ETV Bharat / bharat

7 জানুৱাৰীৰ পৰা উত্তৰ ভাৰতত বৃদ্ধি পাব শীত প্ৰকোপ !

author img

By

Published : Dec 31, 2020, 6:58 PM IST

7 জানুৱাৰীৰ পৰা উত্তৰ ভাৰতত তীব্ৰ হৈ পৰিব শীত প্ৰবাহ
7 জানুৱাৰীৰ পৰা উত্তৰ ভাৰতত তীব্ৰ হৈ পৰিব শীত প্ৰবাহ

উত্তৰ ভাৰতত শীত প্ৰবাহ 2 জানুৱাৰীলৈ অব্যাহত থাকিব আৰু আগন্তুক সপ্তাহত ইয়াৰ প্ৰকোপ অধিক তীব্ৰ হৈ পৰিব ৷ বৃহস্পতিবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰে এই তথ্য ৷

নেশ্যনেল ডেস্ক, 31 ডিচেম্বৰ : বৃহস্পতিবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰা অনুসৰি, উত্তৰ ভাৰতত শীত প্ৰবাহ 2 জানুৱাৰীলৈ অব্যাহত থাকিব আৰু আগন্তুক সপ্তাহত ইয়াৰ প্ৰভাৱ অধিক তীব্ৰ হৈ পৰিব ৷

বতৰ বিজ্ঞান কেন্দ্ৰই 2 জানুৱাৰীৰ পৰা 6 জানুৱাৰীৰ মাজত পূৱ ৰাজস্থান, দিল্লী, পশ্চিম উত্তৰ প্ৰদেশ, পাঞ্জাৱ আৰু হাৰিয়ানাত কম পৰিমাণৰ বৰষুণ হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে ৷ বিভাগটোৰ জ্যেষ্ঠ বিজ্ঞানী আৰ.কে জেনামানিয়ে উল্লেখ কৰে এই তথ্য ৷

ইয়াৰ মাজতে বৃহস্পতিবাৰে চফদৰজংগত অবজাৰভেটৰীত ন্যূনতম তাপমান 3.3 ডিগ্ৰী চেলচিয়াছ হোৱা বুলি প্ৰতিবেদন পোৱা গৈছে ৷ সংবাদ মাদ্যমক সম্বোধন কৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ আঞ্চলিক প্ৰধান কুলদ্বীপ শ্ৰীবাস্তৱে উল্লেখ কৰা অনুসৰি, "12 ডিচেম্বৰৰ পাচত পশ্চিম হিমালয় অঞ্চলত অধিক প্ৰভাৱ পৰিছিল ৷ যি জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ ব্যাপক তুষাৰপাত আৰু বৃষ্টিপাতৰ কাৰণ আছিল ৷ জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ পৰা পশ্চিমীয়া বতাহ দিল্লী অভিমুখে ৰাওনা হৈছে ৷"

"পাঞ্জাৱ আৰু হাৰিয়ানাৰ কুঁৱলীয়ে দিল্লীৰ দিশে আগবঢ়া বতাহৰ শীতলতাক অধিক কৰিছে" বুলিও উল্লেখ কৰে শ্ৰীবাস্তৱে ৷

লগতে পঢ়ক: ২০২১ চনতো মহামাৰীৰ বিৰুদ্ধে সাৱধনতা অৱলম্বন কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.