ETV Bharat / bharat

মালিকৰ পৰিচয় উলিয়াবৰ বাবে মধ্য প্ৰদেশত কুকুৰৰ DNA পৰীক্ষা

author img

By

Published : Nov 21, 2020, 2:31 PM IST

কুকুৰৰ DNA পৰীক্ষা কৰিব মধ্য প্ৰদেশ আৰক্ষীয়ে ৷ দুজন লোকে কুকুৰটোৰ মালিকীস্বত্ব দাবী কৰা বাবে উপায়ন্তৰ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে আৰক্ষীয়ে ৷

মধ্য প্ৰদেশ আৰক্ষী
মালিকৰ পৰিচয় উলিয়াবৰ বাবে মধ্য প্ৰদেশত কুকুৰৰ DNA পৰীক্ষা

নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ : এটা লেব্ৰাডৰ কুকুৰৰ DNA পৰীক্ষা কৰিব মধ্য প্ৰদেশ আৰক্ষীয়ে ৷ দুজন লোকে তিনিবছৰীয়া কুকুৰটোৰ মালিকীস্বত্ব দাবী কৰা বাবে কৰা হ'ব DNA পৰীক্ষা ৷

দাবী কৰা দুজন লোক হৈছে ছাদাব খান আৰু কৃতিক শিৱহৰে ৷ ছাদাব খানে জানিবলৈ দিয়া অনুসৰি, তেওঁৰ পোহনীয়া কুকুৰ 'কক' তিনিমাহ পূৰ্বে অন্তৰ্ধান হৈছিল আৰু ইয়াৰ পাচতে স্থানীয় আৰক্ষী চকীত এক অভিযোগ দাখিল কৰিছিল ৷ একে সময়তে কৃতিক শিৱহৰেইও দাবী কৰে যে, 18 নৱেম্বৰত বিচাৰি পোৱা কুকুৰটো তেওঁৰ 'টাইগাৰ' ৷

বুধবাৰে হোশাংগাবাদ আৰক্ষীয়ে কুকুৰটো ছাদাবক অৰ্পন কৰাৰ পাচতে কৃতিকে কুকুৰটো নিজৰ বুলি দাবী কৰে ৷ তেতিয়াৰ পৰা ছাদাব আৰু কৃতিকে কুকুৰটোৰ মালিকীস্বত্ব দাবী কৰি আহিছে ৷

ইয়াৰ পাচতে ছাদাবৰ পৰামৰ্শত আৰক্ষী বিষয়া হেমন্ত শ্ৰীবাস্তৱে কুকুৰটোৰ তেজৰ নমুনা পৰীক্ষা কৰিবলৈ অনুমতি প্ৰদান কৰে ৷ ইয়াৰ পাচতে জিলা পশু চিকিৎসালয়ত এক ৰিপোৰ্ট প্ৰদান কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

পশু চিকিৎসকৰ দলে পাচমাৰি অঞ্চললৈ গৈ কুকুৰৰ জন্মদাতা বিচাৰি উলিওৱাৰ লগতে নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰিব ৷ ইয়াৰ পাচতে আচল গৰাকীক বিচাৰি উলিওৱা হ'ব বুলি আশা প্ৰকাশ কৰিছে ৷

গৰাকী বিচাৰি উলিয়াব নোৱাৰা পৰ্যন্ত আৰক্ষীৰ জিম্মাত থাকিব কুকুৰটো ৷ আনহাতে, চিকিৎসকে প্ৰদান কৰা তথ্য অনুসৰি কুকুৰটো জ্বৰত ভুগি আছে ৷ বৰ্তমান কুকুৰটো চোৱা-চিতাৰ দায়িত্ব প্ৰদান কৰা হৈছে কৃতিকক ৷

লগতে পঢ়ক : ঋতুস্ৰাৱ আৱৰ্জনাৰ পৰিৱেশ অনুকূল নিষ্কাষণৰ বাবে প্ৰযুক্তিগত হস্তক্ষেপৰ প্ৰয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.