ETV Bharat / bharat

লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে এন এছ এৰ অধীনত তৰিব গোচৰ

author img

By

Published : Apr 16, 2020, 3:45 PM IST

উত্তৰ প্ৰদেশত লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যখনৰ আৰক্ষী । কোনো লোকে লক ডাউন ভংগ কৰিলে তেনে লোকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন চমুকৈ এন এছ এ (NSA)ৰ অধীনত তৰা হ'ব গোচৰ ।

লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে এন এছ এৰ অধীনত তৰিব গোচৰ
লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে এন এছ এৰ অধীনত তৰিব গোচৰ

নিউজ ডেস্ক, 16 এপ্ৰিলঃ উত্তৰ প্ৰদেশ আৰক্ষীয়ে লক ডাউন সম্পৰ্কে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে । লক ডাউন ভংগকাীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন চমুকৈ এন এছ এ(NSA) গোচৰ জাঁপি দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্যখনৰ আৰক্ষীয়ে ।

ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া ফোন ইন সাক্ষাৎকাৰত আইন-শৃঙ্খলাৰ সঞ্চালক প্ৰধান অশোক কুমাৰে কয় যে, "উত্তৰ প্ৰদেশ আৰক্ষীয়ে এইবাৰৰ লক ডাউনক অধিক কঠোৰভাবে গ্ৰহণ কৰিছে । অতিৰিক্ত বাহিনীৰ লগতে কেন্দ্ৰীয় সুৰক্ষা বলৰো সহযোগিতা লাভ কৰছে এই ক্ষেত্ৰত ।"

কোনো লোকে বাৰে বাৰে ভুল কৰি লক ডাউন ভংগ কৰাৰ লগতে কৰ'ণা ভাইৰাছ সম্পৰ্কে ভুৱা বা উৰা বাতৰি বিয়পালেও ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গোচৰ তৰা হ'ব বুলি প্ৰকাশ কৰে বিভাগীয় এৰ সূত্ৰই ।

লগতে চাওকঃহায়দৰাবাদত থকা বৰাকৰ বহু যুৱক যুৱতী বিপদত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.