ETV Bharat / bharat

1.6 বিলিয়ন পালিৰে ভাৰত বিশ্বৰ ভিতৰত সৰ্বাধিক কৰ‘ণা ভেকচিন ক্ৰয় কৰা দেশ

author img

By

Published : Dec 5, 2020, 3:12 PM IST

ভাৰতে Oxford University-AstraZeneca vaccine ৰ পৰা 500 মিলিয়ন, মাৰ্কিন কোম্পানী Novavaxৰ পৰা 1 বিলিয়ন আৰু ৰাছিয়াৰ গেমালেয়া গৱেষণা প্ৰতিষ্ঠানৰ Sputnik V ৰ পৰা 100 মিলিয়ন ভেকচিন ক্ৰয় কৰিছে ৷

India biggest buyer of COVID-19 vaccine with 1.6 bn doses
1.6 বিলিয়ন পালিৰে ভাৰত বিশ্বৰ ভিতৰত সৰ্বাধিক কৰ‘ণা ভেকচিন ক্ৰয় কৰা দেশ

নেশ্যনেল ডেস্ক,5 ডিচেম্বৰঃ প্ৰায় 1.6 বিলিয়ন পালিৰে ভাৰত হৈছে বিশ্বৰ ভিতৰত সৰ্বাধিক ক’ভিড 19 ভেকচিন ক্ৰয় কৰা দেশ ৷ বিশ্বজুৰি চলোৱা এক সমীক্ষা অনুসৰি, কিছুসংখ্যক বৈজ্ঞানিকে কয় ই 800 মিলিয়ন লোক অৰ্থাৎ ভাৰতৰ জনসংখ্যাৰ 60 শতাংশ লোকক অন্তৰ্ভূক্ত কৰিব ৷

এই 1.6 বিলিয়ন পালিৰ প্ৰথম 500 মিলিয়ন পালি ক’ভিড যোদ্ধা যেনে, স্বাস্থ্যকৰ্মী, চাফাইকৰ্মী, সুৰক্ষাকৰ্মী, আৰু জৰুৰীকালীন সেৱাৰে জড়িত 250 মিলিয়ন লোকক প্ৰদান কৰা হ’ব ৷ লগতে ইয়াত ৰোগী আৰু 65 বছৰৰ উৰ্দ্ধৰ বয়োজ্যেষ্ঠ লোকসকলো অন্তৰ্ভূক্ত কৰা হ’ব ৷

ভাৰতে Oxford University-AstraZeneca vaccineৰ পৰা 500 মিলিয়ন, মাৰ্কিন কোম্পানী Novavaxৰ পৰা 1 বিলিয়ন আৰু ৰাছিয়াৰ গেমালেয়া গৱেষণা প্ৰতিষ্ঠানৰ Sputnik V ৰ পৰা 100 মিলিয়ন ভেকচিন ক্ৰয় কৰিছে ৷

ভাৰতৰ পিছতে 1.58 বিলিয়ন ভেকচিন ক্ৰয়ৰে দ্বিতীয় সৰ্বাধিক ভেকচিন ক্ৰয় কৰা দেশ হ’ল ইউৰোপিয়ান সংঘ ৷ আনহাতে, সৰ্বাধিক ক’ভিড আক্ৰান্ত দেশ হোৱাৰ পিছতো আমেৰিকাই বৰ্তমানলৈকে কেৱল 1 বিলিয়ন পালিহে ক্ৰয় কৰিবলৈ সক্ষম হৈছে ৷ ডিউক বিশ্ববিদ্যালয়ে ক’ভিড 19ৰ ভেকচিন ক্ৰয়ৰ ক্ষেত্ৰত এটি নতুন বৈশ্বিক মূল্যায়ন ধাৰ্য কৰিছে ৷

ডিউকৰ গৱেষকসকলে আৰু কয়, ভাৰত, ব্ৰাজিলৰ দৰে ভেকচিন প্ৰস্তুতকাৰী দেশে ভেকচিন প্ৰস্তুতকাৰী চুক্তিৰ অংশ হিচাপে প্ৰথমে ভেকচিন লাভ কৰিব বুলি বিশ্বৰ আগশাৰীৰ বজাৰৰ সৈতে আলোচনা কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে,বিগত নৱেম্বৰত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে 2021ৰ জুলাই পৰ্যন্ত 250ৰ পৰা 300 মিলিয়ন লোকৰ বাবে 400ৰ পৰা 500 পালি ক’ভিড 19ৰ ভেকচিন উপলব্ধ কৰা হ’ব বুলি মন্তব্য কৰিছিল ৷

লগতে পঢ়ক-শান্তিপূৰ্ণ প্ৰদৰ্শনৰ অধিকাৰ আছে ভাৰতীয় কৃষকৰঃ এন্টনিঅ’ গুটেৰাৰৰ মুখপাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.