ধৰ্ষণকাৰীক ৰাজহুৱাভাৱে হত্যা কৰকঃ সাংসদ জয়া বচ্চন

author img

By

Published : Dec 2, 2019, 11:42 PM IST

Jaya Bachchan on Rape Accused, Jaya bachchan bats for lynching Rape Accused, Samajwadi Party MP Jaya Bachchan in Rajya Sabha on Monday, Rape Accused lynched Jaya Bachchan, ধৰ্ষণকাৰীক লৈ জয়া বচ্চনৰ প্ৰতিক্ৰিয়া, ধৰ্ষণকাৰীক ৰাজহুৱা হত্যাৰ আহ্বান জয়া বচ্চন, সমাজবাদী পাৰ্টী সাংসদ জয়া বচ্চন ৰাজ্যসভা

দেশত সংঘটিত হৈ থকা ধৰ্ষণকাণ্ডৰ প্ৰতি সদনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ জয়া বচ্চনে ৷ সমাজবাদী পাৰ্টীৰ সাংসদগৰাকীয়ে ধৰ্ষণকাৰীক ৰাজহুৱাভাৱে হত্যা কৰিব লাগে বুলি সদনত উল্লেখ কৰে ৷

নেশ্বনেল ডেস্ক, 2 ডিচেম্বৰঃ দেশত সংঘটিত হৈ থকা ধৰ্ষণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনে ৷ হায়দৰাবাদৰ পশু চিকিৎসক প্ৰিয়ংকা ৰেড্ডীৰ গণধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ ৰাজ্যসভাত সৰৱ হৈ পৰে সাংসদগৰাকী ৷ ধৰ্ষণকাণ্ডৰ সৈতে জড়িত থকা প্ৰতিগৰাকী অভিযুক্তকে ৰাইজৰ হাতত এৰি দিব লাগে বুলি ৰাজ্যসভাৰ মজিয়াত উল্লেখ কৰে জয়া বচ্চনে ৷

ধৰ্ষণকাৰীক ৰাজহুৱাভাৱে হত্যাৰ আহ্বান সাংসদ জয়া বচ্চনৰ

সাংসদ জয়া বচ্চনে কয় যে, "মই জানো এয়া অলপ কঠোৰ, কিন্তু মই ভাবো এইচাম লোকক ৰাইজৰ মাজলৈ উলিয়াই অনাটো প্ৰয়োজনীয় আৰু গণহত্যা কৰিব লাগে ৷" ৰাজ্যসভাত অত্যধিক ক্ষোভেৰে এই কথা প্ৰকাশ কৰে সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনে ৷

লগতে পঢ়কঃ ভাৰতীয় নৌ-সেনাৰ প্ৰথমগৰাকী মহিলা বৈমানিক ছাব লেফ. শিৱাংগী সিং

Intro:Body:

ধৰ্ষণকাৰীক ৰাজহুৱাভাৱে হত্যা কৰকঃ সাংসদ জয়া বচ্চন 



দেশত সংঘটিত হৈ থকা ধৰ্ষণকাণ্ডৰ প্ৰতি সদনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ জয়া বচ্চনে ৷ সমাজবাদী পাৰ্টীৰ সাংসদগৰাকীয়ে ধৰ্ষণকাৰীক ৰাজহুৱাভাৱে হত্যা কৰিব লাগে বুলি সদনত উল্লেখ কৰে ৷ 



নেশ্বনেল ডেস্ক, 2 ডিচেম্বৰঃ দেশত সংঘটিত হৈ থকা ধৰ্ষণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনে ৷ হায়দৰাবাদৰ পশু চিকিৎসক প্ৰিয়ংকা ৰেড্ডীৰ গণধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ ৰাজ্যসভাত সৰৱ হৈ পৰে সাংসদগৰাকী ৷ ধৰ্ষণকাণ্ডৰ সৈতে জড়িত থকা প্ৰতিগৰাকী অভিযুক্তকে ৰাইজৰ হাতত এৰি দিব লাগে বুলি ৰাজ্যসভাৰ মজিয়াত উল্লেখ কৰে জয়া বচ্চনে ৷ 



সাংসদ জয়া বচ্চনে কয় যে, "মই জানো এয়া অলপ কঠোৰ, কিন্তু মই ভাবো এইচাম লোকক ৰাইজৰ মাজলৈ উলিয়াই অনাটো প্ৰয়োজনীয় আৰু গণহত্যা কৰিব লাগে ৷" ৰাজ্যসভাত অত্যধিক ক্ষোভেৰে এই কথা প্ৰকাশ কৰে সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনে ৷


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.