ETV Bharat / bharat

আজি বিশ্ব দৰিদ্ৰ নিবাৰণ দিৱস

author img

By

Published : Oct 17, 2019, 7:39 PM IST

Updated : Oct 17, 2019, 7:46 PM IST

আজি সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব দৰিদ্ৰতা নিবাৰণ দিৱস ৷ 1992 চনৰে পৰা আজিৰ দিনটো বিশ্ব দৰিদ্ৰতা নিবাৰণ দিৱসৰূপে পালন কৰা হয় ৷ শিশু সবলীকৰণ হৈছে এইবাৰৰ বিষয়বস্তু !

বিশ্ব দৰিদ্ৰ নিৱাৰণ দিৱস

নিউজ ডেস্ক, 17 অক্টোবৰ : আজি সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব দৰিদ্ৰতা নিবাৰণ দিৱস ৷ বিশ্বত দৰিদ্ৰতা নিৰ্মূলকৰণৰ উদ্দেশ্যে আজিৰ দিনটো বিশ্ব দৰিদ্ৰ নিৰ্মূলকৰণ দিৱস হিচাপে পালন কৰা হয় ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সম্পাদক এন্টিনিও গুটৰেসৰ মতে, " দৰিদ্ৰতা অপৰিহাৰ্য,সকলো লোককে আমি সমানে ক্ষমতা প্ৰদান কৰিব লাগিব,তেতিয়াহে দৰিদ্ৰতা নিৰ্মূলকৰণ সম্ভৱ ৷

International Day for eradication of poverty
ৰাষ্ট্ৰসংঘ

বিশ্ব দৰিদ্ৰ নিবাৰণ দিৱসৰ ইতিহাস :

1992 চনৰে পৰা আজিৰ দিনটো বিশ্ব দৰিদ্ৰতা নিবাৰণ দিৱসৰূপে পালন কৰা হয় ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 17 অক্টোবৰৰ দিনটোক বিশ্ব দৰিদ্ৰতা নিবাৰণ দিৱস হিচাপে ঘোষণা কৰে ৷ বিশ্বৰ আটাইকেইখনৰ দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰাৰ উদ্দেশ্যে পালন কৰা হয় আজিৰ দিনটো ৷

1948 চনত সমগ্ৰ বিশ্বজুৰি ভয়াৱহ ৰূপত দেখা দিছিল দৰিদ্ৰতা ৷ ভয়াৱহ দৰিদ্ৰতাৰ ভুক্তভোগী সকলক সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে প্ৰায় 1 লাখ লোকে পেৰিছ চহৰৰ ট্ৰকেডৰোত সমবেত হৈছিল ৷ ইয়াৰ পাচতেই ৰাষ্ট্ৰসংঘই দৰিদ্ৰতাক মানৱ অধিকাৰ ভংগৰ লগত তুলনা কৰি বিশ্বৰ বকুৰ পৰা দৰিদ্ৰতা নিৰ্মূলকৰণৰ চিন্তা-চৰ্চা কৰে ৷

International Day for eradication of poverty
ভোকাতুৰ শিশু

2019ৰ বিষয়বস্তু :

প্ৰত্যেক বছৰৰ দৰে এই বছৰো এক নিৰ্দিষ্ট বিষয়বস্তুলৈ পালন কৰা হৈছে দৰিদ্ৰতা নিবাৰণ দিৱস ৷ শিশু সবলীকৰণৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে ৷ দৰিদ্ৰতাই শিশুৰ বিকাশত যথেষ্ট পৰিমাণে বাধা আৰোপ কৰে ৷ দৰিদ্ৰতাই শিশুৰ অধিকাৰ সমূহৰ প্ৰতি থকা সজাগতা হ্ৰাস কৰে ৷ সেয়ে বিশ্বৰ বুকুৰ পৰা শিশুক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে এইবাৰৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰা হৈছে ৷

International Day for eradication of poverty
শিশু দৰিদ্ৰতা ভাৰত

দৰিদ্ৰতা আৰু বিশ্ব :

বিশ্ব বেংকৰ সংজ্ঞা অনুসৰি, যিসকল লোক প্ৰতিদিনে মাৰ্কিন ডলাৰৰ হিচাপত গড়ে $ 1.90 ত কৈ কম উপাৰ্জন কৰে তেওঁলোক অতিপাত দৰিদ্ৰ বুলি ধৰা হয় ৷ কিন্তু এইবোৰৰ উপৰিও দৰিদ্ৰতাই সম্প্ৰতি ক্ষুধা,বাসস্থানৰ অভাৱ,শিক্ষাৰ অভাৱ আদি বিষয়বস্তুক সামৰি লৈছে ৷ এক সমীক্ষা অনুসৰি 2015 চনত বিশ্বৰ মুঠ জনসংখ্যৰ প্ৰায় 10 শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰিছিল ৷ ইয়াৰ উপৰিও 736 মিলিয়ন লোক প্ৰতিদনে $ 1.90 তকৈ তলত উপাৰ্জন কৰি আহিছে ৷ যদিহে অনতিপলমে সমগ্ৰ বিশ্বৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰা নহয় তেন্তে 2030 চনত আফ্ৰিকা মহাদেশৰ 10 জন লোকৰ 9 জনে লোকে অতিপাত দৰিদ্ৰতাত বসবাস কৰিব ৷

International Day for eradication of poverty
শিশু দৰিদ্ৰতা আফ্ৰিকা


দ্ৰৰিদ্ৰতা আৰু ভাৰত :

ভাৰতবৰ্ষৰ ক্ষেত্ৰত দৰিদ্ৰতা উন্নয়নৰ ক্ষেত্ৰত এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে ৷ এইক্ষেত্ৰত চলিত চৰকাৰখনেই হওক বা বিগত চৰকাৰ বোৰেই হওক বিভিন্ন পদক্ষেপ হাতত লোৱা দেখা গৈছে ৷ কিন্তু দৰিদ্ৰতা নিৰ্মূলকৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই কোনো এখন চৰকাৰ ৷ এইক্ষেত্ৰত কিছু কাৰণ নথকা নহয় ৷ ভাৰতবৰ্ষৰ ক্ৰমাৎ বৃদ্ধি পোৱা জনসংখ্যা আৰু সেই অনুপাতে কৰ্মসংস্থাপনৰ অভাৱ দৰিদ্ৰতাৰ এক অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে ৷ এক সমীক্ষা অনুসৰি 1970-80 চনত দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় 50 শতাংশ লোকেই আছিল দৰিদ্ৰ ৷ এইক্ষেত্ৰত সামাজিক আৰু অৰ্থনৈতিক কাৰক নিহিত হৈ আছে ৷ CPRC ৰ সমীক্ষা অনুসৰি ভাৰতবৰ্ষত দৰিদ্ৰতা অতীজৰে পৰা আৰু বংশানুক্ৰমিক হৈ পৰিছে ৷ বিশ্ব বেংকৰ সমীক্ষা অনুসৰি 2005-11 চনলৈ দেশৰ 40 শতাংশ লোকেই দুখীয়া ৷ কিন্তু UNDP আৰু OPHI ৰ প্ৰতিবেদন অনুসৰি বিগত দহ বছৰত দৰিদ্ৰ লোকৰ অনুপাত কিছু পৰিমাণে হ্ৰাস পাইছে ৷

International Day for eradication of poverty
শিশুৰ দৰিদ্ৰতা ভাৰত

দ্ৰৰিদ্ৰতা নিবাৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষত গ্ৰহণ কৰা কিছু চৰকাৰী আঁচনি :

পূৰ্বতে উল্লেখ কৰাৰ দৰে দ্ৰৰিদ্ৰতা নিবাৰণৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ এইক্ষেত্ৰত উল্লেখনীয় কিছু আঁচনি হ'ল-

প্ৰধানমন্ত্ৰী জন ধন যোজনা : এই আঁচনিৰ জৰিয়তে প্ৰায় 29.43 কোটি টকা বেংক একাউণ্ট খোলা হৈছে ৷ 532.77 কোটি জমা কৰা হৈছে বেংক একাউন্টত ৷ বেংক মিত্ৰসকলে নতুন শাখা খোলাৰ ক্ষেত্ৰত সদায় ব্যস্তু হৈ থকা দেখা যায় ৷

International Day for eradication of poverty
আয়ুষ্মান ভাৰত

আয়ুষ্মান ভাৰত আঁচনি : এই আঁচনিৰ জৰিয়তে দুখীয়া লোকক সকলক চৰকাৰে চিকিৎসা সেৱা প্ৰদান কৰি আহিছে ৷

IRDP : 1978-79 চনৰ বিত্তীয় বৰ্ষত এই আঁচনিখন গ্ৰহণ কৰা হৈছিল ৷ ইয়াৰ জৰিয়তে গ্ৰাম্য অঞ্চলত কৰ্মসংস্থানৰ বাবে ৰাজ সাহায্যযুক্ত ঋণ প্ৰদান কৰা হয় ৷ ইয়াৰ উপৰিও কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত জৱাহৰ ৰোজগাৰ যোজনা,জৱাহৰ গ্ৰাম সমৃদ্ধি যোজনা আদি অন্যতম ৷

International Day for eradication of poverty
শিশু দৰিদ্ৰতা

ভাৰতবৰ্ষ সম্প্ৰতি দৰিদ্ৰ নিৰ্মূলকৰণৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে যদিও এতিয়াও বহুত বাকী ৷ এতিয়া গাঁওৰ দুখীয়া ৰাইজ তথা উদীয়মান যুৱকে যাতে উপযুক্ত কৰ্মসংস্থাপন পায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে ৷ বিশেষকৈ শিক্ষা,কৰিকৰী শিক্ষাৰ জৰিয়তে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব লাগে ৷ তেতিয়াহে ভাৰতবৰ্ষৰ বুকুৰ পৰা দৰিদ্ৰতা হ্ৰাস পাব ৷

International Day for eradication of poverty
বিশ্বত শিশু দৰিদ্ৰতা
আজি বিশ্ব দৰিদ্ৰ নিৱাৰণ দিৱস


নিউজ ডেস্ক, 17 অক্টোবৰ : আজি সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে  বিশ্ব দৰিদ্ৰতা নিৱাৰণ দিৱস ৷ বিশ্বত দৰিদ্ৰতা নিৰ্মূলকৰণৰ উদ্দেশ্যে আজিৰ দিনটো বিশ্ব দৰিদ্ৰ নিৰ্মূলকৰণ দিৱস হিচাপে পালন কৰা হয় ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সম্পাদক এন্টিনিও গুটৰেসৰ মতে, " দৰিদ্ৰতা অপৰিহাৰ্য, সকলো লোককে আমি সমানে ক্ষমতা প্ৰদান কৰিব লাগিব, তেতিয়াহে দৰিদ্ৰতা নিৰ্মূলকৰণ সম্ভৱ ৷

বিশ্ব দৰিদ্ৰ নিৱাৰণ দিৱসৰ ইতিহাস :

 1992 চনৰে পৰা আজিৰ দিনটো বিশ্ব দৰিদ্ৰতা নিৱাৰণ দিৱসৰূপে পালন কৰা হয় ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 17 অক্টোবৰৰ দিনটোক  বিশ্ব দৰিদ্ৰতা নিৱাৰণ দিৱস হিচাপে ঘোষণা কৰে ৷ বিশ্বৰ আটাইকেইখনৰ দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰাৰ উদ্দেশ্যে পালন কৰা হয় আজিৰ দিনটো ৷

1948 চনত সমগ্ৰ বিশ্বজুৰি ৰূপত দেখা দিছিল ভয়াৱহ দৰিদ্ৰতা ৷  ভয়াৱহ দৰিদ্ৰতাৰ ভুক্তভোগী সকলক সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে প্ৰায় 1 লাখ লোকে পেৰিছ চহৰৰ ট্ৰকেডৰোত সমবেত হৈছিল ৷ ইয়াৰ পাচতেই ৰাষ্ট্ৰসংঘই দৰিদ্ৰতাক মানৱ অধিকাৰ ভংগৰ লগত তুলনা কৰি বিশ্বৰ বকুৰ পৰা দৰিদ্ৰতা নিৰ্মূলকৰণৰ চিন্তা-চৰ্চা কৰে ৷


2019 ৰ বিষয়বস্তু :

প্ৰত্যেক বছৰৰ দৰে এই বছৰো এক নিৰ্দিষ্ট বিষয়বস্তুলৈ পালন কৰা হৈছে দৰিদ্ৰতা নিৱাৰণ দিৱস ৷ শিশু সৱলীকৰণৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে ৷ দৰিদ্ৰতাই শিশুৰ বিকাশত যথেষ্ট পৰিমাণে বাধা আৰোপ কৰে ৷ দৰিদ্ৰতাই শিশুৰ অধিকাৰ সমূহৰ প্ৰতি থকা সজাগতা হ্ৰাস কৰে ৷ সেয়ে বিশ্বৰ বুকুৰ পৰা শিশুক দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে এইবাৰৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰা হৈছে ৷

দ্ৰৰিদ্ৰতা আৰু বিশ্ব :

বিশ্ব বেংকৰ সংজ্ঞা অনুসৰি, যিসকল লোক প্ৰতিদিনে মাৰ্কিন ডলাৰৰ হিচাপত গড়ে $1.90 ত কৈ কম উপাৰ্জন কৰে তেওঁলোক অতিপাত দৰিদ্ৰ বুলি ধৰা হয় ৷ কিন্তু এইবোৰৰ উপৰিও দৰিদ্ৰতাই সম্প্ৰতি ক্ষুধা, বাসস্থানৰ অভাৱ, শিক্ষাৰ অভাৱ আদি বিষয়বস্তুক সামৰি লৈছে  ৷ এক সমীক্ষা অনুসৰি 2015 চনত বিশ্বৰ মুঠ জনসংখ্যৰ প্ৰায় 10 শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰিছিল ৷ ইয়াৰ উপৰিও 736 মিলিয়ন লোক প্ৰতিদনে $ 1.90 তকৈ তলত উপাৰ্জন কৰি আহিছে ৷ যদিহে অনতিপলমে সমগ্ৰ বিশ্বৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰা নহয় তেন্তে 2030 চনত আফ্ৰিকা মহাদেশৰ 10 জন লোকৰ 9 জনে লোকে অতিপাত দৰিদ্ৰতাত বসবাস কৰিব ৷


দ্ৰৰিদ্ৰতা আৰু ভাৰত :

ভাৰতবৰ্ষৰ ক্ষেত্ৰত দৰিদ্ৰতা উন্নয়নৰ ক্ষেত্ৰত এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে ৷ এইক্ষেত্ৰত চলিত চৰকাৰখনেই হওক বা বিগত চৰকাৰ বোৰেই হওক বিভিন্ন পদক্ষেপ হাতত লোৱা দেখা গৈছে ৷ কিন্তু দৰিদ্ৰতা নিৰ্মূলকৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই কোনো এখন চৰকাৰ ৷ এইক্ষেত্ৰত কিছু কাৰণ নথকা নহয় ৷ ভাৰতবৰ্ষৰ ক্ৰমাৎ বৃদ্ধি পোৱা জনসংখ্যা আৰু সেই অনুপাতে কৰ্মসংস্থাপনৰ অভাৱ দৰিদ্ৰতাৰ এক অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে ৷ এক সমীক্ষা অনুসৰি 1970-80 চনত দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় 50 শতাংশ লোকেই আছিল দৰিদ্ৰ ৷ এইক্ষেত্ৰত  সামাজিক আৰু অৰ্থনৈতিক কাৰক নিহিত হৈ আছে ৷ CPRC ৰ সমীক্ষা অনুসৰি ভাৰতবৰ্ষত দৰিদ্ৰতা অতীজৰে পৰা আৰু বংশানুক্ৰমিক হৈ পৰিছে ৷ বিশ্ব বেংকৰ সমীক্ষা অনুসৰি 2005-11 চনলৈ দেশৰ 40 শতাংশ লোকেই দুখীয়া ৷ কিন্তু UNDP আৰু OPHI ৰ প্ৰতিবেদন অনুসৰি বিগত দহ বছৰত দৰিদ্ৰ লোকৰ অনুপাত কিছু পৰিমাণে হ্ৰাস পাইছে ৷

দ্ৰৰিদ্ৰতা নিৱাৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষত গ্ৰহণ কৰা কিছু চৰকাৰী আঁচনি :
 
পূৰ্বতে উল্লেখ কৰাৰ দৰে দ্ৰৰিদ্ৰতা নিৱাৰণৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ এইক্ষেত্ৰত উল্লেখনীয় কিছু আঁচনি হ'ল-  

প্ৰধানমন্ত্ৰী জন ধন যোঁজনা : এই আঁচনিৰ জৰিয়তে প্ৰায় 29.43 কোটি টকা বেংক একাউণ্ট খোলা হৈছে ৷ 532.77 কোটি জমা কৰা হৈছে বেংক একাউন্টত ৷ বেংক মিত্ৰসকলে নতুন শাখা খোলাৰ ক্ষেত্ৰত সদায় ব্যস্তু হৈ থকা দেখা যায় ৷

আয়ুসমান ভাৰত আঁচনি : এই আঁচনিৰ জৰিয়তে দুখীয়া লোকক সকলক চৰকাৰে চিকিৎসা সেৱা প্ৰদান কৰি আহিছে ৷

IRDP : 1978-79 চনৰ বিত্তীয় বৰ্ষত এই আঁচনিখন গ্ৰহণ কৰা হৈছিল ৷ ইয়াৰ জৰিয়তে গ্ৰাম্য অঞ্চলত কৰ্মসংস্থানৰ বাবে ৰাজসাহায্যযুক্ত ঋন প্ৰদান কৰা হয় ৷ ইয়াৰ উপৰিও কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত জৱাহাৰ ৰোজগাৰ যোঁজনা, জৱাহাৰ গ্ৰাম সমৃদ্ধি যোঁজনা আদি অন্যতম ৷

ভাৰতবৰ্ষ সম্প্ৰতি দৰিদ্ৰ নিৰ্মূলকৰণৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে যদিও এতিয়াও বহুত বাকী ৷ এতিয়া গাঁওৰ দুখীয়া ৰাইজ তথা উদীয়মান যুৱকে যাতে উপযুক্ত কৰ্মসংস্থাপন পায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে ৷ বিশেষকৈ শিক্ষা,কাৰিকৰী শিক্ষাৰ জৰিয়তে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব লাগে ৷ তেতিয়াহে ভাৰতবৰ্ষৰ বুকুৰ পৰা দৰিদ্ৰতা হ্ৰাস পাব ৷






Last Updated : Oct 17, 2019, 7:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.