ETV Bharat / bharat

মধ্য প্ৰদেশত গ্ৰেপ্তাৰ চিৰিয়েল কিলাৰ

author img

By

Published : Jan 7, 2021, 1:07 PM IST

মধ্য প্ৰদেশ আৰক্ষীৰ বৃহৎ সাফল্য । ৬ জনকৈ লোকক হত্যা কৰা চিৰিয়েল কিলাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । হত্যাকাৰীৰ সন্ধান উলিয়াই দিব পাৰিলে ২০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে ।

মধ্য প্ৰদেশত চিৰিয়েল কিলাৰক গ্ৰেপ্তাৰ
মধ্য প্ৰদেশত চিৰিয়েল কিলাৰক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৭ জানুৱাৰী: মধ্য প্ৰদেশৰ ভূপালত ৬ জনকৈ লোকক হত্যা কৰা এজন চিৰিয়েল কিলাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল মধ্য প্ৰদেশৰ চুখী সেৱানীয়া আৰক্ষী । গুপ্ত ধনৰ প্ৰলোভনেৰে নি হত্যা কৰাৰ অভিযোগত মনেৰা গাঁৱৰ নিৱাসী মণিৰাম সেনক বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া ৰাজেশ সিং ভাদুৰীয়াই জনায় যে আদিল ৱহাব নামৰ ব্যক্তিজনৰ পৰা গুপ্ত ধনৰ প্ৰলোভনেৰে ১৭,০০০ টকাৰ ঋণ লৈছিল সেনে । পৰৱৰ্তী সময়ত সেই ঋণ পৰিশোধ কৰিব নোৱাৰাত হত্যা কৰে আদিলক ।

মধ্য প্ৰদেশত চিৰিয়েল কিলাৰক গ্ৰেপ্তাৰ
মধ্য প্ৰদেশত চিৰিয়েল কিলাৰক গ্ৰেপ্তাৰ

লগতে আৰক্ষী বিষয়াগৰাকীয়ে জনায় যে, হত্যাকাৰী সেন ইমানেই চতুৰ আছিল যে মোবাইল ফোন ব্যৱহাৰৰ পৰিৱৰ্তে টেলিফোন ব্যৱহাৰ কৰি এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল । ঘটনা সংঘটিত কৰি সেন পলাতক আছিল যদিও অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, ২০২০ চনৰ ৮ ডিচেম্বৰত ভূপালৰ চুখী সেৱানীয়া গাঁৱত পৰি থকা এটা মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল । পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা মৃতদেহটো আদিল ৱহাব বুলি আৰক্ষীয়ে চিনাক্তকৰণ কৰে । হত্যাকাৰী সেনে শিলৰ টুকুৰাৰে আঘাট কৰি ইমানেই নিৰ্মম ভাৱে হত্যা কৰিছিল যে আদিলৰ মুখমণ্ডল যাতে আৰক্ষীয়ে চিনাক্ত কৰিব নোৱাৰে । পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে সেনে গুপ্ত ধনৰ প্ৰলোভনেৰে ৱহাবৰ পৰা ১৭,০০০ টকাৰ ঋণ লৈ এই দুস্কাৰ্য্য সংঘটিত কৰে ।

এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰি দাগী অপৰাধী সেন পলাতক হৈ আছিল । ইফালে সেনৰ সন্ধানত আৰক্ষীয়ে ২০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ২০০০ চনত পাঁচজন লোকক হত্যা কৰা অভিযোগত লোকজনক যাৱজ্জীৱন কাৰাদণ্ড দণ্ডৰে দণ্ডিত কৰা হৈছিল যদিও ২০১৭ চনত জেলৰ পৰা মুকলি হৈ পুনৰ হত্যাকাণ্ড সংঘটিত কৰিছিল ।

লগতে পঢ়ক: উইলছন হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ NIAৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.