ETV Bharat / bharat

আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱস

author img

By

Published : Oct 15, 2019, 9:08 PM IST

1947 চনতেই স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ 68.84 শতাংশই গাঁৱত বাস কৰে ৷ 2011 চনৰ লোকপিয়ল মতে,গ্ৰামাঞ্চলৰ মহিলাৰ সাক্ষৰতাৰ হাৰ মাত্ৰ 58.8 শতাংশ ৷ ৰাষ্ট্ৰসংঘৰ এক অধ্যয়ন অনুসৰি,2050 বৰ্ষলৈ ভাৰতত বিশ্বৰ সৰ্বাধিক গ্ৰামাঞ্চলৰ বাসিন্দা থাকিব ৷ ভাৰতীয় জনজীৱনক ভাৰাক্ৰান্ত কৰি থকা কেতবোৰ ৰাজনৈতিক,সামাজিক,অৰ্থনৈতিক কাৰকে এতিয়াও ক্ৰিয়া কৰি আছে ৷ নাৰীৰ বিৰুদ্ধে অপৰাধ,দুৰ্নীতি,আমোলাতন্ত্ৰৰ গাফিলতি,স্বজন-তোষণ আদিয়ে ভাৰতক ক্ষতি কৰি আহিছে ৷

দেশৰ উন্নয়নত গ্ৰামাঞ্চলৰ মহিলাৰ অৱদান তাৎপৰ্যপূৰ্ণ

আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱস- 15 অক্টোবৰ

পোন প্ৰথমবাৰৰ বাবে "আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱস" 2008 চনৰ 15 অক্টোবৰত পালন কৰা হৈছিল ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 2007 চনৰ ডিচেম্বৰ মাহত কৃষি আৰু গ্ৰাম্য উন্নয়ন বৃদ্ধি,গ্ৰাম্য দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু খাদ্য নিৰাপত্তা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা গ্ৰামাঞ্চলৰ মহিলাসকলৰ নামত এই দিৱস উদযাপন কৰাৰ সংকল্প লয় ৷

এই কাৰ্যসূচীৰ কেইটামান গুৰুত্বপূৰ্ণ লক্ষ্যঃ
1. গ্ৰামাঞ্চলৰ মহিলাসকলৰ উন্নয়নৰ বাবে এক পৰিৱেশৰ সৃষ্টি কৰা,মহিলাসকলৰ প্ৰয়োজন,অগ্ৰাধিকাৰ,বৰঙণি সন্দৰ্ভত বিশেষ মনোযোগ প্ৰদান কৰা ৷
2. গ্ৰামাঞ্চলৰ মহিলাসকলৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক সবলীকৰণ আৰু সকলো প্ৰকাৰৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সম্পূৰ্ণ আৰু সমান অংশগ্ৰহণ সম্পন্ন কৰা ৷
3. গ্ৰামাঞ্চলৰ মহিলাসকলৰ স্বাস্থ্য সম্পৰ্কে বিশেষ যতন লোৱা ৷ মহিলাসকলৰ গ্ৰামাঞ্চলত সম্ভৱ হ'ব পৰাকৈ উচ্চ পৰ্যায়ৰ স্বাস্থ্যৰ যতন লোৱা ৷ প্ৰজনন,যৌন স্বাস্থ্য,পৰিয়াল পৰিকল্পনা,জৰুৰীকালীন যতন ইত্যাদি সম্পৰ্কত মহিলাসকলক সজাগ কৰি তোলা ৷
4. লিংগ ৰক্ষণশীলতা আৰু লিংগ বৈষম্য আতৰাবলৈ গ্ৰামাঞ্চলৰ মহিলাসকলক লিংগ সংবেদনশীল শিক্ষা প্ৰদান কৰা ৷

ঘাই বিষয়বস্তুঃ
2018 - গ্ৰামাঞ্চলৰ মহিলা আৰু ছোৱালীবোৰক নাৰী সবলীকৰণ আৰু লিংগ সমানতাৰ বাবে সামাজিক নিৰাপত্তা,বহনক্ষম আন্তঃগাঁথনি,সেৱা প্ৰদান কৰা ৷
2019 -গ্ৰামাঞ্চলৰ মহিলা আৰু ছোৱালীবোৰৰ জলবায়ু স্থিতিস্থাপকতা গঠন ৷


ৰাষ্ট্ৰসংঘৰ মতে এই সম্পৰ্কত কিছু তথ্য আৰু বৈশিষ্ট্যঃ

দৰিদ্ৰতা আৰু ক্ষুধাঃ

দৰিদ্ৰতা আৰু ক্ষুধাৰ ক্ষেত্ৰত লিংগ অসমানতাই প্ৰভাৱ বিস্তাৰ কৰে ৷ ভোকাতুৰৰ ভিতৰত 60 শতাংশই মহিলা আৰু ছোৱালী ৷ উন্নয়নশীল দেশবোৰত কৃষিক্ষেত্ৰৰ 43 শতাংশ শ্ৰমিকেই মহিলা ৷ এওঁলোকক পুৰুষৰ সমানে সুবিধা প্ৰদান কৰিলে কৃষিক্ষেত্ৰৰ উৎপাদন ক্ষমতা বৃদ্ধি পাব ৷ বিশ্বত ভোকাতুৰৰ শতাংশ 12-17 শতাংশলৈ হ্ৰাস হৈ পৰিব ৷

শিক্ষা ঃ
বিশ্বৰ 796 মিলিয়ন অশিক্ষিত ব্যক্তিৰ ভিতৰত দুই-তৃতীয়াংশই মহিলা ৷ এক গোলকীয় সমীক্ষামতে,গ্ৰামাঞ্চলৰ মহিলাৰ মাত্ৰ 39 শতাংশইহে মাধ্যমিক শিক্ষাৰ পৰ্যায় পায় ৷

নিয়োগ-মজুৰিৰ বাবে বেছিভাগ দেশতেই গ্ৰামাঞ্চলত মহিলাসকলে ঋতুগত,অংশকালীন,কম মজুৰিৰ কাম পুৰুষতকৈ অধিক কৰে ৷ মহিলাসকলে একে কামৰ বাবে পুৰুষতকৈ কম মজুৰি লাভ কৰে ৷

মাতৃকালীন স্বাস্থ্য - 1990 আৰু 2008 ৰ ভিতৰত গৰ্ভাৱস্থাত প্ৰসৱৰ পূৰ্বে এবাৰকৈ হ'লেও যতন পোৱা গ্ৰামাঞ্চলৰ মহিলাৰ সংখ্যা 55 ৰ পৰা 66 লৈ বৃদ্ধি পায় ৷

এইডছৰ সংক্ৰমণ সম্পৰ্কে গ্ৰামাঞ্চলৰ মহিলাসকলে চহৰৰ মহিলাসকলৰ তুলনাত কমকৈ জানে ৷ বলিভিয়া,ইজিপ্ত,ইণ্ডোনেছিয়া আৰু ভাৰতত এই পাৰ্থক্য চিন্তনীয় ৷


পৰিৱেশ বহনক্ষমতা - 2008 চনত গ্ৰামাঞ্চলত থকা 743 মিলিয়ন লোকে অনুন্নত খোৱাপানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰে ৷ এইক্ষেত্ৰত চহৰত বাস কৰা লোকৰ সংখ্যা 141 মিলিয়নহে ৷

ভাৰতৰ গ্ৰামাঞ্চলৰ মহিলা ঃ

1947 চনতেই স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ 68.84 শতাংশই গাঁৱত বাস কৰে ৷ 2011 চনৰ লোকপিয়ল মতে,গ্ৰামাঞ্চলৰ মহিলাৰ সাক্ষৰতাৰ হাৰ মাত্ৰ 58.8 শতাংশ ৷ ৰাষ্ট্ৰসংঘৰ এক অধ্যয়ন অনুসৰি, 2050 বৰ্ষলৈ ভাৰতত বিশ্বৰ সৰ্বাধিক গ্ৰামাঞ্চলৰ বাসিন্দা থাকিব ৷ ভাৰতীয় জনজীৱনক ভাৰাক্ৰান্ত কৰি থকা কেতবোৰ ৰাজনৈতিক,সামাজিক,অৰ্থনৈতিক কাৰকে এতিয়াও ক্ৰিয়া কৰি আছে ৷ নাৰীৰ বিৰুদ্ধে অপৰাধ, দুৰ্নীতি,আমোলাতন্ত্ৰৰ গাফিলতি,স্বজন-তোষণ আদিয়ে ভাৰতক ক্ষতি কৰি আহিছে ৷


ভাৰতীয় গ্ৰামাঞ্চলৰ কিছুমান মূখ্য সমস্যা ঃ
ভাৰতবৰ্ষত নাৰীক দেৱী বুলি পূজা কৰা হয় ৷ যাৰ আশীৰ্বাদ অবিহনে ভক্ত আধৰুৱা ৷ কিন্তু ভাৰতবৰ্ষতেই সম্প্ৰতি প্ৰতিদিনে নাৰীৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা বৃদ্ধি হৈ আছে ৷ ভাৰতবৰ্ষত গাৰ্হস্থ্য হিংসাৰ প্ৰকোপো যথেষ্ট ৷ ভাৰতবৰ্ষত যৌতুকজনিত হত্যাৰ সংখ্যাও বেছি ৷

ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলত মহিলাসকল পুৰুষসকলৰ তুলনাত কম সাক্ষৰ ৷ কন্যা শিশুক প্ৰতিপালন বা শিক্ষাদানৰ ক্ষেত্ৰত পৰিয়ালত সদায়ে এক ঋণাত্মক ধাৰণা লোৱা হৈ আহিছে ৷ শিক্ষাৰ ক্ষেত্ৰত নাৰী শিক্ষকৰ সংখ্যাও কম ৷ ছোৱালীবোৰক নিজৰ শিক্ষা-দীক্ষাতকৈ ঘৰৰ কাম বা ভায়েকৰ প্ৰতিপালনতহে নিয়োজিত হ'বলৈ বাধ্য কৰোৱা হয় ৷ ভাৰতৰ গ্ৰামাঞ্চলত আধাতে বিদ্যালয় এৰা ছাত্ৰীৰ হাৰ অতি উদ্বেগজনক ৷

গ্ৰামাঞ্চলৰ মহিলাসকলৰ দৰিদ্ৰতা কেৱল অৰ্থনৈতিক ক্ষেত্ৰতেই নহয়. তথ্য বাতৰিৰ ক্ষেত্ৰতো ই বিদ্যমান ৷

ভাৰতবৰ্ষত কন্যা শিশুসকলৰ ক্ষেত্ৰত বাল্য বিবাহৰ হাৰো অধিক ৷ ইয়াৰ আঁৰত ভাৰতীয় সমাজৰ লিংগ অসংবেদনশীলতা বিদ্যমান ৷ UNICEF য়ে বাল্যবিবাহক শিশুৰ অধিকাৰ খৰ্বকাৰী বুলি কৈছে ৷ কম বয়সতে গৰ্ভৱতী হোৱা বাবে এই কন্যাসকলৰ স্বাস্থ্যৰো অৱনতি হয় ৷ UNICEFৰ 2012 চনত দিয়া তথ্য অনুসৰি 23 মিলিয়ন কন্যাই এই সমস্যাৰ সম্মুখীন হৈছে ৷


মহিলাৰ গৰ্ভাৱস্থাৰ সময়ত উপযুক্ত খাদ্যাভাস আৰু চিকিৎসাৰ অভাৱৰ বাবে প্ৰসৱকালত মহিলাৰ মৃত্যুৰ সংখ্যাও বহুত ৷ লিংগ বৈষম্য,ৰোগৰ উচ্চ হাৰ, চিকিৎসা সুবিধাৰ অভাৱ আদিও ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলৰ প্ৰধান সমস্যা হৈ দেখা দি আহিছে ৷


ভাৰতবৰ্ষত গ্ৰামাঞ্চলৰ মহিলাসকলৰ উন্নতিৰ বাবে চৰকাৰে লোৱা আঁচনিসমূহ ঃ

গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে 2005 চনত আৰম্ভ হোৱা চৰকাৰী আঁচনি এমএনৰেগাৰ জৰিয়তে মহিলাসকলৰ লাভ হোৱাৰ কথা উল্লেখ কৰিব পাৰি ৷

1. এমএনৰেগাৰ শ্ৰমিকসকলৰ ভিতৰত প্ৰায় 45 শতাংশই মহিলা ৷ এয়া এই মহিলাসকলৰ বাবে প্ৰথম নগদ উপাৰ্জন হ'ব পাৰে ৷

2. এক গুণগত অধ্যয়নৰ জৰিয়তে এমএনৰেগা আঁচনিৰ মহিলা শ্ৰমিকসকলৰ মাজত গাৰ্হস্থ্য,আত্ম-নিয়োজন আদিৰ ক্ষেত্ৰত বৈশিষ্ট্যপূৰ্ণ উন্নতি দেখিবলৈ পোৱা গৈছে ৷

3. 2011-12 চনত হাতত নগদ ধন থকা মহিলাৰ সংখ্যা 93 শতাংশলৈ বৃদ্ধি হৈছে ৷

4. নিজাকৈ বেংক একাউন্ট থকা মহিলাৰ সংখ্যাও 2011-12 চনত 49 শতাংশলৈ বৃদ্ধি পায় ৷

5. গ্ৰামাঞ্চলত গৃহিনী মহিলাৰ মাজত চিকিৎসা সেৱা লাভ কৰাৰ সংখ্যাও পূৰ্বৰ 66 শতাংশৰ পৰা 80 শতাংশলৈ বৃদ্ধি হয় ৷

6. 2011-2012 চনত এমএনৰেগা আঁচনিৰ অধীনত কাম কৰা বেছিভাগ গৃহিনীয়ে অকলে চিকিৎসা কেন্দ্ৰলৈ গৈ চিকিৎসা সেৱা গ্ৰহণ কৰাৰ সক্ষমতা অৰ্জন কৰে ৷

7. এমএনৰেগা আঁচনিত কাম কৰা মহিলাসকলে 2004-05 চনলৈ নিজাকৈ উপাৰ্জনৰ কোনো সুযোগ পোৱা নাছিল ৷ কিন্তু এই আঁচনিয়ে গ্ৰামাঞ্চলৰ মহিলাসকলক এই সুবিধা প্ৰদান কৰে ৷

Intro:Body:

RURAL WOMEN DAY


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.