ETV Bharat / bharat

150 তম জন্ম-জয়ন্তীৰ প্ৰাকক্ষণত গান্ধীজী

author img

By

Published : Sep 7, 2019, 6:17 PM IST

বিশিষ্ট গান্ধীবাদী কুমাৰ প্ৰশান্তৰ সৈতে গান্ধীজীৰ আদৰ্শ আৰু দেশৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰঃ

150 তম জন্ম-জয়ন্তীৰ প্ৰাকক্ষণত গান্ধীজী

প্ৰশ্ন- মহাত্মা গান্ধীৰ আদৰ্শৰ বৰ্তমান সময়ত প্ৰাসংগিকতা বা গ্ৰহণযোগ্যতা কি?

উত্তৰ- বৰ্তমান সময়ত আমাৰ দেশখন এনে এটা অৱস্থাত আছে যে দেশখন আচলতে কোনটো পথেৰে, কোনটো দিশেৰে যোৱা উচিত, তাৰ বাবে এক নিৰ্দিষ্ট সিদ্ধান্ত ল'ব পৰা অৱস্থাত নাই ৷ সকলো মানুহেই এক সঠিক পথেৰে বাট বুলিবলৈ বা আনক এক সঠিক বাট দেখুৱাবলৈ সক্ষম নহয় ৷ সঁচা অৰ্থত দেশখনে এক সন্ধিক্ষণৰ মাজেৰে যাত্ৰা কৰি আছে ৷ কিন্তু আমাৰ হাতত এতিয়াও এটা পথ খোলা আছে বা এটা সুযোগ বাকী আছে যে আমি এতিয়াও গান্ধীজীৰ আদৰ্শৰে বাট বুলিব পাৰো ৷ দেশখনৰ প্ৰত্যেকজন মানুহৰ গান্ধীৰ কাম আৰু আদৰ্শৰ ওপৰত বিশ্বাস আৰু আস্থা আছে ৷ এটা কথা নিশ্চিত যে, গান্ধীজীৰ আদৰ্শৰে বাট বুলিলে দেশখনে এক নতুন পথৰ সন্ধান পাব ৷

প্ৰশ্ন- বীৰ চাভাৰকাৰ বিৰ্তক আৰু শিৱ সেনা অধ্যক্ষ উদ্ধৱ থাকৰে সম্পৰ্কে আপোনাৰ মতামত কি ?

উত্তৰ- দেশখনৰ কোনেও সমস্যাৰ সমাধান দিব নোৱাৰে ৷ আচৰিত কথা যে, কোনোৱে যদি "জয় শ্ৰীৰাম" ধ্বনি নিদিয়ে তেওঁলোকক দেশ এৰিবলৈ উপদেশ দিয়া হয় ৷ সেই একেখনি কথাকেই উদ্ধৱ থাকৰেই কৈছে ৷ চাভাৰকাৰৰ কোনো নিজা উদ্দেশ্য নাছিল ৷ তেওঁ সমাজখনত যি দেখিছিল, তাৰ ওপৰতেই তেওঁৰ শিক্ষা প্ৰতিষ্ঠিত আছিল ৷ যিসকল লোক তেওঁৰ লগত সহমত নাছিল, তেওঁলোকক তেওঁ দমন কৰিছিল আনকি হত্যা পৰ্যন্ত কৰিছিল ৷ গান্ধীজীৰ লগতো তেওঁ একেখিনি কামেই সংঘটিত কৰিছিল ৷

প্ৰশ্ন- সেইসকল দুমুখীয়া মানুহ সম্পৰ্কে আপোনাৰ মন্তব্য কি যি সকলে এফালে গান্ধীজীক বেয়াকৈ সমালোচনা কৰে আৰু আনফালে মানুহক দেখুৱাই তেওঁৰ নামো লয় ?

উত্তৰ- মুখত মুখা এখন পিন্ধি ল'লেই প্ৰকৃত মুখখন লুকুৱাব নোৱাৰি ৷ যিসকলে গান্ধীজীৰ লগত সহমত পোষণ কৰে, এখন মুখা পিন্ধি লৈ তেওঁলোকে নিজৰ প্ৰকৃত মুখখন পাহৰি যায় ৷ সমাজে তেওঁলোকৰ মুখবোৰ চিনি পায়,গতিকে ইয়াৰ বাবে বিশেষ চিন্তা কৰিব লগা নাই ৷ প্ৰত্যেকজন মানুহে যিকোনো বেয়া কামৰ প্ৰথমৰেপৰাই বিৰোধিতা কৰা উচিত ৷ সেইবাবে এজন সাংবাদিকে তেখেতৰ দায়িত্ব সততাৰে পালন কৰি যোৱা উচিত ৷ ইয়ে সমাজখনলৈ এক পৰিৱৰ্তন অনা আৰম্ভ কৰিব ৷

interview of eminent Gandhian Kumar Prashan
Intro:Body:

gg


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.