ETV Bharat / bharat

মহাত্মাৰ জীৱনেই সংস্কাৰৰ আধাৰ

author img

By

Published : Aug 20, 2019, 3:59 PM IST

মহাত্মাৰ জীৱন সংস্কাৰৰ আধাৰ ৷ তেওঁ সমাজৰ পৰিৱৰ্তন আনিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছিল ৷

মহাত্মাৰ জীৱনেই সংস্কাৰৰ আধাৰ

  • এইয়া 1925 চনৰ নৱেম্বৰ মাহৰ কথা ৷ কিছুসংখ্যক যুৱকৰ অনৈতিক কাৰ্যৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে এসপ্তাহৰ বাবে উপবাস ঘোষণা কৰিছিল ৷ আশ্ৰমৰ সহবাসী সকলৰ সৈতে লগ লাগি গান্ধীয়ে ঘোষণা কৰিলে,"মোৰ মৃত্যুৰ কাৰণ নহ'বা" ৷ ইয়াৰ পাছতে আৰম্ভ হ'ল এক বৃহৎ বিক্ষোভ ৷ যিসকল লোকে এই কু-কৰ্মত জড়িত হৈ আছিল তেওঁলোকে মহাত্মাৰ ওচৰলৈ আহি ভুল স্বীকাৰ কৰাৰ লগতে তেওঁৰ ওচৰত ক্ষমা ভিক্ষা কৰিলে ৷ এইয়াই আছিল গান্ধীজীৰ নৈতিক ক্ষমতা ৷
  • উল্লেখ্য যে,গান্ধীজীয়ে দক্ষিণ আফ্ৰিকা আৰু ভাৰতবৰ্ষত চাৰিখনকৈ আশ্ৰম স্থাপন কৰিছিল ৷ দক্ষিণ আফ্ৰিকাত ফয়েনিক্স, দাৰৱান আৰু ভাৰতত সত্যাগ্ৰহ (সবৰমতী) আৰু ৱৰ্ধা সেৱাগ্ৰাম আশ্ৰম আছিল তেওঁৰ চাৰিখন আশ্ৰম ৷ আচলতে,এইয়া আশ্ৰম নাছিল,এইয়া আছিল সামাজিক গৱেষণা-গৃহ ৷
  • গান্ধীজীক বহুলোকে এজন স্বাধীনতাৰ যুঁজাৰু হিচাপেহে জানে ৷ তেওঁলোকেই গান্ধীক দেশৰ পিতা বুলি আখ্যা দিছিল ৷ কিন্তু, তেওঁ এনে এজন অন্তৰ্যামী লোক আছিল যিজনে বৈকল্পিক সমাজ,জীৱন ধাৰা,নীতি-আদৰ্শ আদি শব্দৰ উচ্চাৰণ কৰিছিল আৰু এইবোৰৰ সফল ৰূপায়ণ কৰিবলৈ সক্ষম হৈছিল ৷ বিশ্বৰ ইতিহাসত আমি বহুলোকৰ বিষয়ে জানিবলৈ পাওঁ,যিসকলে বহু উচ্চ মানদণ্ডৰ কথা কৈ সকলোকে সন্তুষ্ট কৰাৰ চেষ্টা কৰিছিল,কিন্তু সঁচা অৰ্থত ইয়াৰ বিপৰীত কামহে কৰিছিল ৷ কিন্তু,গান্ধী এনে এজন লোক আছিল যিজনে কোৱাতকৈ বেছি কাৰ্যত ৰূপায়ণ কৰি দেখুৱাইছিল ৷ সবাতোকৈ ডাঙৰ কথাটো আছিল যে, মহাত্মাই সকলোকে এই শিক্ষা প্ৰদান কৰিছিল যে,আমি কোনো লক্ষ্যত উপনীত হ'বলৈ মহান কৰ্ম কৰা উচিত ৷ সেয়েহে, তেওঁৰ আশ্ৰম সমূহ বৈকল্পিক জীৱন ধাৰাৰ গৱেষণা-গৃহ আৰু যোগ্য ব্যক্তি গঢ়ি তোলাৰ কৰ্মশালা হিচাপে পৰিগণিত হৈছিল ৷
  • পূৰ্বে ঋষিতুল্য ব্যক্তিসকলে মুক্তি লাভৰ উদ্দেশ্যে আশ্ৰমৰ জীৱন-যাপন কৰিছিল ৷ কিন্তু বাপুজী ইয়াৰ পৰিপন্থী আছিল ৷ তেওঁৰ মতে,আশ্ৰম সমূহ হৈছে অহিংসাৰ পথত চলি সত্যৰ পথত যুঁজি যোৱা লোকৰ সংখ্যা বৃদ্ধি কৰাৰ এটা গৃহ ৷ ইয়াৰ জৰিয়তে এখন নতুন সমাজ গঢ়াৰ লগতে নতুন প্ৰজন্মৰ বিকাশ কৰাৰ চেষ্টা চলাইছিল তেওঁ ৷ গান্ধীৰ মতে আশ্ৰমৰ প্ৰতিজন ব্যক্তি সমপৰ্যায়ৰ ৷ তেওঁলোকৰ মাজত জাতি,ধৰ্ম,লিংগ,দেশ আৰু ভাষাৰ আধাৰত কোনো বৈষম্য নচলিব ৷ ইয়াৰোপৰি, প্ৰতিজন আশ্ৰমৰ নিবাসীয়ে সকলো ধৰণৰ কাম কৰিব লাগিব,যেনে-ৰন্ধনকাৰ্যত সহায় কৰাৰ পৰা প্ৰস্ৰাৱগাৰ চাফা কৰালৈকে ৷ সকলোৱে এনেদৰেই কাম কৰিছিল তেওঁৰ আশ্ৰমত ৷ ইয়াৰোপৰি,আশ্ৰমৰ নিৱাসী সকলে 11 টাকৈ নীতি- নিৰ্দেশনা অনুকৰণ কৰি চলিছিল-
  • সত্য,
  • অহিংসা
  • ব্ৰহ্মচৰ্য
  • চুৰি কাৰ্যৰ পৰা বিৰত থকা
  • কোনো বস্তুত দখল নৰখা
  • শাৰিৰীক কৰ্ম
  • খাদ্যত নিয়ন্ত্ৰণ ৰখা
  • নিৰ্ভীকতা
  • সকলো ধৰ্মক সম সন্মান
  • চুবুৰীয়াৰ প্ৰতি দায়িত্ব পালন
  • অস্পৃশ্যতা দূৰ কৰা
  • কোনো লোকে কেতিয়াবা মন্তব্য কৰিব পাৰে যে,আমি ধৰ্ণা,হৰতাল,বিক্ষোভ, আইন অমান্য, কৰ ফাঁকি কৰিও স্বাধীনতা লাভ কৰিব পাৰিম ৷ ইয়াৰ বাবে আশ্ৰমৰ জীৱনধাৰণ,ইয়াৰ নীতিবোৰৰ অনুসৰণ আৰু এই শপতবোৰৰ কোনো প্ৰয়োজন নাই ৷ কিন্তু গান্ধীজীৰ দৃষ্টিভংগীত স্বাধীনতা লাভেই দেশৰ বাবে যথেষ্ট নহয় ৷ সকলো লোকে স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰিব পাৰিব লাগিব ৷ প্ৰতিজন দেশবাসীৰ নিজৰ দৃষ্টিভংগী থাকিব লাগিব ৷ প্ৰকৃতিৰ হানি কৰাতকৈ প্ৰকৃতিৰ সৈতে সহবাস কৰিব পাৰিব লাগিব ৷
  • জাতিৰ বৈষম্য,ধৰ্মীয় হিংসা,স্বাৰ্থপৰতা,অত্যাধিক বস্তুবাদী মনোভাৱ,হিংসাত্মক মনোবৃত্তি,লিংগ বৈষম্যতা আদিবোৰ সামাজিক অশুভ শক্তি পূৰ্বৰ পৰাই বৰ্তী আহিছে আৰু বৰ্তমানেও সমাজত ব্যাপি আছে ৷ সেয়েহে মহাত্মাই সকলো মানুহৰে মনত উচ্চ চিন্তা-ধাৰাৰ বীজ বিয়পাই তেওঁলোক মহান ব্যক্তি হিচাপে গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰিছিল ৷ এই প্ৰক্ৰিয়াৰ দ্বাৰাই গান্ধীজীৰ আশ্ৰমসমূহ গৱেষণাগাৰত পৰিণত হৈছিল ৷ তেওঁলোকে নিজৰ আশ্ৰমতে পৰীক্ষণ চলাইছিল ৷ অহিংসা ধৰ্মই মানুহক মহান কৰাত সহায় কৰিছিল ৷ এই পৰীক্ষণৰ বাবে তেওঁলোকে সত্যাগ্ৰহী সকলক সাজু কৰি ৰাখিছিল ৷ আন্দোলনকাৰী সকলক গঠনমূলক কাৰ্যত যোগদান কৰিববলৈ অনুপ্ৰেৰণা যোগাইছিল গান্ধীজীয়ে
  • ভেদ-ভাৱৰ আধাৰত গঢ়ি উঠিছিল ভাৰতীয় সমাজ ৷ ইয়াৰ ফলত সমাজ ব্যৱস্থাও এনে ধৰণৰে হৈ পৰিছিল ৷ দলিত সকলক প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি অস্পৃশ্য বুলি একাষৰীয়া কৰি অহা হৈছিল ৷ গান্ধীৰ গঠনমূলক কাৰ্যৰ মুখ্য লক্ষ্য আছিল অস্পৃশ্যতা দূৰ কৰা ৷ এহাল দলিত দম্পতীয়ে আশ্ৰমত স্থান লাভ কৰাৰ সময়ত তেওঁৰ পত্নী কস্তুৰবা সহিতে বহুলোকে অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷ সেই সময়ত নাপিত সকলেও গান্ধীৰ চুলি কাটিবলৈ অমান্তি হোৱাত তেওঁ নিজে চুলি কাটিবলৈ শিকি লৈছিল ৷ কস্তুৰবাৰ পৰা লাভ কৰা সাহায্য উঠাই লোৱা হৈছিল ৷ কিন্তু গান্ধীজীক এইবোৰেও লক্ষ্যভেদ কৰিব নোৱাৰিলে ৷ এইয়াই আছিল তেওঁৰ এক বৈপ্লৱিক পদক্ষেপ ৷
  • সমাজত সদায়ে এনে এটা শাসক দল থাকে যি অন্য দলসমূহৰ মাজত শত্ৰুতা বৃদ্ধি কৰাত সহায় কৰে ৷ ব্ৰিটিছ সকলেও এই কাম কৰি আহিছিল ৷ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজাৰ লক্ষ্যৰে সকলো ধৰ্মৰে প্ৰচাৰ আৰু ইয়াৰ প্ৰণয়ন কৰিছিল গান্ধীজীয়ে ৷ প্ৰতিদিনেই সকলো ধৰ্মৰে প্ৰাৰ্থনা সমূহ আবৃত্তি কৰিছিল তেওঁ ৷ তাৰ পাছতে তেওঁ ধৰ্ম সম্পৰ্কত বক্তৃতা প্ৰদান কৰিছিল ৷ দক্ষিণ আফ্ৰিকা হওঁক বা ভাৰতবৰ্ষ হওঁক,তেওঁৰ সকলো আশ্ৰমতে আবাসীসকলক শাৰিৰীক কৰ্মত নিয়োগ কৰোৱা হৈছিল ৷
  • আশ্ৰমৰ আবাসীসকলে নিজৰ বাবে প্ৰয়োজন হোৱা শাক-পাচলি আৰু ফল-মূল আশ্ৰমতে উৎপাদন কৰিছিল ৷ তাৰোপৰি, জোতা তৈয়াৰ কৰা,কাঠৰ কৰ্ম,গুৰ প্ৰস্তুত আদি কাৰ্যতো মনোনিৱেশ কৰিছিল ৷ বুদ্ধিজীৱী সকলেও এই কৰ্ম কৰিছিল কাৰণ গান্ধীজীয়ে বিশ্বাস কৰিছিল যে, সকলো সমান ৷ লগতে সকলোকে সমান বেতন প্ৰদান কৰা হৈছিল ৷ আনহাতে,সকলোৱে খাদী কাপোৰ প্ৰস্তুতৰ জৰিয়তে বিত্তীয় স্বতন্ত্ৰতা আহৰণ কৰা উচিত বুলি মন্তব্য কৰিছিল তেওঁ ৷ খাদী কাপোৰত খচিত কৰা ডিজাইন নিৰ্মাণ কৰি উলিয়াবলৈ তেওঁ সেই সময়ত এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল গান্ধীয়ে ৷

আদৰ্শ আৰু ইয়াৰ সফল ৰূপায়ণ-

  • গান্ধীৰ আশ্ৰমৰ কেইবাজনো যুৱকে লণ্ডনত অধ্যয়নৰ বাবে দক্ষিণ আফ্ৰিকাৰ পৰা জলপানি লাভ কৰিছিল ৷ গান্ধীজীৰ জ্যেষ্ঠ পুত্ৰ হৰিলালেও লণ্ডনত পঢ়িবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল ৷ কিন্তু গান্ধীজীয়ে আশ্ৰমৰ অন্য যুৱকসকলক এই সুবিধা প্ৰদান কৰিছিল ৷ ইয়াৰ পাছতে হৰিলালে নিজ পিতৃৰ প্ৰতি গোটেই জীৱন আক্ৰোশৰ মনোভাৱ লৈ ফুৰিছিল ৷ কিন্তু গান্ধীৰ আদৰ্শ আছিল যে,তেওঁ কোনো কাৰণতে স্বজনপ্ৰীতি প্ৰদৰ্শন নকৰে ৷ ইয়াৰ জৰিয়তে তেওঁ কেৱল স্বজনপ্ৰীতি বিৰোধিতা কৰাই নহয়, ইয়াৰ ৰূপায়ণো কৰিছিল ৷
  • দক্ষিণ আফ্ৰিকা আৰু ভাৰতবৰ্ষত সত্যাগ্ৰহৰ ক্ষেত্ৰত গান্ধীৰ আশ্ৰমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ এই আশ্ৰমে আন্দোলনকাৰী সকলক অনুপ্ৰাণিত কৰি তুলিছিল ৷ আশ্ৰমৰ লোকসকলে প্ৰতিটো উৎসৱ একেলগে পালন কৰিছিল ৷ গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বহুসংখ্যক মুছলমান ধৰ্মৰ লোকে সত্যাগ্ৰহত যোগদান কৰিছিল ৷ ইয়াৰ এক উদাহৰণ আছিল খান আব্দুল গফ্ফৰ খান ৷
  • গান্ধীজীয়ে বাল্য বিবাহৰ বিৰোধিতা কৰি আহিছিল ৷ গান্ধীজীয়ে পৰ্দা প্ৰথা মানি চলা বহু মহিলাক মাতৃভাষাৰ বিকাশ আৰু ৰাষ্ট্ৰীয় আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰি তুলিছিল ৷ মাতৃভাষা আৰু ব্যক্তিগত বিকাশত গুৰুত্ব প্ৰদানৰ লক্ষ্যৰে তেওঁ এক নতুন শিক্ষা নীতিৰ ৰূপায়ণ কৰিছিল ৷ তেওঁৰ আশ্ৰমত সম-শিক্ষাৰ বাবে সকলোকে অনুপ্ৰাণিত কৰি তুলিছিল ৷
  • ব্ৰহ্মচৰ্য আৰু আধুনিকতা সম্পৰ্কত গান্ধীজীয়ে মানুহৰ মাজত ভ্ৰান্ত ধাৰণা বিয়পাইছে বুলি বহুলোকে মন্তব্য কৰিছিল ৷ কিন্তু এইয়া সত্য নাছিল ৷ আশ্ৰমৰ ছাত্ৰ সকলক শিক্ষা দিবৰ বাবে তেওঁ বহু শিক্ষক পৰিয়ালক নিমন্ত্ৰণ জনাইছিল ৷ তেওঁলোকক এই ব্ৰহ্মচৰ্যৰ নীতিৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছিল ৷ ইয়াৰোপৰি,অত্যাধিক বেমাৰত আক্ৰান্ত জীৱ-জন্তুৰ ইচ্ছা মৃত্যুৰ বাবেও তেওঁ সন্মতি প্ৰদান কৰিছিল ৷ এইয়া এক যুগান্তকাৰী পদক্ষেপ আছিল ৷ মেছিনৰ জৰিয়তে গোলামৰ কাম কৰা লোকসকলৰ পৰিৱৰ্তে শাৰিৰীক পৰিশ্ৰমক উৎসাহিত কৰাৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰি আহিছিল গান্ধীয়ে ৷ তেওঁ পুঁজিপতি শোষণৰ পৰিৱৰ্তে সহযোগিতামূলক অৰ্থনৈতিক সামাজিক ব্যৱস্থাত গুৰুত্ব প্ৰদান কৰিছিল ৷
  • আশ্ৰম হৈছে সকলোৰে সম্পত্তি ৷ যিকোনো লোকে ইয়ালৈ আহিবলৈ অনুমতি লাভ কৰাৰ লগতে বসবাস কৰাৰ সুবিধা লাভ কৰিছিল ৷ মীৰা বেহেন নামেৰে পৰিচিত হৈ পৰা এজন ব্ৰিটিছ সৈনিক বিষয়াৰ জীয়াৰী,মেডেলেইন শ্লেইডে গান্ধীজীৰ আশ্ৰমতে তেওঁৰ শিষ্য হিচাপে বসবাস কৰিছিল ৷ আশ্ৰমত সকলোৰে বাবে একেটাই ৰান্ধনী ঘৰ আছিল ৷ সকলোৱে সেই ৰান্ধনী ঘৰৰ পৰাই আহাৰ গ্ৰহণ কৰিছিল ৷ আশ্ৰমত ব্যক্তিগত বুলি কোনো সামগ্ৰীৰ ব্যৱস্থা নাছিল ৷ তেওঁ নিজ নিজ কুলৰ মাজৰ বিবাহক সমৰ্থন আগবঢ়াইছিল ৷ তেওঁ এনেধৰণৰ বিবাহতহে উপস্থিত থকাৰ উদাহৰণো আছিল ৷ গান্ধীজীয়ে সাতটাকৈ অপৰাধৰ কথা উল্লেখ কৰিছিল-আদৰ্শবিহীন ৰাজনীতি,উদ্যোগবিহীন সম্পত্তি,বুদ্ধিমত্তাবিহীন উলাহ,চৰিত্ৰহীন জ্ঞান, নৈতিক আদৰ্শবিহীন ব্যৱসায়,মানৱতাহীন বৈজ্ঞানিক জ্ঞান আৰু ত্যাগহীন পূজা-অৰ্চনা ৷ তেওঁ ডাঙৰ পদবী গ্ৰহণৰ পৰিৱৰ্তে ত্যাগৰ জৰিয়তে জীৱন-নিৰ্বাহ কৰিব বিচাৰিছিল ৷
  • আজিৰ সমাজত প্ৰতিটো পদক্ষেপতে আমি কেৱল সীমাহীন স্বাৰ্থপৰতা,অহিংসা,অনিয়ন্ত্ৰিত দম্ভালি,মানুহৰ মাজত অতিমাত্ৰা প্ৰতিযোগিতা,পদবীৰ লোভ,সম্পত্তিৰ লোভ,সমাজৰ দুৰ্বল শ্ৰেণী,মহিলাৰ ওপৰত অত্যাচাৰ আদি লাভ কৰি আহিছো ৷ আধুনিক অৰ্ন্তকেন্দ্ৰিক সমাজত গান্ধীজী সমাজ পৰিৱৰ্তনৰ আদৰ্শৰে পৰিপুষ্ট এক অৱতাৰ হিচাপে জীয়াই আছে ৷ সৰলতা,অহিংসা,বিনা শোষণেৰে সেৱা,দেশৰ বাবে কৰ্তব্যপৰায়ণতা, ত্যাগৰ বাবে অত্যুৎসাহ আৰু মানৱতাৰ সুউচ্চ নীতি আদিৰে জীৱন নিৰ্বাহ কৰা গান্ধীজীৰ আশ্ৰম আমাৰ সকলোৰে বাবে এক আদৰ্শ ৷
Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.