীক ফোন কৰি প্ৰধানমন্ত্ৰী মোদীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে ৷ আৰক্ষীয়ে এই ভাবুকি লাভ কৰাৰ লগে লগে সষ্টম হৈ পৰে আৰু ভাবুকি প্ৰদান কৰা লোকজনৰ সন্ধানত নামি পৰে ৷

তদুপৰি লোকজনক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে বেছি কষ্ট কৰিবলগীয়া নহ’ল ৷ আৰক্ষীয়ে ভাবুকিৰ তথ্য লাভ কৰাৰ কিছু সময়ৰ ভিতৰতে লোকজনক ট্ৰেচ কৰি আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে লোকজনক আটক কৰাৰ সময়ত সম্পূৰ্ণ নিচাসক্ত অৱস্থাত আছিল বুলিও জানিব পৰা গৈছে ৷ সম্পূৰ্ণ নিচাসক্ত লোকজনক আৰক্ষীয়ে প্ৰথমাৱস্থাত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায় ৷ তাৰোপৰি আৰক্ষীয়ে লোকজনৰ পৰিয়ালৰ লোককো সম্প্ৰতি সোধাপোছা অব্যাহত ৰাখিছে ৷

আৰক্ষীৰ শীৰ্ষ বিষয়া ইংগিত প্ৰতাপ সিংহৰ মতে, অভিযুক্তজনৰ পৰিচয় 35 বছৰীয়া পিণ্টু সিং হিচাপে প্ৰাথমিক তদন্তৰ অন্তত পোহৰলৈ আহিছে ৷ লোকজন পেচাত এজন কাৰ্পেন্টাৰ আৰু সাগৰপুৰ অঞ্চলৰ কৈলাশপুৰীত বসবাস কৰে ৷ অভিযুক্ত পিন্টুৱে প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ বাবে চুপাৰি লোৱা সকলক 30 কোটি টকা প্ৰদান কৰাৰ ভাবুকিও প্ৰদান কৰিছিল ৷ বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বিগত 19 বছৰত উত্তৰাখণ্ডত ধৰ্ষণৰ বলি হৈছে প্ৰায় 3956 গৰাকী মহিলা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.