ETV Bharat / bharat

হামাৰ মিছাইল সংলগ্ন কৰি ৰাফেল যুদ্ধ বিমানৰ ক্ষমতা বৃদ্ধিৰে ভাৰত

author img

By

Published : Jul 23, 2020, 10:14 PM IST

India to boost Rafale capabilities with HAMMER missiles under emergency order
হামাৰ মিচাইল সংলগ্ন কৰি ৰাফেল যুদ্ধ বিমানৰ ক্ষমতা বৃদ্ধিৰে ভাৰত

ফ্ৰাঞ্চৰ হামাৰ মিছাইল সংলগ্ন কৰি যুদ্ধ বিমান ৰাফেলৰ ক্ষমতা অধিক বৃদ্ধি কৰিলে ভাৰতে । হামাৰ( Highly Agile Modular Munition Extended Range) হৈছে এক মধ্যমীয়া পৰ্যায়ৰ এয়াৰ টু গ্ৰাউণ্ড মিছাইল যাক প্ৰথমে ফ্ৰাঞ্চৰ নৌ সেনা আৰু বায়ু সেনাৰ বাবে তৈয়াৰ কৰা হৈছিল ।

নিউজ ডেস্ক,২৩ জুলাই: চীনৰ সৈতে সীমা বিবাদৰ সমান্তৰালকৈ ভাৰতত ৰাফেল আহি পোৱাৰ পিছতে ভাৰতীয় বায়ু সেনাই ফ্ৰাঞ্চৰ হামাৰ মিছাইলৰ লগত সংলগ্ন কৰি বায়ু সেনাৰ যুদ্ধ বিমানৰ ক্ষমতা অধিক কৰি তোলাৰ পৰিকল্পনা বাস্তৱ হোৱাৰ দিশত ।

India to boost Rafale capabilities with HAMMER missiles under emergency order
হামাৰ মিচাইল সংলগ্ন কৰি ৰাফেল যুদ্ধ বিমানৰ ক্ষমতা বৃদ্ধিৰে ভাৰত

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ দ্বাৰা সশস্ত্ৰ বাহিনীক জৰুৰী শক্তিৰ অধীনত সীমাৰ প্ৰায় ৬০-৭০ কিল'মিটাৰ দূৰত্বলৈকে যিকোনো লক্ষ ভেদিবৰ বাবে অধিক ক্ষমতা সম্পন্ন হামাৰ মিছাইলক ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল ।

চৰকাৰী এক সূত্ৰৰ পৰা জানিব পৰা মতে, হামাৰ মিছাইলৰ বাবে দিয়া নিৰ্দেশনা শীঘ্ৰেই কাৰ্যকৰী কৰাৰ লগতে ৰাফেল যুদ্ধ বিমানত হামাৰ সংলগ্ন কৰিবৰ বাবে অতি কম সময়তে ভাৰত চৰকাৰে দিয়া এক বাৰ্তাৰ পিছতে ফ্ৰাঞ্চে যুদ্ধ বিমান ৰাফেল যোগান ধৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল ।

চৰকাৰী সূত্ৰটোৰ মতে ভাৰতীয় বায়ু সেনাক জৰুৰী কালিন ভাৱে যুদ্ধ বিমানৰ প্ৰয়োজন হোৱাৰ বাবে ফ্ৰাঞ্চে অন্য গ্ৰাহকৰ বাবে জমা ৰখাৰ পৰাই ৰাফেল যোগান ধৰিব ।

হামাৰ( Highly Agile Modular Munition Extended Range) হৈছে এক মধ্যমীয়া পৰ্যায়ৰ এয়াৰ টু গ্ৰাউণ্ড মিছাইল যাক প্ৰথমে ফ্ৰাঞ্চৰ নৌ সেনা আৰু বায়ু সেনাৰ বাবে তৈয়াৰ কৰা হৈছিল ।

চৰকাৰী সূত্ৰটোৱে এই কথাও অৱগত কৰিলে যে, হামাৰে লাডাখৰ দৰে পাহাৰীয়া অঞ্চলতো যিকোনো বাংকাৰকে ধৰি শত্ৰুৰ আশ্ৰয় কেন্দ্ৰ বিচাৰি উলিয়াবৰ বাবে সক্ষম ।

ভাৰতীয় বায়ু সেনাৰ এগৰাকী মুখপাত্ৰক এই প্ৰসংগত সোধাত ৰাফেলত হামাৰ মিছাইল সংলগ্ন কৰাৰ সম্পৰ্কীয় খবৰ সমূহ নিশ্চিত কৰিবলৈ মুখপাত্ৰ গৰাকীয়ে অস্বীকাৰ কৰিছিল ।

অহা ২৯ জুলাইত ফ্ৰাঞ্চৰ পৰা ৫খন যুদ্ধ জাহাজ ৰাফেল ভাৰতলৈ প্ৰেৰণ কৰা হ'ব য'ত সংলগ্ন হৈ থাকিব দীৰ্ঘ দূৰত্বলৈকে ভেদিব পৰা স্কেল্প (SCALP) আৰু উল্কা(METEOR) মিছাইলো ।

অহা ২৯জুলাইলৈ ৫খন যুদ্ধ জাহাজ এখন এখনকৈ ভাৰত পাবলৈ আৰম্ভ কৰিব । এই নতুন যুদ্ধ জাহাজত প্ৰথমে 17 Golden Arrowsৰ কমাণ্ডিং অফিচাৰে পাইলটৰ ৰূপত অৱতীৰ্ণ হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.