ETV Bharat / bharat

বিশ্ব ক্ষুধা সূচক 2020 ৰ তালিকাত ভাৰতৰ স্থান 107 খন দেশৰ ভিতৰত 94

author img

By

Published : Oct 18, 2020, 2:34 PM IST

Global Hunger Index 2020 ৰ তথ্য প্ৰকাশ ৷ ভাৰতৰ স্থান 107 খন দেশৰ ভিতৰত 94 ৷

INDIA HUNGER INDEX REPORT 2020, INDIA RANKED 94
বিশ্ব ক্ষুধা সূচক 2020 ৰ তালিকাত ভাৰতৰ স্থান 107 খন দেশৰ ভিতৰত 94

নিউজ ডেস্ক, 18 অক্টোবৰ : Global Hunger Index 2020 ৰ তথ্য অনুসৰি, 107 খন দেশৰ ভিতৰত ভাৰতৰ স্থান 94 ৷ শেহতীয়াকৈ সংস্থাটোৱে প্ৰকাশ কৰিছে প্ৰতিবেদন ৷ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি, 27.2 নম্বৰৰ সৈতে ভাৰতত 14 শতাংশ লোকে পুষ্টিহীনতাত ভুগিব লগা হৈছে ৷

ভাৰতৰ উপৰিও এই স্থানত আছে নেপাল (73), পাকিস্তান (88), বাংলাদেশ (75), ইণ্ডোনেছিয়া (70) স্থানত । ইফালে, 107 খন দেশৰ ভিতৰত, ৰৱাণ্ডা (97), নাইজেৰিয়া (98), আফগানিস্তান (99), লাইবেৰিয়া (102), জাম্বিক (103), চাদ (107) দেশেও স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ সংস্থাটোৰ বিগত বছৰত ভাৰতৰ স্থান 117 খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছিল 102 নম্বৰ ৷ Global Hunger Index হৈছে এক সমীক্ষা ৷ যত দেশীয় স্তৰত ক্ষুধা আৰু দৰিদ্ৰতা সন্দৰ্ভত প্ৰতিবেদন আগবঢ়ায় ৷

আনহাতে, বাংলাদেশ, ভাৰত, নেপাল আৰু পাকিস্তানৰ বাবে 1991 চনৰ পৰা 2014 চনলৈ কৰা তথ্যই প্ৰমাণ কৰিছিল যে, বিভিন্ন প্ৰকাৰৰ বঞ্চনাৰ সন্মুখীন হোৱা পৰিয়ালৰ শিশু সকল যাৰ ভিতৰত আছে দুৰ্বল আহাৰৰ বিবিধতা, মাতৃ শিক্ষাৰ নিম্ন স্তৰ, আৰু ঘৰুৱা দৰিদ্ৰতা আদি ৷

লগতে পঢ়ক : বিলাসীপাৰাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.