ETV Bharat / bharat

কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাৰ পৰিৱেশ অনুকুল পদক্ষেপ

author img

By

Published : Jan 20, 2020, 4:47 PM IST

সৌৰ শক্তি, উপ বায়ু পদ্ধতি আৰু জৈৱিক গেছকে ধৰি আগৰে পৰাই কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাই বিভিন্ন পৰিৱেশ অনুকুল উদ্যোগ গ্ৰহণ কৰি আহিছে ৷ বৰ্জিত সামগ্ৰীৰ উন্নত ব্যপস্থাপনাৰ বাবে এই সংস্থাটোৱে চিন্নাস্বামী ষ্টেডিয়ামত স্থাপন কৰে এটা শ্ৰেডাৰ মেচিন ৷

পৰিৱেশ অনুকুল পদক্ষেপ
কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থা

নেশ্বনেল ডেস্ক, 20 জনুৱাৰীঃ কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাই সৌৰ শক্তি, উপ বায়ু পদ্ধতি আৰু জৈৱ গেছ আদিৰ দৰে কেইবাটাও পৰিৱেশ অনুকুল উদ্যোগ গ্ৰহণ কৰাৰ লগতে আন এক সেউজ পদক্ষেপ গ্ৰহণ কৰিছে ৷ বৰ্জিত সামগ্ৰীৰ উন্নত ব্যপস্থাপনাৰ বাবে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাই চিন্নাস্বামী ষ্টেডিয়ামত এটা শ্ৰেডাৰ মেচিন স্থাপন কৰে ৷ এই শ্ৰেডাৰ মেচিন উদ্বোধন কৰে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাৰ অধ্যক্ষ তথা প্ৰাক্তন বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেটাৰ ৰোজাৰ মাইকেল হামফ্ৰেই বিন্নীয়ে ৷

কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাৰ পৰিৱেশ অনুকুল পদক্ষেপ

এই মেচিনে বছৰি প্ৰায় 4 লাখ প্লাষ্টিকৰ বটল কাটিব পাৰে আৰু কটা অংশসমূহ টুপি, শ্বেট ছাৰ্ট, আৰু স্পৰ্টছ শ্বুৰ দৰে সামগ্ৰী নিৰ্মাণত ব্যৱহাৰ কৰে ৷ বিন্নীয়ে আশা কৰিছে যে, এই পদক্ষেপে ৰাজ্যখনৰ অন্য প্ৰান্তসমূহৰ বাবেও উচিত উদাহৰণ দাঙি ধৰিব পাৰে ৷ কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাই আশা কৰিছে যে, তেওঁলোকৰ এই পদক্ষেপৰ দ্বাৰা প্লাষ্টিকৰ আৱৰ্জনা কমিব আৰু পৰিৱেশত এক ধনাত্মক প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব ৷

লগতে পঢ়কঃ অন্ধ্ৰপ্ৰদেশৰ প্লাষ্টিকমুক্ত আধ্যাত্মিক চহৰ তিৰুপতি

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.